পৃষ্ঠা:গণ-বিপ্লৱ.pdf/২৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "গণ-বিপ্লৱ | জ্যোতি।--হয় স্বৰ্গদেৱ। স্বৰ্গদেৱে অভ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৯:২৪, ১৭ জুন ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গণ-বিপ্লৱ | জ্যোতি।--হয় স্বৰ্গদেৱ। স্বৰ্গদেৱে অভয় নিদিলে তেনে কথা কবলৈ সাহ জন্মে। শিৱ।-সঙ্কোচ নকৰিবা; মই অভয় দিছে।। জ্যোতি।—স্বৰ্গদেৱে যেতিয়া দোষ নধৰে বুলিছে, কওঁ। মই গণনাত পালে? স্বৰ্গদেৱৰ গুৰু ভাল নহয়, তাতে আকৌ শনিৰ দৃষ্টি পৰিছে। এইবাৰ স্বৰ্গদেৱৰ ছত্ৰভঙ্গ যোগ। | শিৱ।--তাৰ পৰা কি হয়? জ্যোতি।-স্বৰ্গদেৱ ৰজা ভাগিব লাগে। জ্যোতিভূষণৰ কথা শুনি ৰজা বিমৰ্ষ হ’ল; জ্যোতিষীক বলে,—“আকৌ এবাৰ ভালকৈ গণি চোৱাচোন।” জ্যোতিভূষণে আকৌ পূৰ্বৰ দৰেই গণনা কৰিলে। তাৰ পাচত আকৌ এবাৰ চালে। তাৰ পাচত ক'লে,-“স্বৰ্গদেৱ, গণনাত ভুল হোৱা নাই। মোৰ গণনাত ভুল হ'ব নোৱাৰে। আগেয়ে যি কৈছোঁ সেয়ে হ’ব।” শিৱ।--তাক খণ্ডাবৰ উপায় নাই নে? জ্যোতি।-নাই। আপোনাৰ ছত্ৰভঙ্গ হবই। অৱশ্যে তাৰ আনুষঙ্গিক বিপদৰ হাত সাৰিবৰ উপায় আছে। শিৱ।—কি উপায়? জ্যোতি।-দেৱতা আৰু ব্ৰাহ্মণৰ সন্তোষতে দেশৰ মঙ্গল'- মঙ্গল নিৰ্ভৰ কৰে। স্বৰ্গদেৱে দেৱালয়বিলাকত পূজা-পাটল দিয়াওক, ষোড়শোপচাৰে নবগ্ৰহৰ পূজা কৰাওক, বামুণক মাটি-বৃত্তি ধন সোণ দান কৰক। তেনে কৰিলেই অন্যান্য অমঙ্গল আঁতৰ হ’ব কিন্তু ছত্ৰভঙ্গৰ প্ৰতীকাৰ নহয়।