পৃষ্ঠা:ফুল.pdf/১৩৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "তুমিয়েই বুলি মােৰ মনত দৃঢ় বিশ্বাস জন্মিল। যদিও..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৫, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তুমিয়েই বুলি মােৰ মনত দৃঢ় বিশ্বাস জন্মিল। যদিও সেই ঠাইৰ পৰা ইয়ালৈ বহুতাে দূৰৈ, ৰাতি আন্ধাৰ আৰু বাট-পথে, পাবলৈ নাই, তথাপি যেনে তেনে বিয়া নৌ হৈ উঠোতেই এই খিনি পাবলৈ মই প্রাণপণে খােজ কাঢ়িবলৈ ধৰিলে। গাওঁ পায়ে বিয়াৰ ঘৰ উলিয়াওঁতে কিছু পলম হৈছিল । বিয়া ঘৰৰ পদূলিতহে মই উশাহ ল’ব পাৰিছিলোঁ। পলিতে থিয় হৈ মই দেখিলে। বিয়াৰ পাতনিহে পাতিছে। মই তাতে এখন্তক ৰ'লে, কিন্তু প্রকৃত তথ্য কেনেকৈ পােৱা যাব, আৰু যদি মােৰ অনুমান সচা হয়, তেন্তে কেনেকৈ তােমাক উস্কাৰ কৰা যাব, তাকে ভাবিবলৈ ধৰিলে। সেই বুলি তেনে অৱস্থাত যে বৰ বেছি পৰ থাকিবলৈ পাইছিলোঁ এনে নহয়। মই পহুন্সি পােৱাৰ অলপ পিচতে এটা সৰ সই ফাললৈ ওলাই আহিছিল, মই আন্ধাৰত থকাৰ কাৰণে সি পােনতে মােলৈ মন কৰা নাছিল। মই ভাবিছিলে। সি মােৰ ওচৰ পালে, তাৰ পৰা মনে মনে আঁতি-গুৰি স’ম, কিন্তু সি হঠাৎ মােক দেখি “মান ঔ” বুলি চিঞৰি মাৰি একে সৰেই কোবাে খিনি পালেগৈ। তাৰ পিচত কোন কেনি গ'ল, তাৰ ঠিক নাই। সুযােগ দেখি মই সােমাই আহিলোঁ। ঠিক সেই সময়তে তােমাক এই ফাললৈ লৰি অহা দেখিলোঁ, কিন্তু তেতিয়া মই তােমাক চিনি পােৱা নাছিলো! সেই দেখি গা দেখা নিদিয়াকৈ তোমাৰ পিছে পিচে ইয়ালৈকে আহিলে তুমি কলৈ আহিছিল তাকে তেতিয়া বুজিবৰ উপায় নাছিল। যেতিয়া তুমি নৈৰ