অৰুনোদই সম্বাদ পত্ৰ/জানোআৰি, ১৮৪৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
১ নং শাৰী:
<-!== প্ৰথম পৃষ্ঠা / প্ৰথম শাৰী Page No. 12 --> ==
<center><div style="font-size: large; font-weight: bold;">অৰুনোদই সম্বাদ পত্ৰ।</div>
প্ৰথম চোআ মো সিৱসাগৰ, জানোআৰি ১৮৪৬ খ্ৰিষ্ট অঃ সঁক ১ নম্বৰ
<div style="display: inline; border-top: 1px solid; border-bottom: 1px solid;">
VOL I. SIBSAGOR, ASAM, JANUARY, 1846 NO. 1.
প্ৰথম চোআ &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;মো সিৱসাগৰ, জানোআৰি ১৮৪৬ খ্ৰিষ্ট অঃ সঁক &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;১ নম্বৰ
জোআ বচৰৰ কথা ।
VOL I.&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;SIBSAGOR, ASAM, JANUARY, 1846&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;NO. 1.</div></center>
Summary of Events in 1845
 
<center>জোআ বচৰৰ কথা ।<br>
Summary of Events in 1845</center>
 
 
<-! প্ৰথম পৃষ্ঠা / প্ৰথম শাৰী Page No. 12 -->
<!-- প্ৰথম পৃষ্ঠা / প্ৰথম শাৰী Page No. 12 -->
১৮৪৪ ইং সঁকৰ এক জানোআৰিৰ পৰা এবচৰৰ ভিতৰত ইংলেণ্ড দেসত ঠায়ে ঠায়ে ২৪ - ২০ ০০ ০০০ চিঠি ডাকত পঠোআ হল ।
১৮৮৫ৰ ৭ জানোআৰিত এক নেজাল তৰা কলিকতাত দেখা হৈচিল ।
Line ১৬ ⟶ ১৯:
জিউতৰা দেসৰ পৰা জি কোনো বাপু লোকে লঙ্কাত গৌতমা অৰ্থাত বোধ দেৱতাক সেৱা কৰিবলৈ গৈছিল, সিবিলাকৰ আগত এক দাঃত গৌতমাৰ দাঁত বুলি লঙ্কাৰ বাপুএ ১৫ মাৰ্চত দৰ্সন কৰালে ।
 
<-!-- প্ৰথম পৃষ্ঠা / দ্বিতীয় শাৰী -->
চুইচ দেসৰ মানুহৰ ভিতৰত কাঁজিয়া লাগি ৰন কৰি, মাৰ্চৰ সেস এপ্ৰেলৰ প্ৰথম দুই দিনত দুই তিনি হেজাৰ মান মানুহ মৰিল ।
এ এপ্ৰেলত মেক্‌চিকো নগৰত বৰ ভুঁইকঁপ গল, তাতে নাম ঘৰৰ মঠ আৰু আন আন পকি ঘৰো এনেক ভাগি পৰিল ।
Line ৫৩ ⟶ ৫৬:
 
