পৃষ্ঠা:ফুল.pdf/১৩৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "১২৬ ফুল। পুৰোহিত উঠি লৰ মাৰিলে, আন কি দৰাও উঠি কোন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৫, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২৬ ফুল। পুৰোহিত উঠি লৰ মাৰিলে, আন কি দৰাও উঠি কোন ফালে পলাল, তাৰ ঠিক নাই। তিৰুতবিলাকে। যেনি পায় তেনি পলাবলৈ ধৰিলে। সকলে নিজ নিজ প্রাণৰক্ষাৰ নিমিত্তে ব্যস্ত হ'ল । এই হুমুৰিৰ সময়ত ফুলো পাচ দুৱাৰে দি ওলাই লৰু মাৰিলে। উনবিংশ অধ্যায়। জালত পহু। ৰাতি ডেৰ পৰ অতীত হৈছে। আন্ধাৰৰ ক'লা ঢাকনীয়ে ধৰণীক কৃষ্ণবসনা সজাইছে। আকাশত দুচপৰা এচপৰা কলা ডাৱৰ, সেয়ে লাহে লাহে বহল হৈ আহিবলৈ ধৰিলে। অলপ অলপকৈ বতাহ বলি শেহত শকত হৈ উঠিল, ঘনে ঘনে বিজুলীয়ে চকমকাবলৈ ধৰিলে। এনে দুৰ্যোগৰ সময়ত এজনা গাভৰু নৈৰ ফাললৈ লৰি গৈছিল। বিজুলীৰ পােহৰত যি দেখা গৈছিল, তাৰ পৰাই তেওঁক সুন্দৰী বুলিবৰ মন যায়, কিন্তু তেওঁৰ মুখখন শে, চকুৰ দৃষ্টি কৰুণ ; দেখিলেই বােধ হয়, যেন তেওঁৰ অন্তৰত কিবা এটা বলে নােৱৰা দুখ-চিন্তাৰ বােজাই হেঁচা দিছে । তেওঁ নৈৰ পাৰত ৰৈ এটা দীঘল হুমুনিয়াহ কাঢ়িলে। হঠাৎ