অৰুনোদই সম্বাদ পত্ৰ/জানোআৰি, ১৮৪৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

১০৪ নং শাৰী:
 
==ষষ্ঠ পৃষ্ঠা==
<-! ষষ্ঠ পৃষ্ঠা / প্ৰথম শাৰী -->
বাজত থকা মানুহে দুটা টানি উলিয়ালে, দুটা তাতে মৰিল । পাচে ৰজাৰ মানুহে খানোঁতে মাটি আকও খহি, এক দোআনিয়া মানুহ পোত গৈচিল, লগৰ মানুহে উলিয়াই আনিলে ।
১২ । গদাধৰ ৰজাৰ মৈদাম অতি ডাঙ্গৰ দেখি খনা মানুহে ভিতৰ সোমাব নোআৰিলে । পাচে ৰজাৰ এস মান মানুহে দু মাহ খানি মৈদাম ফুটাইচে । তিনি কুৰি হাত মান ওখ হৈচে ।
১৩ । প্ৰতাপ সিংহ ৰজাৰ মৈদাম । চাহাব বাৰিতে আচে; ৰজাই খনাইচে ।
চৰাই দেওত এইবিলাক ৰজাৰ মৈদাম আদি কৰি কুঁঅৰি সকলো বৰ লোকৰ মৈদাম খানি দ্ৰব্য লুট কৰিলে । তাৰ পৰা গৰগাঁও,
-----------------দ্বিতীয় শাৰী---------------
সিৱসাগৰ, চাৰিঙ্গ, জাঁজি, এই সকলতো মৈদাম খানি, কোনো কোনো লোকে দন্দ কৰি কিলা কিলি কৰি এধা মৰা হৈ আচে । সিৱসাগৰত অৰ্জুন বুৰা গোহাঁইৰ মৈদাম খানি ফুটিলত মানুহ এটা সোমাই ওলাব নোআৰি তাতে মৰিল ।
জিবিলাকে আপোনাৰ ধনত মন সন্তোস ন হৈ মৈদামৰ বা অন্য মানুহৰ ধনত লোভ কৰি নিএ, সিবিলাকৰ সেই ধনৰ পৰা লাভ ন হই, কিন্তু অধৰমহে হব ।
আগৰ কালত মিচৰ দেসত ৰজা সকলৰ এনে পকি মৈদাম বন্ধা দস্তুৰ আচিল । সেই মৈদাম তিনি হেজাৰ বচৰতকৈ অধিক হৈচে, তথাপি এতিয়ালৈকে নষ্ট নো হোআকৈ সেই দেসতে আচে । তাৰ এটাৰ নক্‌চা তলত লিখা আচে ।
-------------------------------{{চিত্ৰ}}---------------------------
 
--------------------তলৰ অংশ-------------------
কানিৰ বিবৰন
Evils of Opium
অতি মন্দ বস্তু কানি,
:জি খাই বৰ আগিয়ানি,
সঞ্চিত বস্তু হই তাৰ হানি,
:মুখে কই কটু বানি ।
 
সকল লোকে থাকে জানি,
:কানি খাই মন্দ প্ৰানি,
সি ন হই সংসাৰত গিয়ানি,
:কথাই তাৰ অপ্ৰমানি ।
------------------------দ্বিতীয় শাৰী-----------------------
বুধ বাৰ ইং সন ১৮৪৫ ৰ ২৪ ডিচেমব্ৰত বেলি চাৰি ঘৰি বজাৰ সমইত এক জন লোকে সিৱসাগৰৰ গিয়ানৰ সভাত নিবেদন কৰি কলে বোলে, কানি খালে ভাল ন হই, কিয়নো তাক খালে একো লাভ নাই, কেৱল মানুহ নষ্ট হই মাথোন; এই নিমিতে সেই কথাৰ বাদ বিচাৰ হবলৈ সভাপতি প্ৰমুখ্যাত সভাৰ সকলো মানুহৰ আগত বিনই ৰুপে নিবেদন কৰি জনালে ।
পিচে সেই কথাতে সভাৰ প্ৰধান লোকে দেসি আৰু বিদেসি জি জি মানুহে সভাত আচিলে, সকলোএ বাদ বিচাৰ কৰি কৰি দেখিলে,
 
==সপ্তম পৃষ্ঠা ==