অৰুনোদই সম্বাদ পত্ৰ/ফেব্ৰোআৰি, ১৮৪৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

১১১ নং শাৰী:
==পঞ্চম পৃষ্ঠা==
৩৫ ০০০ মাইল । সুৰ্জৰ পৰা ১৮০ ০০ ০০০০০ মাইল দুৰ হৈ ৮৪ বচৰ ৯ দিনত এবেলি মাথোন ঘুৰে ।
 
গ্ৰহ উপগ্ৰহৰ লেখ । প্ৰধান গ্ৰহ ৭; সৰু গ্ৰহ ৪; উপগ্ৰহ ১৮; মুঠ ২৯ । নেজাল তৰা অনেক ।
 
প্ৰত্যেক গ্ৰহৰ ডাঙ্গৰ সৰু জানুবৰ নিমিতে পথালি জোখৰ দৰে তলৰ নক্‌চাত লিখা আচে । তাত এটা নেজাল তৰাও লিখা আচে । নেজাল তৰা হলে সুৰ্জক ঘুৰে, তথাপি পথ সমান ঘুৰনিয়া ন হই; বৰ দিঘল পথত ঘুৰে। তাৰ গতিৰ দৰে কোনো কালে সুৰ্জৰ নিচেই ওচৰলৈ আহে, পাচে অতি দুৰলৈ গৈ অনেক বচৰৰ মুৰত আকও আহে ।
 
---------------------
ওপৰৰ কথা লিখাৰ পাচে লণ্ডনৰ ডাকে অনা সম্বাদ পত্ৰত এই কথা পাইচোঁ, জৰ্মানি দেসৰ হেঙ্ক নামেৰে এজন জোতিসিয়া ৮ ডিচেম্বৰত দুৰ্বিনে সৈতে তৰাবিলাকক চাওঁতে এক নতুন তৰা দিখিলে; পাচে দিন চাৰেক চালত আন তৰাৰ নিচিনা নিচল ন হৈ গ্ৰহৰ নিচিনা গতি কৰিলে, তাতে সেই তৰা এটা নতুন গ্ৰহ বুলি জানিলে; কোনো কালত তাক আগৈএ দেখা পোআ নাই। সেই গ্ৰহ কিমান ডাঙ্গৰ আৰু কিমান দুৰ হই, তাক জোখা ন হল; এতিয়া জুখিবলৈ উপাই কৰিচে ।
--------দ্বিতীয় শাৰী---------------
 
 
প্ৰিথিবিৰ আকাৰৰ বিসই ।
<!-------- পঞ্চম পৃষ্ঠা/ দ্বিতীয় শাৰী --------------->
Shape of the Earth
<center> '''প্ৰিথিবিৰ আকাৰৰ বিসই ।'''<br>
Shape of the Earth </center>
প্ৰিথিবি ৰবাব টেঙ্গাৰ নিচিনা ঘুৰনিয়া । পুৰান আদিতে কই, প্ৰিথিবি আৰ্চিৰ নিচিনা; আৰু পুথি কৰা লোকে লিখে, জে প্ৰিথিবি চাৰি চুকিয়া, ও কোনোএ তিনি চুকিয়া বুলি কই । সেই সকল কথা প্ৰমান ন হই; কাৰন ইউৰপ দেসৰ জোতিসৰ পুথিত ও ব্ৰহ্ম সিদ্ধান্তত ও সুৰ্জ্য সিদ্ধান্তত ও সিদ্ধান্ত সিৰোমনিকে আদি কৰি পুথিবিলাকত প্ৰিথিবি ঘুৰনিয়া বুলি কৈচে । আৰু হিন্দুস্থানৰ ও ইউৰপৰ পণ্ডিতবিলাকে ওপৰে লিখা পুথি বিলাকক মিলাই মিলাই চাইচে; আৰু সেই পুথি প্ৰমানিক দেখি মান্য কৰে, ও তাৰে সকলোএ সিখ্যা পাই, আৰু জোতিস জনাবিলাকে পঞ্জিকা ও গ্ৰহনকে আদি কৰি আকাসৰ ভাবি ঘটনা নিচই কৰি দেখুআই । তাৰে প্ৰিথিবি ঘুৰনিয়া বুলি জনা জাই, কিন্তু অন্য আকাৰ প্ৰমানিক ন হই ।
 
প্ৰিথিবি জে ঘুৰনিয়া তাৰ পৰিমান পাবলৈ কোনোবা নাবিক ইউৰপৰ এক দেসৰ পৰা জাহাজেৰৈ এক মুখে প্ৰিথিবিৰ চাৰিও ফালে ঘুৰি আকও আপোন দেস পাইচিল । জদি প্ৰিথিবি ঘুৰনিয়া নো হোআহেঁতেন তেন্তে নাবিক লোকে আপোন মুখ নু ঘুৰুআকৈ আপোন দেসলৈ আহিব নোআৰিলেহেঁতেন । তিনি স বচৰ হল, ইউৰপৰ মাজত ইস্পানিয়া দেসৰ মাগেলৰ সাহাব ৫ জাহাজেৰে সৈতে পুব ফাললৈ মুখ কৰি প্ৰথমে প্ৰিথিবি বেৰি ভ্ৰমন কৰিবলৈ গৈচিল । ঐ সাহাব কোনোবা লোকৰ দোআৰাই বাটত মৰা হল, কিন্তু তেওঁৰ জাহাজৰ মুখ নু ঘুৰুআকৈ এহেজাৰ এস একুৰি চাৰি দিনে পুনৰ বাৰ আপোনাৰ দেসলৈ আহিচিল । পাত ইংলণ্ড আদি কৰি অনেক দেসৰ লোকে কেতবোৰে পুব মুখে গৈ কেতবোৰে পচিম মুখে গৈ জাহাজ নু ঘুৰুআকৈ প্ৰিথিবিক বেষ্টন কৰি আহিলে । ৫০ বচৰ হল, মহা জসস্যা পোআ কাপ্তান কুক সাহাব প্ৰিথিবিক বেষ্টন কৰিবলৈ গৈচিল, পাচত দু বাৰ এনেকৈ কৰি ত্ৰিতিয় বাৰত তেওঁৰ দোআৰাই জনা হোআ পাচিফিক মহা সাগৰৰ মাজত হাৱাই নামেৰে উপদিপৰ মানুহবিলাকে তেওঁক অকাৰনে
 
==ষষ্ঠ পৃষ্ঠা==