অৰুনোদই সম্বাদ পত্ৰ/ফেব্ৰোআৰি, ১৮৪৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

৮৭ নং শাৰী:
 
==চতুৰ্থ পৃষ্ঠা==
<center>'''গ্ৰহৰ বিবৰন ।'''<br>
The Solar System </center>
আকাসৰ সুন্যত থকা তৰা আটাইবোৰ আমাৰ পৰা সমান দুৰ ন হই । জি জি তৰা ওচৰ হই সেইবোৰ ডাঙ্গৰ জেন দেখি, জি জি দুৰ হই সেইবোৰ সৰু জেন দখি; আৰু চকুৰে মনিব নোআৰি, দুৰ্বিনেৰেহে দেখিব পাৰি, এনে লাখ লাখ তৰা আচে । আমাৰ ওচৰত থকা জি তৰাই সুৰ্জক ঘুৰি জাই, সেইবোৰ গ্ৰহ বোলে । কোন তৰা গ্ৰহ হই, তাক জানিবৰ নিমিতে বেলিএ বেলিএ চালে ঠিক পাই; গ্ৰহ হই জদি, তাৰ ঠাই লৰে, অন্য তৰা হলে ঠাই ন ৰলে । গ্ৰহ ৭ টা মাথোন আচে; বুধ, সুকুৰ, ভুগোল, মঙ্গল, ব্ৰিহস্পতি, সনি, হৰ্স্যেল । এই সকলো গ্ৰহে সুৰ্জক ঘুৰি জোআ পথ ওপৰৰ নক্‌চাত লিখা আচে । মাজত থাকে সুৰ্জ ।
 
১ । সুৰ্জৰ ওচৰত থকা ভিতৰ হোআ পথত বুধ গ্ৰহে চলি জাই; সি সুৰ্জৰ পৰা ৩ ৭০ ০০০০০ মাইল অৰ্থাত ১ ৮৫ ০০ ০০০ ক্ৰোসৰ অন্তৰত থাকি ৮৮ দিনত সুৰ্জক ঘুৰে । সেই গ্ৰহ সৰু; তাৰ পথালি জোখ ৩২২৪ মাইল ।
 
২ । তাৰ বাহিৰে সুকুৰৰ পথ লিখা আচে; সি ৬ ৮০ ০০০০০ মাইলৰ আঁতৰ হৈ সুৰ্জক ২২৪ । দিনত ঘুৰিচে । তাৰ পথালি ৭৬৮৭
 
----দ্বিটীয় শাৰী--------
<!--চতুৰ্থ পৃষ্ঠা/ দ্বিতীয় শাৰী -->
মাইল হই; প্ৰিথিবিতকৈ এফেৰি সৰু । মাহ চাৰেক গধুলিতে, পাচে মাহ চাৰেক পুআই জি তৰা বৰ ৰস্মিএৰে সুজৰ ওচৰে ওলাই, তাকে সুকুৰ বুলি জানিবা ।
 
৩ । ভুগোল অৰ্থাত প্ৰিথিবি বচৰি বচৰি সুৰ্জক ঘুৰিচে দেখ, তাকো গ্ৰহ বোলে । সুজৰ পৰা ৯ ৫০ ০০ ০০০ মাইলৰ আঁতৰ হই । তাৰ পথালি জোখ ৬৯৬০ মাইল । উতৰৰ পৰা দখিনলৈ তাতকৈ এফেৰি কম । ভুগোলে সৈতে এক উপগ্ৰহ অৰ্থাত চন্দ্ৰ ঘুৰি থাকে; প্ৰিথিবিএ জেনেকৈ সুৰ্জক ঘুৰে তেনেকৈ চন্দ্ৰে ২৯ ।। দিনত প্ৰিথিবিক ঘুৰে, তাৰে মাহ হই । চন্দ্ৰ বহল জোখ ২১৮০ মাইল মাথোন হই ।
 
৪ । মঙ্গক প্ৰিথিবিতকৈ কিচু সৰু; তাৰ পথালি ৪০০০ মাইল হই । দেখিবলৈ আন তৰাতকৈ বৰন ৰঙ্গা । সুৰ্জৰ পৰা ১৪ ৪০ ০০ ০০০ মাইলৰ অন্তৰত থাকি এবচৰ ৩২২ দিনত ঘুৰে ।
মঙ্গল আৰু ব্ৰিহস্পতিৰ পথৰ ভিতৰত চিৰিচ, পালাচ, জুনো, বেষ্টা, এই চাইটা অতি সৰু গ্ৰহ সুৰ্জক ঘুৰি ফুৰে । দুৰ্বিনেৰেহে দেখি ।
 
৫ । মঙ্গলৰ বাহিৰে ব্ৰিহস্পতিৰ পথ লিখা আচে । সি গ্ৰহৰ মাজত ডাঙ্গৰ; দিখিবলৈকো ৰস্মি বৰ প্ৰকাস । প্ৰিথিবিতকৈ এঘাৰ গুন বহল; তাৰ পথালি ৮৯ ০০০ মাইল হই । সুৰ্জৰ পৰা ৪৯ ১০ ০০ ০০০ আঁতৰ, ১১ বচৰ ৩২২ দিনত ঘুৰে । তাৰ লগত উপগ্ৰহ ৪ টা আচে; আমাৰ চন্দ্ৰ দৰে গ্ৰহনো লাগে, দুৰ্বিনেৰেহে দেখিব পাৰে ।
 
৬ । ব্ৰিহস্পতিৰ বাহিৰে সুৰ্জৰ পৰা ৯০ ১০ ০০ ০০০ মাইলৰ অন্তৰত সনিৰ পথ থাকে । ২৯ বচৰ ১৬৯ দিনত সুৰ্জক ঘুৰে । পথালিৰ জোখ ৭৯ ০০০ মাইল । তাক ঘুৰনিয়াকৈ মেৰোআ মণ্ডলৰ আক্ৰিতি এক আচৰিত বস্তু দেখা জাই । তাক সনিৰ চক্ৰ বোলে । সনিৰ উপগ্ৰহ অৰ্থাত চন্দ্ৰ সাতোটা আচে ।
 
৭ । সেইবিলাক গ্ৰহৰ বাহিৰে হৰ্স্যেল নামে ইংৰেজি এক বৰ পণ্ডিত সাহাবে ১৭৮১ সঁকত দুৰ্বিনেৰে চাই এটা নতুন গ্ৰহ দেখা পালে । সেই গ্ৰহৰো হৰ্স্যেল নাম দিয়া গল । তাৰ পথালি
 
==পঞ্চম পৃষ্ঠা==