==তৃতীয় পৃষ্ঠা ==
<-!-- তৃতীয় পৃষ্ঠা / প্ৰথম শাৰী Page No 14-->
পৰা দেও পুজক আৰু ৰাইখসৰ নিচিনা হৈচিল; পাচে ইংৰেজি মিস্যনেৰি পাদুৰি সাহাৰে গৈ ধৰম সিকোআত টাহিটি লোকে দুষ্ট আচাৰ এৰি খ্ৰিষ্টিয়ান ধৰম ললে । ফ্ৰাঞ্চি দেসৰ ৰোমি পাদুৰিএ তাকে দেখি ধৰম ওলোটাই ৰোমি ধৰম সিকাবৰ নিমিতে ফ্ৰাঞ্চি ৰজাই তেঁৱে সৈতে ৰন কৰি বহু মানুহক মাৰিলে; সেস জি থাকিল হাবিত পলাই আচে, পোমাৰে ৰানিও সেদান্তৰ হল ।
শ্ৰীজুত য়েট্‌চ নামেৰে এজন বাপ্তিষ্ট মিস্যনেৰি পাদুৰি সাহাৰ নৰিয়া হেতুকে ইংলেণ্ডলৈ জাওঁতে চুক সাগৰত ৩ জুলাইত খ্ৰিষ্টৰ আস্ৰইত পৰলোক প্ৰাপ্ত হল । তেওঁ বঙ্গাল দেসত ৩০ বচৰতকৈ অধিক থাকি ধৰম পুথিৰ অন্তৰ ভাগ সংস্ক্ৰিত আৰু হিন্দুস্থানি ভাসাৰে লিখিলে; তাত বাজে সাঙ্সাৰিক বিদ্যাৰ ১০ । ১২ খান পুথি লিখি, এই দেসৰ মানুহক অনেক উপকাৰ কৰিলে ।
Line ৬২ ⟶ ৬৫:
আগষ্টৰ ৬ তাৰিখত অসম দেসত বৰ ভুঁইকঁপ হল; নগাঁও গুআহাটিত কেত্‌বোৰ পকি ঘৰ ফাট ললে ।
৯ আগষ্টত ইংলেণ্ডৰ ৰাজ মেল ভাগিলত স্ৰী স্ৰী মতি বিক্তৰিয়া মহা ৰানি আৰু তেওঁৰ স্বামি মহা মহিম প্ৰিঞ্চাল্‌বৰ্তে লণ্ডন নগৰ এৰি জৰ্মানি
<-!-- তৃতীয় পৃষ্ঠা / দ্বিতীয় শাৰী -->
দেস চাবলৈ গল । সাগৰৰ বাট অন্ত এৰিলত আন্তুঅৰ্প, ৰন, কোলৌন, কোবৰ্গ আদি কৰি অনেক নগৰলৈ গৈ তাতে সকলো লোকৰ অনেক মান সত্‌কাৰ পালে ।
আগষ্টৰ ১১ দিনত পাটনা নগৰত কইদি মানুহে ভাত ৰান্ধিবৰ কথাত আগ্যা নে মানি হাকিমৰ বিৰোধে উঠি কিলা কিলি কৰিলে; তাতে চিপাহিএ বন্দুকেৰে গুলিয়াই এটা কইদিক মাৰিলে, পাচে সকলোবোৰ বসবৰ্তি হল ।
Line ৭৫ ⟶ ৭৮:
 
==চতুৰ্থ পৃষ্ঠা==
<-!-- চতুৰ্থ পৃষ্ঠা / প্ৰথম শাৰী -->
পঞ্জাবি ৬০ ০০০ সাঠি হেজাৰ সেনাই সৈতে জুধ কৰি, পঞ্জাবি মানুহ ৰনত পাৰ্গত হোআ হেতুকে দুয়ো দলৰ বহু সেনা মৰিল, আৰু অনেক সাহাবো মৰিল । সেসত কম্পানিৰ লোকে সত্ৰুক ৰণ্ড ভণ্ডকৈ পৰাজই কৰি ৭০ বৰটোপ আদি কৰি সকলো ৰনৰ সামগ্ৰি পাই অৱসেস থকা মানুহক সতদ্ৰু নদিৰ সি পাৰলৈ খেদালে ।পাৰ হওঁতে ২০০০ মান মনুহ মৰিল । পঞ্জাবৰ লাহোৰ নামে ৰাজ নগৰৰ পৰা কোনো পত্ৰত লিখিচে, পঞ্জাবি সেনা ৯০০০ ন হেজাৰ মৰিল, এধা মৰা তিনি হেজাৰ । ফিৰোজপুৰৰ পৰা পাচে অহা পত্ৰত লিখিচে, পঞ্জাবিৰ মৰা আৰু কটা মানুহ ২০ ০০০ কুৰি হেজাৰ হৈচে । কম্পানিৰ লোক ১০০০ এহেজাৰ মৰিল, গুলি লগা হৈ দু হেজাৰ মান আচে ।
সেই মহা ৰন জিকা হলত জয়ধনিৰ নিমিতে স্ৰীজুত গবৰ্নৰ জেনৰল বাহাদুৰে নগৰ সকলত বৰ টোপ ২১ বাৰ মাৰিবলৈ হুকুম দিলে ।
Line ৮৬ ⟶ ৮৯:
খেহ দেসৰ ৰজাৰ কেয়িঙ্গ নামেৰে এক মন্ত্ৰিএ খ্ৰিষ্টিয়ান সাস্ত্ৰ পাই ৰজাৰ ঠাইলৈ পঠোআত ৰজাই ভালকৈ বিচাৰ কৰোআই তাৰ সকলো কথাআ উতম হোআ বুজি আপোনাৰ দেসৰ মানুহে
<-!-- চতুৰ্থ পৃষ্ঠা / দ্বিতীয় শাৰী -->
খ্ৰিষ্টিয়ান ধৰম লবলৈ কোনোএ জেন বাধা ন কৰে এই আগ্যা দিলে । খেহ দেসত আগৈএ এই ধৰম আচৰিবলৈ নিষেধ হৈচিলে । ।।
 
