পৃষ্ঠা:ফুল.pdf/১২২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ফুল। তেতিয়া তেওঁ প্রায় সম্পূর্ণরূপে আৰােগ্য হ'..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৪, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুল। তেতিয়া তেওঁ প্রায় সম্পূর্ণরূপে আৰােগ্য হ'ল আৰু ঘৰলৈ উভতিবৰ কাৰণে স্বৰ্গদেৱৰ ওচৰত প্ৰস্তাৱ কৰিলে। স্বৰ্গদেৱে দেবেন্দ্রক এখন সোণেৰে নাল বন্ধোৱা তৰােৱাল পুৰস্কাৰ দি ক'লে –“দেবেন্দ্ৰ । তােমাৰ গুণৰ পুৰস্কাৰ দিবলৈ মােৰ একো নাই, তথাপি সামান্য চিন স্বৰূপে এই তৰােৱাল খনি উপহাৰ দিলে।। গ্ৰহণ কৰি বাধিত কৰা।” দেবেন্দ্রই তৰােৱালখন লৈ স্বৰ্গদেৱক সেৱা জনাই ক'লে :--“দাসৰ এনে গুণ নাই, যাৰ দ্বাৰা এনে পা লাভ কৰিব পাৰে। তথাপিও আপুনি দাসৰ প্রতি এনে মহৎ কৃপা প্রদর্শন কৰিছে, সি আপােনাৰ মহৎ আৰু কোমল অন্তঃকৰণৰ চিনাকি দিছে মাথােন ।” | চন্দ্রকান্ত।-দেবেন্দ্র! তুমি নিজক সামান্য বুলি পৰিচয় দিবলৈ যােত তােমাৰ নম্র স্বভাৱৰ আৰু জেউতি চৰিছে। কিন্তু প্রকৃত পক্ষে, তমাৰ দৰে আৰু কেইজনমান মােৰ সহায় থকা হলে এনে কষ্টত পৰিব নালাগিলহেঁতেন। আন কি, ঠিক সময়ত তুমি সাহায্য কৰিবলৈ পােৱাহি হলেও মানৰ কি সাধ্য যে আমাক পৰাস্ত কৰে! যেই নেহােক এতিয়া আৰু পূৰণি কথা শুৱৰি বিলাপ কৰাৰ সকাম নাই। তাৰ পাচত দেবেন্দ্রই বিনীত ভাৱে স্বৰ্গদেৱৰ ওচৰত বিদায় লৈ ঘৰমুৱা হৈ খােজ ল’লে। স্বৰ্গদেৱে ইংৰাজৰ ওচৰত সাহায্য বিচাৰিবৰ মনেৰে গুটীয়াই গ'ল।