ৰিফৰ্ম্ম্ সুন্দৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Bishnu Saikia (আলোচনা | বৰঙণি) অ added Category:দণ্ডিনাথ কলিতাৰ সাহিত্যকৰ্ম using HotCat |
Babulbaishya (আলোচনা | বৰঙণি) No edit summary |
||
২১ নং শাৰী:
}}
::::::::::ৰিফৰ্ম্ম্ সুন্দৰী
::::::::ইণ্ডিয়া অফিচৰ কমাৰ-শালত
::::::::বিলাতী ধাতুৰ বিলাতী পাগত
:::::::গঢ়িলে ৰূপহী মণ্টেগু চেমছফৰ্ড
:::::::::দুজনে হাতুৰী পিটি;
:::::::সুন্দ-ঊপসুন্দ বধৰ কাৰণে
:::::::::তাহানি গঢ়িছিল যিটি।
:::::::ৰিফৰ্ম্ম্ সুন্দৰী নামেৰে ৰূপহী
:::::::::ওলাল দিবলৈ ভাও,
:::::::বাজিল বাদ্য ধিনিকি ধিন্দাও
:::::::::ধিনিকি ধিন্দাও দাও।
::::::::ৰিফৰ্ম্ম্ সুন্দৰী ৰং সনা মুখ,
::::::::ডঁহা চকুযুৰি দেখি গুচে দুখ,
:::::::মুগা চুলিটাৰ কেঁকোৰা-কেকুৰি
:::::::::বতাহত ধেমালি কৰে,
:::::::ইন্দ্ৰধনু যেন আঁচলখনিয়ে
:::::::::চকু জাল মাৰি ধৰে ।
:::::::ৰূপহীক লৈ শিয়ান বাঢ়ৈয়ে
:::::::::সাগৰত মেলিলে নাও;
:::::::বাজিল বাদ্য ধিনিকি ধিন্দাও
:::::::::ধিনিকি ধিন্দাও দাও।
::::::::ৰিফৰ্ম্ম্ সুন্দৰী সাগৰ বগাই,
::::::::ঢৌ তুলি তুলি খলক লগাই,
:::::::ৰমক-জমক্ আঁচল উৰাই
:::::::::উজাই আহিল ধীৰে,
:::::::সাগৰৰ পাৰ কঁপাই তুলিলে
:::::::::দৰ্শক-মণ্ডলীৰ ভিৰে ।
:::::::“ৰিফৰ্ম্ম্ আহিছে” “ৰিফৰ্ম্ম্ আহিছে”
:::::::::চৌপাশে উঠিল ৰাও,
:::::::বাজিল বাদ্য ধিনিকি ধিন্দাও
:::::::::ধিনিকি ধিন্দাও দাও।
::::::::ৰিফৰ্ম্ম্ সুন্দৰীৰ মুখ দেখা পাই
::::::::মজিল কতনা, তাৰ সীমা নাই,
:::::::শিয়াল-কঁটহীয়া চুমাৰ-লোভত
:::::::::কতই এৰিল ভাত;
:::::::প্ৰেমৰ ৰসেৰে হূদয় ভৰিল,
:::::::::হৰিল মুখৰ মাত ।
:::::::কাৰ্য্য-সিদ্ধি দেখি যুগল বাঢ়ৈয়ে
:::::::::ভাৰতত চপালে নাও;
:::::::বাজিল বাদ্য ধিনিকি ধিন্দাও
:::::::::ধিনিকি ধিন্দাও দাও।
::::::::আঁতৰি পলাল সন্দেহীৰ দল,
::::::::চাপি-কুঁচি গ’ল প্ৰেমিকসকল,
:::::::ৰিফৰ্ম্মে হাঁহিলে মিচিকি মিচিকি
:::::::::গপতে আপোন মনে,
:::::::চেনেহ-চুমাৰ টপাটপ্ আৱাজত
:::::::::ধুমুহা উঠিল ঘনে ।
:::::::নগৰে নগৰে সুন্দৰী ৰিফৰ্ম্মে
:::::::::চলালে সবুট পাও,
:::::::বাজিল বাদ্য ধিনিকি ধিন্দাও
:::::::::ধিনিকি ধিন্দাও দাও ।
::::::::ৰিফৰ্ম্মৰ চকু পিৰিক-পাৰাক,
::::::::দেখি প্ৰাণি-প্ৰাৰ্থী হ’ল জাক জাক,
:::::::ৰিফৰ্ম্ম্-জনকে ঘোষণা কৰিলে
:::::::::জিলাই ৰ্জিলাই যাকে
:::::::অধিক প্ৰজাই ভোট দি বাছিব
:::::::::ৰিফৰ্ম্মে বৰিব তাকে।