Line ৯৩ ⟶ ৯৬:
 
==পঞ্চম পৃষ্ঠা ==
<-! --পঞ্চম পৃষ্ঠা / প্ৰথম শাৰী -->
ৰজাৰ মৈদাম খনা ।
Tombs of the Ahom Kings.
পুৰ্বৰে পৰা কোনো আহোম ৰজা স্বৰ্গি হলে সেই ৰজাই জি জি বাচনত খাই, আৰু জি জি দ্ৰব্য বস্তু লই, আৰু লিগিৰা লিগিৰি, জহৰা জহৰি, আৰু কেতিয়াবা হাতি ঘোৰা, এই সকলো তাৰ পৰ ৰজাই মৈদাম বান্ধি তাৰ ভিতৰত সুমাই দিএ । এই ক্ৰমে বস্তু থই; ৰজা থোআ খোঁটালিৰ ওপৰে সাত খলপিয়া সোনাৰ বৰৈ দিয়া চন্দৰ তাপ; মাটিত সোনৰ দাপোন মৰা চাল পিৰা; পিৰাৰ চাৰিও চুকে সোনেৰে বন্ধোআ চাৰি খঁটি, তাতে আঁঠুআ দিএ; পিৰাৰ ওপৰত ৰুপৰ পাটি; সোন বাখৰৰ বন কৰা গাৰু, তাতে ৰাজ অলঙ্কাৰে সৈতে ৰজা সুআই থই । পিৰাৰ কোসতে সোনত হিৰা বাখৰ পতা এনে ফাঁকেৰে হেঙ্গদাঙ্গ; কঁকালৰ ওপৰ মাটিতে চাৰি পাঁচ খান সৰাই, তাৰে এখান ৰুপৰ সৰাইত সোনৰ বটা, তাৰ ভিতৰে সোনত হিৰা বাখৰ পতা চুন খোআ টেমি আৰু সোনাৰ ধঁপাত থোআ টেমা, সোনৰ ডাবেৰে কটাৰি আৰু ৰুপৰ তামোল; এখান সৰাইত সোনৰ ভোগ জৰা, এখানত অলঙ্কাৰ, এই দৰে সোনাৰ মাইহাঙ্গ আদি কৰি ৰুপৰ ভোগ জৰা পৰ্জন্তে থই, আৰু সোন ৰুপৰ পেৰাও থই । ভৰি পথানৰ ফালে সোনেৰে বন্ধা ধঁআ খোআ, তাৰ ওপৰত ৰুপৰ সাফৰ মৰা চিলিম, সোন ৰুপৰ বন কৰা নলি থই, আৰু লিগিৰা এটাই সোনৰ মুঠি বন্ধা চোঁঅৰেৰে বিচে । এই দৰে অন্য অন্য ঠাইতো বস্তু মানুহ ইত্যাদি থই । কিন্তু ৰজা ভকতিয়া হবৰে পৰা জিয়া জন্তু নি দিয়া হল । তথাপি ৰুদ্ৰ সিংহ ৰজাৰ মৈদামত মুৰ চাইটা, প্ৰমত সিংহৰ মৈদামত দহোটা বাৰেটা ওলাইচে বুলি মানুহে কই ।
সেই মৈদাম ৰাখিবলৈ মানুহ দি থোআ দস্তুৰ আচিলে; এই হেতুকে কোনো লোকে মৈদান খানি বস্তু লুট কৰিব নোআৰিচিল । আৰু ভুত, পিসাচ, আহম ডাইনি, আৰু ৰজাবিলাকো থাকে বুলি, খানিবলৈ সাহ নে পাই । গৰগঁয়া বুৰা ৰজাৰ মৈদামটো মাথোন মটকে আগৈএ খানিলে । কিন্তু মোং সঁক ১৭৬৬, ইং সঁক
---------------
<-!-- পঞ্চম পৃষ্ঠা / দ্বিতীয় শাৰী -->
১৮৪৪ত চৰাই দেওত প্ৰথমে লখ্‌মি সিংহ ৰজাৰ মৈদাম চুৰকৈ সৰু কুৰিয়া বৰাৰ পুতেকে খানি বস্তু উলিয়াই নিলে । ইয়াকে দেখি ভুত পিসাচ নাই বুলি বুজি সকলো মানুহৰ ভই গুচি, চলিচ পঞ্চাস ইমান মানুহ গোট খাই অন্য ৰজাৰো মৈদাম খানিবলৈ ধৰিলে । সেসতে জি দুটা মান মৈদাম ন খনাকৈ আচিল, সেই মৈদাম ৰাখিব নোআৰাত অস্থি গঙ্গালৈ নিওঁ বুলি স্ৰী স্ৰী পুৰন্দৰ সিংহ ৰজাই এতিয়া খনাইচে ।
খনা মৈদামৰ লেখ ।
Line ১১৫ ⟶ ১১৮:
 
