পৃষ্ঠা:ফুল.pdf/১৩৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "স্কুল। পৰ্বত-ভৈয়াম, তাৰ মাজত নতুন তেজৰ, নতুন যৌৱন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৫, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্কুল। পৰ্বত-ভৈয়াম, তাৰ মাজত নতুন তেজৰ, নতুন যৌৱনৰ নতুন সৌন্দৰ্য্যৰ, আৰু নতুত প্রণয়ত তল যােৱা এই হালি নতুন প্রেমিক-প্রেমিকা। অহা! কি সুন্দৰ চিত্ৰ! কি চিত্ৰকৰৰ আৰ্হি-পট। স্বভাৱৰ কি বিতোপন দৃশ্য। বাস্তৱতে, এই দৃশ্য সুন্দৰ-অতি সুন্দৰ ; জগতৰ নিভাজ সৌন্দৰ্য্যৰ সমষ্টি। সৃষ্টিকর্তাৰ এই সুনিপুণ কৌশল দেখি কাৰ হিয়া নপমে? উভয়ৰে মন নতুন আনন্দৰ ঢৌত তােলপাৰ! পর্বতজীয়াৰী নৈৰ তিৰবিৰকৈ নাচি অহা নিৰ্ম্মল চেঁচা পানীৰ দৰে হিয়াৰ তলিৰ পৰা ওলোৱা প্রণয়-তিৰ কেঁচা পানীয়ে দুয়ােৰৰ হিয়াৰ জিভা মেলি উঠা বিৰহ-জুই নিৰ্ব্বাণ কৰিছে । ইমান দিন চকু-লোৰে তিতিবুৰি ঘােপত সােমােৱা চাৰি চকুত হাঁহিৰ জিলিকনি পৰিছে ; চল পাই ওঁঠৰ মাজত মিচিকিয়া হাঁহিয়ে নাচোন-বাগােন ধৰিছে। আনন্দৰ ঢৌত উটি-ভাহি দুয়াে আগলৈ খােজ দি দীঘলীয়া বাট ছুটি কৰি নিছে। গছৰ ডালত পৰি কাউৰী এজনীয়ে “কা, কা কৈ কিবা বাতৰি দিছে। কাউৰীৰ মাত শুনি ফুলৰ ভয় লাগিল, মুখত অলপ বিষাদৰ ছাঁ পৰিল, খোজৰ গতিতে অলপ ব্যাঘাত জন্মিল। দেবেন্দ্ৰই সুধিলে,—ফুল। কি হ’ল ?” | ফুল।—একো হােৱা নাই। কিন্তু মােৰ মনেৰে সােনকালে কিবা এটা বিপদ হ’ব। চাওকচোন কাউৰীজনীয়ে কেনেকৈ