পৃষ্ঠা:ফুল.pdf/১১৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ফুল। মনৰ পৰা ভূতৰ ভয় সমূলি মুগুচিল। পাঠকসকলে বু..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৩, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুল। মনৰ পৰা ভূতৰ ভয় সমূলি মুগুচিল। পাঠকসকলে বুজিব লাগিব যে এই মিনামেই পাত আনিবলৈ গৈ বৰগীত গাইছিল আৰু ফুলক দেখি বলেৰে ধৰি আনিব খুজিছিল । তাৰ পাচত পদ্মই খেদি অহা দেখি সেইবােৰ ভৌতিক কাণ্ড বুলি ভয় খাই লৰ মাৰিছিল। পদ্মৰ কথা শুনি বলােৰামে ক'লে :---“যদি তােমালােকৰ আপত্তি নাই, তেন্তে ফুলক মােৰ ঘৰতে ৰাখিব পাৰা। মােৰে। ঘৰত সৰহীয়া মানুহ নাই। লৰা ছোৱালীৰ ভিতৰত এটী ছােৱালীয়েই সকলো বুলিব লাগে। পদ্মকা বলােৰামৰ কথাত মাখি হ'ল আৰু ফুলক থৈ তাৰ পৰা গুচি গ'ল। ফুল বলােৰামৰ ঘৰতে থাকিবলৈ ধৰিলে। ষােড়শ অধ্যায়। ঋণ-পৰিশােধ। বণ শেষ হ’লত স্বৰ্গদেৱ কিছুমান সৈন্যেৰে সৈতে এভােব ঠাইত গােট খালে। মানসেনাটোৱেও তাৰ প্রতিজ্ঞা ভঙ্গ কৰা নাছিল । সি যদিও স্বজাতিৰ বিৰুদ্ধে অস্ত্ৰ ধৰা নাছিল, তথাপি দেবেন্দ্ৰক বহুতাে কাৰ্য্যত সাহায্য কৰিছিল। স্বৰ্গদেৱে নিজৰ