পৃষ্ঠা:ফুল.pdf/১৩৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "১২৮ ফুল। দেবেন্দ্রই পুনশায় মাত লগালে -“ফুল। নাম..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৫, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২৮ ফুল। দেবেন্দ্রই পুনশায় মাত লগালে -“ফুল। নামাত। কিয়?” | ফুলে কঁপা সুৰেৰে লাহে লাহে কলে—“আপুনি সচাকৈয়ে মানুহ নে? নাইবা কোনােবা দেৱতা অভাগিনীক ছলনা কৰিবলৈ আহিছে ?” | দেবেন্দ্র।—ই দেৱতাৰ মায়া নহয়, ভূতৰ কাণ্ডও নহয়, এদিন বাট হেৰুৱাই যি জন সৈনিক তােমালােকৰ ঘৰত আলহী। ৰৈছিল, ময়েই সেই সৈনিক। ফুল।-আচৰিত কথা। দেবেন্দ্র।-আচৰিত কিয় ? ফুলে বিয়াঘৰীয়া মেলত কি শুনিছিল তাক হুবহু বর্ণনা কৰিলে। তাৰ পাচত কলে—যদি আপুনি সচাকৈয়ে আপুনিয়েই হয়, তেন্তে মই যে এই সময়ত ইয়াত আছে, সেইটো আপুনি কেনেকৈ জানিলে ” । | দেবেন্দ্র।—মই জনাৰ কাৰণ আছে, সি বহুত কথা । মুঠতে মই ৰণৰ পৰা ঘূৰি আহি আকৌ তােমালোকৰ ঘৰত আলহী হবলৈ গৈছিলে” আৰু গৈয়েই তােমালােকৰ সকলো বাতৰি শুনিব লগাত পৰিলে। তেতিয়াৰে পৰা আজি তিনি দিন একেৰাহে তােমাক বিচাৰি ফুৰিছোঁ, কিন্তু আজি সন্ধ্যা সময়লৈকে ক’তে একো শুনা নাছিলোঁ। সন্ধ্যা ভগাৰ পিচত এই গাৱঁত এজনী গৰাকী নােহােৱা ছােৱালীৰ বলেৰে বিয়া। পাতিছে বুলি বাতৰি পালোঁ। বাতৰি পাই সেই ছােৱালী