পৃষ্ঠা:ফুল.pdf/১৪৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "হৃদয়ৰ একেটি আবেগ, একেটি ইচ্ছা, একটি বাঞ্ছিত বস্ত..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৬, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হৃদয়ৰ একেটি আবেগ, একেটি ইচ্ছা, একটি বাঞ্ছিত বস্তুৰ পাচ ধৰি অত দিন ঘূৰি পকি ভাগৰিলে, দুখ যন্ত্রণাত হৃদয় জল কলা হ’ল; কিন্তু ক’তে অভীষ্ট পূৰ নহ'ল ;-ইমান দুখ ইমান কষ্ট বিফল হ’ল। কাৰ নিমিত্তে এইদৰে অনাই-বনাই ফুৰিছো? কাৰ নিমিত্তে এনেকৈ সুখ-শান্তিত জলাঞ্জলি দিছে? অহো ! যাৰ নিমিত্তে মােৰ এনে দশা, তেওঁ ক’ত? বস্তা। ৰম্ভা। তােমাক আকৌ দেখা পাম নে ? মােৰ যত্নৰ গুটি ধৰিব নে? ওঁ হে আশা নাই, লাভলৈ চাওঁতে মূলেই হেৰাল । জীৱনৰ লগৰীয়া কৰিম বুলি আশা পালি থাকোতেই চকুৰে দেখাৰ পৰা বঞ্চিত হলে। হায় । ৰম্ভা! নৰ বাঘৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ আনি, তােক বনৰ বাঘৰ মুখত দিলে। নহলে আকৌ দেখা নাপালোঁ কিয় ? হৰি হৰি। পুৰুষ হৈ এজনী । তিতাক ৰাখিব নােৱাৰিলে !” | ঠিক সেই সময়তে ভৰলী-বুকত এখন নাও উজাই অহা পদ্ম- কাষৰ চকুত পৰিল। পাঠক! যুবক পদ্মকাৰ বাহিৰে আন নহয়। পদ্মই নাওখন দেখিয়েই তাৰ আৰােহীবিলাকলৈ চকু দিলে আৰু প্ৰথম দৃষ্টিতেই চিনিলে যে সিহঁত মদন আদি ভকাইতৰ দল। সিইতে নানা প্রকাৰ ভঙ্গিৰে গীত গাই তাৰ ছেৱে ছেৱে ব’ঠা মাৰিব লাগিছে । সিহঁতৰ বগৰ ওচৰত ফেনে- ফোটোকাৰে উপচি পৰা, ঢৌৱে আফালি থকা, নৈয়েও হাৰ মানি উজাই যাবলৈ বাট এৰি দিছে। কিছুমান বেলি এই দৰে আহি থকাৰ পাচত নৈৰ সোঁতত উটি অহা এভাল প্রকাণ্ড কাঠে নাৱত