পৃষ্ঠা:ফুল.pdf/১১৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ফুল। ১০৭ | আজি ফুলগুৰি গাৱঁত ভাওনা। নিচেই ৰাতিপুৱ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৩, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুল। ১০৭ | আজি ফুলগুৰি গাৱঁত ভাওনা। নিচেই ৰাতিপুৱাৰে পৰা সকলাে ৰাই কামত ব্যস্ত। কোনােৱে নামঘৰৰ কাষৰ বন চিকুণাইছে, কোনােৱে চো ঘৰ সাজিছে, কোনােৱে ঠাই মচিছে, কোনােৱে টুপতে বহি মুখত ৰহণ লগাইছে । দুজনমানে কল- পটুৱা কাটিছে, এটাই ওচৰত থকা হাবিৰ পৰা, ভোলাপাত আনিবলৈ গৈছে আৰু এটাই ঘৰে ঘৰে চাউল-পয়চা তুলি ফুৰিছে। কোনােৱে আকৌ নানা প্রকাৰ লেল-পেল নিছিগা বক্তৃতা জুৰি নানা জনক নানা কাৰ্যলৈ হুকুম বি, নিজৰ গা সৰুৱাইছে। ওচৰত থকা বকুল গছ জোপাৰ তলত কেইবাটাও লৰা-ছােৱালী গােট খাই উমলিব লাগিছে। এইদৰে গাইপতি বেলেগ বেলেগ কাৰ্যত লাগি থাকোতেই বেলি প্রায় ডেৰ-পৰমান হ’লহ। সকলােৱে গা-পা ধুই নতুন সাজপাৰ পিন্ধি আহিবৰ নিমিত্তে ঘৰলৈ যাবলৈ ওলাল। এনেতে পাত আনিবলৈ যােৱা মানুহটো ভৰা-না-ছিঙি লৰি ওলালহি আৰু পুলুং-পালাংকৈ কেউফাললৈ চাবলৈ ধৰিলে। তাৰ এনে ভাব-ভঙ্গি দেখি ৰাইজ-সকলে নানা প্রকাৰ প্ৰশ্ন সুধিবলৈ ধৰিলে। প্রথম।—কি হ’ল অ’ মিনাম ? ২য় হেৰ' পাত কত? ৩য়।-হেৰ, ইমানকৈ কঁপিছ কিয় মিনা-দাইনী--যখিনী-আও! কেনেকৈ খেদি আহিছে। এই বুলি মিনাৰামে কেউ ফাললৈ চাবলৈ ধৰিলে।