==ষষ্ঠ পৃষ্ঠা==
<-!-- ষষ্ঠ পৃষ্ঠা / প্ৰথম শাৰী -->
বাজত থকা মানুহে দুটা টানি উলিয়ালে, দুটা তাতে মৰিল । পাচে ৰজাৰ মানুহে খানোঁতে মাটি আকও খহি, এক দোআনিয়া মানুহ পোত গৈচিল, লগৰ মানুহে উলিয়াই আনিলে ।
১২ । গদাধৰ ৰজাৰ মৈদাম অতি ডাঙ্গৰ দেখি খনা মানুহে ভিতৰ সোমাব নোআৰিলে । পাচে ৰজাৰ এস মান মানুহে দু মাহ খানি মৈদাম ফুটাইচে । তিনি কুৰি হাত মান ওখ হৈচে ।
Line ১৪৩ ⟶ ১৪৬:
 
==সপ্তম পৃষ্ঠা ==
<-!-- সপ্তম পৃষ্ঠা / প্ৰথম শাৰী -->
আৰু কলে বোলে, কানি খালে ভাল ন হই, এই কথা সকলোএ গ্ৰাজ্য কৰিলে; আৰু কানি খালে তাৰ অপকাৰৰ জি জি ফল ধৰে, তাকো সকল মানুহে পৰ্হি জানিবলৈ ইয়াত লিখি জনাইচে ।
যদি কোনো বৰ ভদ্ৰ লোকৰ ঘৰত বহুত সম্পতি থাকে আৰু সোনে ধনে বৰ চহকি হই, পিচে সি কানি খাবলৈ সিকিলে, আৰু লাহে লাহে অলপকৈ নিতৌ নিতৌ খাই পিচে সহজ হলে, তেতিয়া তাৰ সেই ধন থাকে মানে, নিৰ্ভই মনেৰে অতি মন দি খাই, আৰু আন আন জি কানিয়া মানুহ আহে তাকো খুআই; এই ৰুপে খাঁওতে কিচুমান বচৰৰ মুৰত তাৰ জি জি সোন ধন আচিলে, সেই আটাই কানি খাওঁতে ধুকাল, আৰু আন জি জি কানি কাপৰ লোটা বাটি কাঁহ পিতলৰ পাত্ৰ তাকো কানিৰ লগতে বেচি বেচি খালে; পিচে সেই কানিৰ গুনতে থাকি সি একো বন কৰিব নোআৰঅ হল, কিয়নো একো সক্তি নাই নিৰ্বল হল, আৰু সৰপা হৈ বেলিলৈকে সুবৰ মন মাথোন; পিচে তাৰ ঘৰৰ গৰু মহ আন আন জি সম্পতি আচিলে সেই সকলো কানিৰ লগতে নষ্ট হল, আৰু নিচইকৈ সি দুখিয়া হল ।
পিচে তাৰ লৰা তিৰোতা জি জি পৰিয়াল থাকে, সিঁহতে সৈতে সদাই দন্দকৈ থাকে, আৰু খোআ বোআ বেলিত একো সুখ নাই, আৰু তাৰ ওচৰ চুবুৰিয়া চিনাকি মিতিৰবিলাকেও তাক মৰম ন কৰে, সেই নিমিতে কতো কানি পাবৰ উপাই নাই দেখি, আপোন ঘৰ বাৰি এৰি দেসে দেসে গাঁৱে গাঁৱে ফুৰি থাকে; আৰু সেই কানিয়া মানুহৰ আই বুপাই বন্ধু ইষ্ট কুটুম কালৈকো এফেৰিও মৰম নে লাগে; তাৰ গুন এই, জদি তাৰ মিতিৰৰ ঘৰত কিবা ভাল বস্তু দেখে