পৃষ্ঠা:ফুল.pdf/১২৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "১১৮ ফুল । কুটিলা গতি!! এই বুলি কৈ তেওঁ বাহিৰ ওলাল। ক..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৪, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১৮ ফুল । কুটিলা গতি!! এই বুলি কৈ তেওঁ বাহিৰ ওলাল। কনকে তেতিয়া চেতনা লাভ কৰিছিল ; চকুমেলি চায়েই দেবেন্দ্রক দেখা পালে । পাঠক! সৈনিক দেবেন্দ্ৰৰ বাহিৰে আন কোনো নহয়। দেবেন্দ্রক দেখি কনকে কলে -“বাপা গােই যােৱ, এতিয়াই এটা মানে মােক ভুকু মাৰি পেলাই ৰম্ভাক আক্রমণ কৰিবলৈ গৈছিল । কি জানি কি” । দেবেন্দ্র।- আপুনি ধৈর্য্য ধৰক। মান এতিয়া এই পুৰীত নাই; তাৰ পাপৰ যােগ্য পৰাচিত হৈছে। কিন্তু এটা কথাত মােৰ সন্দেহ হৈছে, ৰম্ভা কোন ? কনক--কিয়, তুমি জানো দেখা নাই । | দেবেন্দ্র।~-ক’ত? মই এইমাত্ৰ আহি এইখিনি পাইছে।। গাওঁ সােমাওঁতেই কে উফালে “মান মান” চিঞৰ শুনিবলৈ পাই, কোবাকুবিকৈ আহি আপোনাৰ ঘৰ পালে। আপােনাৰ গম নাপাই পােনেই চাতালতে ৰব খুজিছিলোঁ, এনেতে ভিতৰত গােলমাল শুনি, ভিতৰত মান সোমাইছে বুলি ভৰােল দাঙি খেদি গলে। তেতিয়া মান এটাই ফুলক ধৰিবলৈ ধৰিছিল, মই কোব মাৰি তাৰ মূৰটো কাটি পেলালে। তাৰ পাচত আপােনাৰ বাতৰি সুধিব খুজিছিলে। কিন্তু ফুলে এই দুদিনৰ ভিতৰতে মােক চিনিব নােৱৰা হ'ল। | কনক।—বােপা ! তােমাৰ ভ্ৰম হৈছে, তেওঁ ফুল নহয় । তুমি সুধিছিল নহয় ৰম্ভা কোন ? তেৱেঁই ৰম্ভা, আন্ধাৰত তুমি হে চিনি নাপাল।