:::::::পণ শুনি লৈ প্ৰত্যেকে ভাবিলে,
:::::::::তেৱেঁই মাৰিলে দাও,
:::::::বাজিল বাদ্য ধিনিকি ধিন্দাও
:::::::::ধিনিকি ধিন্দাও দাও।
::::::::গোটেই দেশত হ’ল হুলস্থুল,
::::::::ভোট্ ভোট্ ভোট্,-উঠিল কল্লোল,
:::::::দুৱাৰে দুৱাৰে ভোট্-ভোটনি মাথোঁ,
:::::::::ৰাইজ, মোক দিয়াঁ ভোট্,
:::::::নিশ্চয় বোৱাম গোটেই দেশত
:::::::::উন্নতিৰ নতুন সোঁত।
:::::::ভোটৰ কাৰণে বক্তৃতা জুৰিলে
:::::::::গোঁফত দি দি তাও;
:::::::বাজিল বাদ্য ধিনিকি ধিন্দাও
:::::::::ধিনিকি ধিন্দাও দাও।
::::::::ভোটৰ নিমিত্তে টঙনা-টঙনি,
::::::::কত ভোজ-ভাত, ইননি-বিননি।
:::::::পাহাৰী ভোটক তলত পেলালে
:::::::::ইয়াৰ ৰিফৰ্ম্ম-ভোটে;
:::::::য’তেই ৰূপহী ত’তেই ইদৰে
:::::::::কন্দলে খোপনি পোতে।
:::::::ভোটৰ কাৰণে প্ৰাৰ্থীসকলে
:::::::::প্ৰথমে দেখিলে গাওঁ;
:::::::বাজিল বাদ্য ধিনিকি ধিন্দাও
:::::::::ধিনিকি ধিন্দাও দাও।
::::::::জিলাই জিলাই নোৱাই-ধুৱাই
::::::::দিলে একোজন ভোটে উলিয়াই;
:::::::বৰ-বেশ পিন্ধি ৰমক্ জমক
::ভেমত ওফন্দিল হিয়া;
:::::::পাঁচ পাণ্ডৱৰ পৰিণয় যথা
:::::::::হ’ল ৰিফৰ্ম্মৰ বিয়া।
:::::::ঢোল খোল পেঁপা বাজিল সঘনে
:::::::::আকাশত উঠিল ৰাও,-
:::::::ধিনিকি ধিন্দাও ধিনিকি ধিন্দাও
:::::::::ধিনিকি ধিন্দাও দাও।
::::::::বৰ হৈ ৰিফৰ্ম্ম্ বিলাতী মেমৰ
::::::::নাম পালে ম্লেচ্ছ অথবা ‘মেম-বৰ’
:::::::ওলাল সকলো ৰাইজৰ ধনেৰে
:::::::::নিজৰ জোলোঙা ভৰি,
:::::::ৰেল জাহাজতে ফুৰিলে বগাই
:::::::::হনিমুন্ এনজয় কৰি।
:::::::ভেবা লাগি ৰ’ল ভোটাৰসকল
:::::::::দেখি মেম্বৰৰ ভাও;
:::::::বাজিল বাদ্য ধিনিকি ধিন্দাও
:::::::::ধিনিকি ধিন্দাও দাও ।
::::::::লাহ-বিলাহৰ ন ন সাজ কৰি
::::::::দিওঁতে নতুন গহনা-গাঁঠৰি,
:::::::ভাৰে ভাৰে ধন কেনিবা উৰিল,
:::::::::ভঁৰাল উদং হ’ল;
:::::::ৰূপহীৰ মন যোগাওঁতে
:::::::::পোতৰ টকাও গ’ল।
:::::::যিমানেই হ’ল ধনৰ নাটনি
:::::::::ৰিফৰ্ম্মৰ চৰিল ভাও,
:::::::বাজিল বাদ্য ধিনিকি ধিন্দাও
:::::::::ধিনিকি ধিন্দাও দাও॥
::::::::গতি-গোত্ৰ দেখি কোনোবা হতাশ,
::::::::কোনোবা হাঁহিছে পিন্ধি প্ৰেম-পাশ,
:::::::কোনোৱে কৈছে, “নালাগে ইজনী,
:::::::::খেদোৱাঁ চুলিত ধৰি,”
:::::::কোনোৱে কৈছে “ৰিফৰ্ম্মক ৰাখিম
:::::::::বুকুৰ বান্ধৈ কৰি।”
:::::::কোনোৱে কৈছে, “ৰিফৰ্ম্ম-প্ৰেমিকাৰ
:::::::::ভেঁটিত গজিব লাও,
:::::::শত্ৰুৱে বজাব ধিনিকি ধিন্দাও
:::::::::ধিনিকি ধিন্দাও দাও।”
[[শ্ৰেণী:কবিতা]]
|