পৃষ্ঠা:ফুল.pdf/১২৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "অষ্টাদশ অধ্যায়। ফুলৰ কি হ’ল ? পদ্মকাই থৈ যােৱাৰ প..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৪, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অষ্টাদশ অধ্যায়। ফুলৰ কি হ’ল ? পদ্মকাই থৈ যােৱাৰ পাচত ফুল বলােৰামৰ ঘৰতে থাকিবলৈ ধৰিলে। বলােৰাম আৰু ঘৈণীয়েকেও তেওঁক জীয়েকৰে সৈতে সমানে আদৰ-সাদৰ কৰে, ফুলেও তেওঁলােকক মাকবাপেকৰ দৰে ভক্তি কৰে। এইদৰেই এদিন গ’ল, দুদিন গল, লাহে লাহে এপষ পাৰ হ'ল। কিন্তু ফুলক বিচাৰি কেও নাহিল। পদ্মকান্ত ও কলৈ গ'ল তাৰ ঠিক নাই। ফুলৰ মনত সদায় চিন্তা, চকুত সদায় চকুলৈ। তেওঁ তেওঁৰ চেনেহৰ বাপেক, চেনেহৰ ঘৰৰ কথা সমূলি পাহৰা নাই। কেনেকৈ নিজৰ ঘৰ আকৌ দেখিবলৈ পাব, বাপেকৰ বুকত মুখ লুকুৱাই কান্দিবলৈ পাব,-এয়ে তেওঁৰ দিন-ৰাতি চিন্তা। আৰু দেবেন্দ্র। যাৰ মূৰ্ত্তি তেওঁৰ অন্তৰত পােত খাই ৰৈছে, তেওঁৰ বাতৰি নাই। তেনে হলে আকৌ দেখা নহব নে কি ? তেনে হলে তাে সৰ্ব্বনাশ! দেবেন্দ্ৰৰ লগত দেখা নহলে আধাফুল অৱস্থাতে ফুল শুকাই যাব যে। ফুলৰ মানত এতিয়া আকাশ-পাতাল, জল-স্থল,--সকলােতে দেবেন্দ্র। তাতােকৈ তেওঁৰ মনঃপটত দেবেন্দ্ৰৰ উজ্জ্বল মুর্তি জিলিকিব লাগিছে। কিন্তু সেই মূর্তি