পৃষ্ঠা:ফুল.pdf/১৩৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ফুল। আকাশ-পাতাল খুলক লগালেহেঁতেন। কিন্তু এই বিয়..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৫, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুল। আকাশ-পাতাল খুলক লগালেহেঁতেন। কিন্তু এই বিয়াত তেনে আড়ম্বৰ বিশেষ একো নাই, মনৰ ভয়ত সকলাে পেপুৱা-গগা। ৰাতি হল। যথা সময়ত দৰা আহি ৰভাতলত বহিল, পুৰােহিতে সকলাে ঠিক-ঠাক কৰি লৈ কাৰ্য আৰম্ভ কৰিলে, কন্যা উলিয়াবৰ হ’ল । ফুল ভিতৰত তিৰবিলাকৰ মাজত বহি আছিল। তেওঁৰ মুখত মাত নাই, প্রাণত শান্তি নাই, কিন্তু আগৰ কেই দিনতকৈ আজি তেওঁ বেছি স্থিৰ, যেন তেওঁ মনতে বিবা এটা সংস্কল্প স্থিৰ কৰিছে । তেওঁৰ ওচৰত থকা তিৰুতাবিলাকে ছেদ-ভেদ নােহোৱাকৈ কথা পাতিব লাগিছে। কথাৰ মাজতে এজনীয়ে ক’লে “এই বাৰ যুঁজত মানববৰ তাৰিব বুলিহে ভাবিছিলে, পিচে সিহঁত হে জিকিল। মামাৰ গিৰিহঁতো দেবেন্দ্ৰ বৰুৱাৰ লগত ৰণলৈ গৈছিল, পিচে যুঁজত হাবি কোনো মতেহে প্রাণ লৈ পলাই আহিছে।” | আন এজনীয়ে সুধিলে “পিচে বৰুৱাৰ হল কি ?” “কি নাে হব ? তেওঁক বােলে মানে কাটিলে। সকলােৰে “হায়! হায়!” কৰিবলৈ ধৰিলে, ফুল একেবাৰেই চৰ পৰা মানুহ যেন হ’ল। ঠিক সেই সময়তে কন্যা হােমৰ গুৰিলৈ নিবৰ নিমিত্তে পুৰােহিতে আদেশ কৰিলে। আদেশ পালন কৰিবলৈ বললাম ভিতৰ সােমাল। হঠাৎ বাহিৰত কোটাল লাগিল :—“মান, মান, পল পল।” মানৰ নাম শুনিয়েই বিয়াঘৰীয়া সকলাে যেনি পায়, তেনি পলাবলৈ ধৰিলে,