পৃষ্ঠা:ফুল.pdf/১৩০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Bishnu Saikia (আলোচনা | বৰঙণি) →মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ফুল। নিৰ্জীৱ, সেই মূর্তি বাকশক্তিহীন। সেই মূৰ্ত্..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল |
(কোনো পাৰ্থক্য নাই)
|
১৭:৪৪, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ
ফুল। নিৰ্জীৱ, সেই মূর্তি বাকশক্তিহীন। সেই মূৰ্ত্তিৰ গৰাকী তেজ মঙহৰ দেবেন্দ্ৰই আকৌ তেওঁক বুকত সুমুৱাই লৈ শান্তি নিদিলে কেনেকৈ ফুলে প্রকৃত সুখ লাভ কৰিব। ফুল এতিয়া ফুলত নাই। কলিতে পােকে ধৰা ফুলৰ দৰে তেওঁ এতিয়া জয় পৰিল। এতিয়া তেওঁৰ মনত আগৰ নিচিনা প্রফুল্লতা নাই, সদায় গম্ভীৰ ভাবেৰে চিন্তাত নিমগ্ন থাকে। বললাৰামৰ জীয়েক চেনেহীয়ে সদায় তেওঁৰ মনত ৰং লগাবলৈ চেষ্টা কৰে; কিন্তু ফুলে ভাত শান্তি নাপায়। বলােৰামে ফুলৰ পৰা তেওঁৰ পিতাকৰ পৰিচয় পাইছিল আৰু দেখা-শুনা নাথাকিলেও আগৰে পৰা তেওঁৰ নাম শুনিছিল। তথাপি তেওঁ ফুলক ঘৰলৈ পঠিয়াবলৈ কোনাে আয়ােজ্জম নকৰিলে । কনকে যে ফুলক বিচাৰি পাব, তেনে আশা বললাৰামে কৰা নাছিল। কাৰণ তেতিয়া মানৰ দিন। কেতিয়া আহি মানে লুটপাট কৰিব, গৰু-ছাগলীৰ দৰে মানুহক হত্যা কৰি উৎসৱ পাতিব গাভৰু ছােৱালীহঁতক ধৰি লৈ যাব, তাৰ ঠিক নাছিল। ওলাই সােমাই ফুৰিবলৈ সকলো মানুহৰেই ভয় ৷ তাতে মহগৰৰ ৰণত জয় লাভ কৰি সিহঁত আগতকৈও মতলীয়া হৈ উঠিছিল । মানুহৰ মনত ইমান ভয় সােমাইছিল যে মান আহিছে বুলি উৰ বাতৰি এটা শুনিলেও সকলােৱে ঘৰ-দুৱাৰ এৰি হাবিত আশ্রয় লবলৈ লৰ দিছিল; ইফালে মানৰ ভয়ত মানুই ভাগি যােৱাৰ বাবে প্রথম আক্ৰমণৰ সময়ৰে পৰা দেশ অৰণ্যময় হৈ উঠিছিল; বাট-পথৰ চিন-বান নােহােৱা