পৃষ্ঠা:ফুল.pdf/১২৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ফুল। দেবেন্দ্র।--পিছে ৰম্ভাক কেওঁ বিচৰা নাই নে ? ক..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৪, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুল। দেবেন্দ্র।--পিছে ৰম্ভাক কেওঁ বিচৰা নাই নে ? কনক।—নাই। বিচাৰিবলৈ ৰম্ভাৰ মাকৰ বাহিৰে কেও নাই। আমি অনুসন্ধান কৰিছিলোঁ, কিন্তু মাকে, জীয়েকক ধৰি নিয়াৰ লগে লগে হেৰাল। সেই দেখি তাইক মােৰ ইয়াতে ৰখা উচিত যেন দেখিলে।।। কনকৰ কথা শুনি দেৱেন্দ্ৰৰ মূৰ ঘূৰি গ'ল, কেউফালে ধুৱলি- কুঁৱলী দেখিবলৈ ধৰিলে। অকস্মাৎ দেবেন্দ্ৰৰ সুখৰ সপােনৰ অন্তু পৰিল । বহু যতনেৰে সজা প্রণয়-মন্দিৰৰ ছালখনি হু হুৰ কৰে ভাগি পৰিল। দেবেন্দ্ৰ আৰু কনক দুয়াে গােট খাই মানটোৰ মৃতদেহ ভৰলীত ওপঙাই দিলে আৰু লগুৱাটোৰে। সংস্কাৰ কৰিলে। | সেই ৰাতি আৰু কাৰে শােৱা-খােৱা নহল। মৃতদেহ সংস্কাৰ কৰাৰ পাচত ৰাতি যি খিনি বাকী আছিল, সেইখিনি ৰণৰ বয়-বাতৰি কওঁতেই গ'ল। ৰাতিপুৱা দেবেন্দ্রই খাই-বৈ উঠি, ফুলক বিচাৰিবলৈ ওলাল আৰু কনকলৈ চাই ক'লে -“মই এতিয়া ঘৰলৈ নাযাওঁ। ফুলৰ বিচাৰ কৰা নিতান্ত উচিত। সেই দেখি, মই আজি এতিয়াই ওলালোঁ, ফুলৰ এটা নিশ্চয় বাতৰি নােপােৱাকৈ সুঘূৰো।”