তেন্তে সেই বস্তু লবলৈ সি বৰ চল চাই ফুৰে, কানি বা ৰুপ বা সোন বা আন আন জি বস্তু দেখে, তাকে চুৰকৈ আনে, পিচে আন ঠাইত বেচি কানি খাই, আৰু সি কেতিয়াও সঁচা কথা ন কই, এই ৰুপে কানিয়া মানুহে কানি খাবলৈ নে পালে সদাই চুৰ ফুৰে; কিন্তু কেতিয়াবা ধৰিবলৈ পালে ৰাজ সোধলৈ ধৰি নিএ, তাতে ।
<-!-- সপ্তম পৃষ্ঠা / দ্বিতীয় শাৰী -->
তাৰ আটাই চিনাকি মিতিৰবোৰৰ আগতো বৰ লাজ পাই, আৰু সোধতো দুসি হই তেতিয়াৰাজ আগ্যানুসাৰে তাক ফাটকত দি থই; তাতে কানি খাবলৈ নে পাই অতিসই দুখ ক্লেস পাই, জাতনা ভুঞ্জি সৰিল অতি খিন হৈ, কি জানি কিচুমান দিন থাকি তাতে মৰি জাই ।
পিচে সেই ভাইবিলাক, এই প্ৰিথিবিত জিয়াই থাকোঁতে অনেক অকৰম কৰি কৰি হেলাতে দিন খেদাই পিচত ইস্বৰৰ ঠাইত পাপি হই, অনন্ত নৰকত পৰি থাকা গৈ ।
Line ১৫৫ ⟶ ১৫৮:
==অষ্টম পৃষ্ঠা==
<-!-- অষ্টম পৃষ্ঠা / প্ৰথম শাৰী -->
ইও পোনে দেখা, তাৰ আপোনাৰ পাতৰ পৰা ওপজা লৰঅ, তথাপি এফেৰিও মৰম ন হল; কিয়নো জি কানি তাক সি ডাঙ্গৰ বস্তু পাতিচে, আৰু জি তাৰ সন্তান তাক সৰু পাতিচে; আৰু তাৰ পৰা একো গম নে পাম বুলি, তাৰ মনত ভাবিচিলে ।
পাচে সেই লৰাক মৰম লাগি আগলৈ ভাল হব জেন বুলি, সাহাবে ৰাখিলে; আৰু জি মিস্যমেৰি ইস্কুল তাতে সাহাবে দায়া কৰি তাক সিকিবলৈ দিলে ।
Line ১৬২ ⟶ ১৬৫:
কিন্তু হে প্ৰিয় মানুহবিলাকক দেখা, তাৰ জি বাপেক মাক সিহঁতে আপুনি জানিচে, কানি বেয়া বস্তু বুলি, আৰু তাৰ পৰা একো লাভ নাই, চহকি লোকে খালেও সি বৰ চোৰ আৰু ডকাইত হই, কানি খোআত লাভ এফেৰিও নাই কেৱল সৰিল সুখাই হত হই, সেসত অতি দুখেৰৈ প্ৰান মৰে আৰু নৰকিও হই । এই সকল গুন কানিৰ
<-!-- অষ্টম পৃষ্ঠা / দ্বিতীয় শাৰী -->
পৰা হই বুলি প্ৰাই সকলোএ জানে, তথাপি অগিয়ানিৰ মত হৈ কানি খাবলৈকো নেৰে, আৰু তাৰ লৰা চোআলিকো সিকাই; এই দৰে জি দেসতে কানিয়া সৰহ সেই দেসতে মিচা, অনিয়াই, ভাৰি খোআ, অধৰম সদাই বাৰ্হি গৈচে, কিন্তু ধৰম হলে এফেৰিও নাই ।