পৃষ্ঠা:ফুল.pdf/১২০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "১১২ ফুল। তাৰ আশা নাই। তদুপৰি, আজি অসম-আকাশৰ পৰা এট..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৩, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১২ ফুল। তাৰ আশা নাই। তদুপৰি, আজি অসম-আকাশৰ পৰা এটি উজ্জ্বল নক্ষত্র খহি পৰিল। অহো ! আজি দেবেন্দ্রনাথে বণ ক্ষেত্ৰত যি কাৰ্য কৰিলে, যি বিক্ৰমেৰে, যি ৰণকৌশলেৰে ৰণ কৰিলে, আন কি মৃত্যুকান্সতে যি বাৰ প্ৰকাশ কৰিলে, সি অভূতপূর্ব। এতিয়া আমি তেওঁৰ প্রতি কৃতজ্ঞতা প্রকাশৰ চিন স্বৰূপে তেওঁৰ মৃতদেহ বিচাৰি সংস্কাৰ কৰা উচিত। গতিকে, এতিয়া সকলােৱে তেওঁৰ মৃতদেহ অন্বেষণ কৰা ।” স্বৰ্গদেৱৰ কথা মতে সকলােৱে ৰণক্ষেত্ৰলৈ গৈ দেবেন্দ্ৰৰ মৃতদেহ বিচাৰিবলৈ ধৰিলে। কিন্তু বহুত বেলি বিচাবিও ক’তত তেওঁৰ ছায়াকো দেখা নাপালে। বিচাৰি বিচাৰি নাপাই উভতি আহিব খােজোতেই মানসেনটোৱে নিশ্চিন্ত ভাবেৰে শুই থকা। দেবেন্দ্ৰক দেখা পালে । ভাল মতে চোৱাৰ পাচত তাৰ বোধ হ’ল যেন দেবেন্দ্র এতিয়াও মৰা নাই। নাকৰ গুৰিত হাত দি চালে, বােধ হ’ল যেন এতিয়াও নিশ্বাস বৈ আছে। মানসেনাৰ কৰস্পৰ্শত দেবেন্দ্রই কেঁকাই কেকাই মাতিলে,-“কো-ও-ন?* দেবেন্দ্ৰৰ মাত শুনি মানসেনাটো নাচি উঠিল আৰু আন বিলাকক মাতি ক'লে –“এওঁ মৰা নাই, তোমালােক দুজন- মানে এওঁক লৈ ব’লা । মই এটা ঔষধ বিচাৰি আনন। | দুটামান মানুহে তেতিয়া তেওঁক তাৰ পৰা লৈ আহিল। মানটোৱে কিবা দৰব এটা আনি ক্ষত স্থান বিলাকত তাৰ ৰস চেঁপি দিলে। চন্দ্রকান্ত সিংহ স্বৰ্গদেৱে দেবেন্দ্রক জীবিতাৱস্থাত পাই নথৈ আনন্দ পালে।