পৃষ্ঠা:ফুল.pdf/১২৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Bishnu Saikia (আলোচনা | বৰঙণি) →মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "১১৬ ফুল । হৈ গ'ল। মনটোৱে নিৰাপদ হবৰ মনেৰে দাখন দাঙ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল |
(কোনো পাৰ্থক্য নাই)
|
১৭:৪৪, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ
১১৬ ফুল । হৈ গ'ল। মনটোৱে নিৰাপদ হবৰ মনেৰে দাখন দাঙি লৈ এটা পূর্ণহতীয়া কোব মাৰিলে। সেই মুহূর্ততে লগুৱাৰ পঞ্চ ভূতৰ বিচ্ছেদ ঘটিল। বাহিৰত গােলমাল শুনি কনক আগবাঢ়ি আহিল আৰু মানটোক দেখি আগ ভেটি ধৰিলে। মানটোৱে একে ভুকুৱেই কনকক লুটিয়াই পেলালে । কনক গুৰি কঠাল পৰাদি গিৰিং কৰে পৰি মূছকছ গ'ল। মানটোৱে পিশাচৰ দৰে হাে হো কৰে হাঁহি ভিতৰত সােমাই গ'ল। মাৰল সােমাই ৰম্ভাক দেখিয়েই তধা লাগিল ; অলপমান বেলি একে থৰে চাই থাকি লাহে লাহে ওচৰ চাপি গ'ল। ৰম্ভালৈ চাই কলে -“তােৰ ঘৰত আৰু কোন আছে ?” ৰম্ভা।-কেও নাই ফায়া; তােমাক ভৰিত ধৰি মাতিছে; তুমি যি লাগে তাকে লৈ গুচি যাের্থ। মানটোৱে আকৌ হাে হো কৰে হাঁহি ক'লে :---“কলৈ গুচি যাম ? তােক নিবলৈ নাপালে কেলেই যাম?” আৰু বম্ভাৰ নিচেই ওচৰ চাপিলগৈ। ৰম্ভাই খং আৰু ভয়ত অধীৰ হৈ ক'লে – “পাষণ্ড! তােৰ যদি প্রাণলৈ মমতা আছে, যদি ধৰ্মলৈ ভয় আছে, তেন্তে এতিয়াই ইয়াৰ পৰা আঁতৰ হ।” যম্ভাৰ কথা শুনি মানটো প্ৰথমতে থমকা খাই ৰ’ল; তাৰ পাচত ঘােৰাৰ দৰে ঢক্টেকনি মাৰি হাঁহি ৰম্ভাক ধৰিবলৈ হাত মেলিলে। হঠাৎ সৰিয়হৰ তেলৰ চাকিৰ ক্ষীণালােত