অৰুনোদই সম্বাদ পত্ৰ/জানোআৰি, ১৮৪৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

১৩৪ নং শাৰী:
==পঞ্চম পৃষ্ঠা ==
<!--পঞ্চম পৃষ্ঠা / প্ৰথম শাৰী -->
<center> '''ৰজাৰ মৈদাম খনা ।''' <br>
Tombs of the Ahom Kings.</center>
 
পুৰ্বৰে পৰা কোনো আহোম ৰজা স্বৰ্গি হলে সেই ৰজাই জি জি বাচনত খাই, আৰু জি জি দ্ৰব্য বস্তু লই, আৰু লিগিৰা লিগিৰি, জহৰা জহৰি, আৰু কেতিয়াবা হাতি ঘোৰা, এই সকলো তাৰ পৰ ৰজাই মৈদাম বান্ধি তাৰ ভিতৰত সুমাই দিএ । এই ক্ৰমে বস্তু থই; ৰজা থোআ খোঁটালিৰ ওপৰে সাত খলপিয়া সোনাৰ বৰৈ দিয়া চন্দৰ তাপ; মাটিত সোনৰ দাপোন মৰা চাল পিৰা; পিৰাৰ চাৰিও চুকে সোনেৰে বন্ধোআ চাৰি খঁটি, তাতে আঁঠুআ দিএ; পিৰাৰ ওপৰত ৰুপৰ পাটি; সোন বাখৰৰ বন কৰা গাৰু, তাতে ৰাজ অলঙ্কাৰে সৈতে ৰজা সুআই থই । পিৰাৰ কোসতে সোনত হিৰা বাখৰ পতা এনে ফাঁকেৰে হেঙ্গদাঙ্গ; কঁকালৰ ওপৰ মাটিতে চাৰি পাঁচ খান সৰাই, তাৰে এখান ৰুপৰ সৰাইত সোনৰ বটা, তাৰ ভিতৰে সোনত হিৰা বাখৰ পতা চুন খোআ টেমি আৰু সোনাৰ ধঁপাত থোআ টেমা, সোনৰ ডাবেৰে কটাৰি আৰু ৰুপৰ তামোল; এখান সৰাইত সোনৰ ভোগ জৰা, এখানত অলঙ্কাৰ, এই দৰে সোনাৰ মাইহাঙ্গ আদি কৰি ৰুপৰ ভোগ জৰা পৰ্জন্তে থই, আৰু সোন ৰুপৰ পেৰাও থই । ভৰি পথানৰ ফালে সোনেৰে বন্ধা ধঁআ খোআ, তাৰ ওপৰত ৰুপৰ সাফৰ মৰা চিলিম, সোন ৰুপৰ বন কৰা নলি থই, আৰু লিগিৰা এটাই সোনৰ মুঠি বন্ধা চোঁঅৰেৰে বিচে । এই দৰে অন্য অন্য ঠাইতো বস্তু মানুহ ইত্যাদি থই । কিন্তু ৰজা ভকতিয়া হবৰে পৰা জিয়া জন্তু নি দিয়া হল । তথাপি ৰুদ্ৰ সিংহ ৰজাৰ মৈদামত মুৰ চাইটা, প্ৰমত সিংহৰ মৈদামত দহোটা বাৰেটা ওলাইচে বুলি মানুহে কই ।
সেই মৈদাম ৰাখিবলৈ মানুহ দি থোআ দস্তুৰ আচিলে; এই হেতুকে কোনো লোকে মৈদান খানি বস্তু লুট কৰিব নোআৰিচিল । আৰু ভুত, পিসাচ, আহম ডাইনি, আৰু ৰজাবিলাকো থাকে বুলি, খানিবলৈ সাহ নে পাই । গৰগঁয়া বুৰা ৰজাৰ মৈদামটো মাথোন মটকে আগৈএ খানিলে । কিন্তু মোং সঁক ১৭৬৬, ইং সঁক
 
---------------
সেই মৈদাম ৰাখিবলৈ মানুহ দি থোআ দস্তুৰ আচিলে; এই হেতুকে কোনো লোকে মৈদান খানি বস্তু লুট কৰিব নোআৰিচিল । আৰু ভুত, পিসাচ, আহম ডাইনি, আৰু ৰজাবিলাকো থাকে বুলি, খানিবলৈ সাহ নে পাই । গৰগঁয়া বুৰা ৰজাৰ মৈদামটো মাথোন মটকে আগৈএ খানিলে । কিন্তু মোং সঁক ১৭৬৬, ইং সঁক
<!-- পঞ্চম পৃষ্ঠা / দ্বিতীয় শাৰী -->
১৮৪৪ত চৰাই দেওত প্ৰথমে লখ্‌মি সিংহ ৰজাৰ মৈদাম চুৰকৈ সৰু কুৰিয়া বৰাৰ পুতেকে খানি বস্তু উলিয়াই নিলে । ইয়াকে দেখি ভুত পিসাচ নাই বুলি বুজি সকলো মানুহৰ ভই গুচি, চলিচ পঞ্চাস ইমান মানুহ গোট খাই অন্য ৰজাৰো মৈদাম খানিবলৈ ধৰিলে । সেসতে জি দুটা মান মৈদাম ন খনাকৈ আচিল, সেই মৈদাম ৰাখিব নোআৰাত অস্থি গঙ্গালৈ নিওঁ বুলি স্ৰী স্ৰী পুৰন্দৰ সিংহ ৰজাই এতিয়া খনাইচে ।
 
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;'''খনা মৈদামৰ লেখ ।'''
<poem>
১ । লখ্‌মি সিংহ ৰজাৰ পকি মৈদাম খানিলে । তাতে অনেক বস্তু ওলাল; জি মানুহে খানিলে তাক ফাটকত দিলে ।
২ । ডেকা গঁৰগয়া ৰজাৰ মৈদাম । তাক ১৪৭৪ সঁকত বান্ধিচিল, চ খোঁটালি ঘৰ; খানিলতে অনেক সোন ৰুপৰ বাচন অলঙ্কাৰ পালে বুলি কই, আৰু মৈদামৰ ভিতৰত ঠায়ে ঠায়ে অনেক হাৰ ওলাল ।
Line ১৫৩ ⟶ ১৫৬:
১০ । খোৰা ৰজাৰ মৈদাম ।
১১ । এক দিহিঙ্গিয়া ৰজাৰ মৈদাম, জাৰ নাম নে জানে, তাক চুৰকৈ খানি সোমালত বালি মাটি খহি চাইটা মানুহৰ গাত পৰিল ।
</poem>
 
==ষষ্ঠ পৃষ্ঠা==