পৃষ্ঠা:ফুল.pdf/১৪০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "মলিয়াব লাগিছে। মােৰ মনেৰে তাই কিবা বিপদৰ বাতৰি..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৫, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মলিয়াব লাগিছে। মােৰ মনেৰে তাই কিবা বিপদৰ বাতৰি হে আমাক ৰিঙিয়াই কৈছেহি। | দেবেন্দ্র।~ কাউৰীয়ে কওক বা নকওক, আমাৰ নিমিত্তে বিপদৰ আকাল নাই। যেনি যাওঁ, তে নিয়েই বিপদ-বকাৰে ঠোট মেলি আছে; কিন্তু ওপৰত দুষ্ট দমন ভগৱন্তও আছে, তেওঁ তাৰ প্ৰতিকাৰ কৰিব। তাৰ পাচত তেওঁলােক আকৌ আগ বাঢ়িবলৈ ধৰিলে। কিন্তু এখনমান তামােলখােৱা বেলি নৌ হওঁতেই সন্মুখত এটা মানুহ পিয় হ’লহি। দেবেন্দ্রই মানুহটোৰ গঢ়-গতিলৈ চাওঁতেই পাচ ফালৰ পৰা আন এটা মানুহ আহি তেওঁৰ ফানিত ভলুকা বাঁহৰ টোকোনৰ এটা পূর্ণহতীয়া মাৰ শােধালে। দেবেন্দ্র বাগৰ খাই পৰিল ; ফুলে তেওঁৰ গাত সাবট মাৰি ধৰিলে। এই সুযােগতে, পৰুৱাৰ লালীৰ দৰে পিৰ পিৰ কৰে আৰু কেবাটাও মানুহ ওলাই আহি তেওঁব হাত ভৰি জপাই বান্ধি পেলালে । দেবেন্দ্ৰই একো বুজিব নােৱাৰি অবাক হল । দুটামানে দেবেন্দ্ৰক আৰু এটাই ফুলক লৈ হাবিৰ মাজে মাজে প্রস্থান কৰিলে। | এই মানুহ কেইটাৰ লগত পাঠকসকলৰ চিনাকি থাকিব পায়। কিয়নাে, ইহঁতৰ লগত পাঠকৰ কেবাবাৰাে দেখা হৈছে। মদনৰে সৈতে আমি যি দলৰ লগ পাইছিলোঁ, যি ৰম্ভা আৰু ফুলক ধৰি নিছিল, ইহঁত সেই দ্যৰ দলেই। বস্তা- ফুলহঁতক হেৰুৱাই সিহঁতে ইমান দিন আঁতি-গুৰি বিচাৰি