পৃষ্ঠা:ফুল.pdf/১২৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সপ্তদশ অধ্যায় । যেনে কর্ম তেনে ফল। বাতি প্রায় এ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৪, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপ্তদশ অধ্যায় । যেনে কর্ম তেনে ফল। বাতি প্রায় এপৰ অতীত হৈছে। ৰান্ধনীয়ে ভাত-পানী ৰন্ধাত ব্যস্ত হৈছে, আন মানুহ দুই-চাইটা গােট খাই বাজত বহি জুৰ লৈছে আৰু কোনো কোনােৱে পথি পঢ়ি ব্যাখ্যা কৰিছে । | কনকচন্দ্ৰৰ ঘৰত কনকে ভাত ৰান্ধিছে, ৰম্ভাই মাবল ঘৰত বহি সূতা উঘাইছে, লগুৱাটোৱে চ’ৰা ঘৰতে বহি খৰাহিৰ কাঠি তুলাই আছে। এনেতে গাৱঁত “মান, মান, পলাওঁ, পলাই কৈ চিঞৰ উঠিল। সচাকৈয়ে, মহগৰৰ ৰণত বহুতে লােকচান হোৱাত মানহঁতে যাৰে যিহকে পায় তাকে লুটি নিবলৈ ধৰিলে। আজি তাৰে গােটাচেৰেক আহি কনকহঁতৰ গাৱঁত সােমাইছে। চিঞৰ শুনি লগুৱাটোৱে হাতত কাঠি তুলােৱা নালীয়া কটাৰীখন লৈ থিয় হ’ল। কনক একেলৰেই আহি ৰম্ভাৰ ওচৰ চাপিল। অলপ পাচতে এটা মান আহি কনকৰ ঘৰ পালে। লগুৱা- টোৱে তাৰ গালৈ কটাৰীখন মাৰি দিলে, কিন্তু কটাৰী এফলীয়া