পৃষ্ঠা:ফুল.pdf/১৩২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "১২৪, ফুল। তিকতাবিলাকে পানী তুলি, ধৰি মেলি নি তেওঁক..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৫, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২৪, ফুল। তিকতাবিলাকে পানী তুলি, ধৰি মেলি নি তেওঁক গাব বলেৰে নােৱালে । আজি ফুলৰ বিলাই চাই কোনে? পাগলীৰ কথা আজি তেওঁৰ মনত পৰিল,-“পৃথিবীত ধাৰ্মিকৰ সুখ নাই, ইয়াত অধৰ্মৰ ৰাজত্ব।” সচাকৈয়ে পৃথিবীত অধৰ্ম্মৰ ৰাজত্ব নে কি ? ফুলে বহুতো ভাবিলে, ভাবি চিন্তি একোবাৰ আত্মহত্যা। কৰিবলৈকো মন মেলিছিল। কিন্তু কোনােবাই যেন তেওঁৰ কাণে কাণে কৈ দিলে –“ধৈর্য নেহেৰুৱাবা, খন্তেকৰ ভােজ খাওঁতা নাই, শেহলৈকে অপেক্ষা কৰা, কোনো দৈবিক উপায়েৰে হয়তো ইয়াৰ ভিতৰতে তােমাৰ উদ্ধাৰ হব পাৰে।” ফুলে ধৈর্য্য ধৰিলে, পাৰিলে ইয়াৰ ভিতৰতে পলাবলৈ স্থিৰ কৰিলে; কিন্তু বললাৰামে দিনে ৰাতিয়ে সমানে চকু ৰখাৰ বাবে সি কাৰ্যত পৰিণত হৈ নুঠিল। তেওঁ বলােৰামৰ ভৰিত পৰি নানা প্রকাৰে কাকূতি কৰিলে, বিয়াৰ আগেয়ে মৰিয়াই মাৰিবলৈ প্রার্থনা কৰিলে, কিন্তু ফল একো নহ'ল—বললাৰামক একোৱে বিচলিত কৰিব নােৱাৰিলে। আজি বিয়া। আন সময়ত হােৱা হ'লে দুয়াে ঘৰত তােল- পাৰ লাগিলহেঁতেন, বুঢ়া-ডেকা, জীয়াৰীবােৱাৰী সকলোৰে মুখত আনন্দৰ ঘঁহি দেখা গলহেঁতেন, চেঙ্গেলীয়া ডেকা আৰু গাভৰু সকল হাঁহি-মাতি নাচি-বাগি দহ ডােখৰ হৈ ফুৰিলেহেঁতেন, ধুলীয়া, খুলীয়া, কালীয়া, নামতী আদিৰ গীতবাদ্যৰ ধ্বনিয়ে