পৃষ্ঠা:চিন্তা-কলি.djvu/১০৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|{{Xx-larger|'''বহুবল্কী৷'''}}}}
{{center|{{Xx-larger|'''বহুবল্কী৷'''}}}}


{{gap}}{{Xx-larger|ব}}হুবল্কীৰ পেট এখন কুৰুক্ষেত্ৰ। তাত নানা তৰহৰ কথাই তয়াময়া যুঁজ পাতি থাকে, আৰু পেটৰ গৰাকীয়ে মুখ মেলি দিলেই সেই এটাইবোৰ কথাই সো-সো কৰে বাজলৈ লালী ধৰে। এই লালীত বেয়া ভাল, সৰু বৰ, সঁচা মিছা সকলো বিধৰ কথা থাকে। বহুবল্কীৰ মুখেৰে কথা সোঁত বৈ যায়, আৰু সেই সোঁতৰ ছেদ-ভেদ নাই। সোঁতৰ এনে অমূৰ্ত্তক বেগ যে তাৰ কোনো এটা কথা ধৰি ৰাখিব নোৱাৰি, ধৰিলে হাত পুলকি লৰ মাৰে। গতিকে, বহুবল্কীয়ে মুখ নজপালে কথা ৰাখিবৰ উপায় নাই। ইমানবোৰ কথা পেটত ৰখাও উজু নহয়। বনৰীয়া টোকোৰা ধৰি সজাত বন্দী কৰিলে সিহঁত ওলাবলৈ খৰ-মৰাই থাকে, আৰু সেই খৰ-মৰণিত পলকে পলকে সজাত ভূমিচাল হয়। সজা বাঁহৰ যতন, তাৰ জীৱ নাই, সেই দেখি খৰ-মৰণিত তাৰ দুখো নাই, আমনিও নাই। কিন্তু বহুবল্কী জীৱ থকা মানুহ, কেৱল স্বভাৱৰ দোষত কথাবাহী হয়। তাৰ তেজমঙ্গহৰ শৰীৰ, সি কথাৰ খৰ-মৰণি কিমান সহিব পাৰে? দুই চাৰিটা অত তত ওকালি পেলাব পাৰিলেই অলপ সকাহ পায়। সেই দেখি কথাচহকীয়ে সুচল পালেই মুখ মেলে, আৰু যেই তাৰ মুখ
{{gap}}{{Xx-larger|ব}}হুবল্কীৰ পেট এখন কুৰুক্ষেত্ৰ। তাত নানা তৰহৰ
কথাই তয়াময়া যুঁজ পাতি থাকে, আৰু পেটৰ গৰাকীয়ে
মুখ মেলি দিলেই সেই এটাইবোৰ কথাই সো-সো কৰে
বাজলৈ লালী ধৰে। এই লালীত বেয়া ভাল, সৰু বৰ, সঁচা
মিছা সকলো বিধৰ কথা থাকে। বহুবল্কীৰ মুখেৰে কথা সোঁত
বৈ যায়, আৰু সেই সোঁতৰ ছেদ-ভেদ নাই। সোঁতৰ এনে
অমূৰ্ত্তক বেগ যে তাৰ কোনো এটা কথা ধৰি ৰাখিব নোৱাৰি,
ধৰিলে হাত পুলকি লৰ মাৰে। গতিকে, বহুবল্কীয়ে মুখ
নজপালে কথা ৰাখিবৰ উপায় নাই। ইমানবোৰ কথা পেটত
ৰখাও উজু নহয়। বনৰীয়া টোকোৰা ধৰি সজাত বন্দী
কৰিলে সিহঁত ওলাবলৈ খৰ-মৰাই থাকে, আৰু সেই খৰ-
মৰণিত পলকে পলকে সজাত ভূমিচাল হয়। সজা বাঁহৰ
যতন, তাৰ জীৱ নাই, সেই দেখি খৰ-মৰণিত তাৰ দুখো নাই,
আমনিও নাই। কিন্তু বহুবল্কী জীৱ থকা মানুহ, কেৱল
স্বভাৱৰ দোষত কথাবাহী হয়। তাৰ তেজমঙ্গহৰ শৰীৰ,
সি কথাৰ খৰ-মৰণি কিমান সহিব পাৰে? দুই চাৰিটা অত
তত ওকালি পেলাব পাৰিলেই অলপ সকাহ পায়। সেই দেখি
কথাচহকীয়ে সুচল পালেই মুখ মেলে, আৰু যেই তাৰ মুখ