পৃষ্ঠা:ফুল.pdf/১৪৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "১৩৭ খুন্দা মাৰিলে। নাও লুটি খাই গ'ল আৰু লগে লগে আৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৬, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩৭ খুন্দা মাৰিলে। নাও লুটি খাই গ'ল আৰু লগে লগে আৰােহী- বিলাকো সেই বিস্তৃত জলৰাশিৰ বিশাল ঢৌৰ লগত মিহলি হৈ মাৰ গ'ল। পাপৰ পৰাচিত হ'ল। এই ঘটনা দেখি পদ্মকাণ্ড চৰগপৰ মানুহৰ দৰে থিয় হৈ চাইয়েই থাকিল। এনেতে আমাৰ পৰিচিত সেই উন্মাদিনী আহি তেওঁৰ ওচৰ চাপিল। তেওঁ পদ্মাৰ কথা-বতৰা সকলােখিনি শুনি আছিল। পদ্মই হঠাৎ তেওঁক দেখি, ক’ৰ পৰা আহিছে সুধিলে। উন্মাদিনীয়ে তাৰ একো উত্তৰ নিদি ক'লে –“বহুত দিন হল মই তােমাক বিচাৰি ফুৰিছিলোঁ। তুমি সােনকালে আই। পদ্ম-ক’লৈ যাব লাগে ? উন্মাদিনী।—“কলৈ যাব লাগে” পাচেও বুজিব, এতিয়া মই বাট দেখুৱাই নিম। পদ্ম-পৰিচয় নাপালে মই তােমাৰ লগত যাব নােৱাৰো। উন্মাদিনী।এজনী তিৰুতা মানুহৰ লগত যাবলৈ ভয় ! পদ্ম।‘কলৈ যাব লাগে তাক নজনাকৈ যােৱা নিতান্ত অবিবেচকৰ কাৰ্য। কি জানি তুমি নিব খােজা ঠাইলৈ যােৱাত মােৰ বাধায়েই আছে। উন্মাদিনী বাৰু, উহী গছৰ ওৰ নাপালে নেৰ। যদি কওঁ না। এতিয়াই এই নৈত এখন নাও বুৰা দেখিছিল নে ? পদ্ম --ও, দেখিছিলোঁ ।