অৰুনোদই সম্বাদ পত্ৰ/জানোআৰি, ১৮৪৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

৬৪ নং শাৰী:
 
==চতুৰ্থ পৃষ্ঠা==
<-! চতুৰ্থ পৃষ্ঠা / প্ৰথম শাৰী -->
পঞ্জাবি ৬০ ০০০ সাঠি হেজাৰ সেনাই সৈতে জুধ কৰি, পঞ্জাবি মানুহ ৰনত পাৰ্গত হোআ হেতুকে দুয়ো দলৰ বহু সেনা মৰিল, আৰু অনেক সাহাবো মৰিল । সেসত কম্পানিৰ লোকে সত্ৰুক ৰণ্ড ভণ্ডকৈ পৰাজই কৰি ৭০ বৰটোপ আদি কৰি সকলো ৰনৰ সামগ্ৰি পাই অৱসেস থকা মানুহক সতদ্ৰু নদিৰ সি পাৰলৈ খেদালে ।পাৰ হওঁতে ২০০০ মান মনুহ মৰিল । পঞ্জাবৰ লাহোৰ নামে ৰাজ নগৰৰ পৰা কোনো পত্ৰত লিখিচে, পঞ্জাবি সেনা ৯০০০ ন হেজাৰ মৰিল, এধা মৰা তিনি হেজাৰ । ফিৰোজপুৰৰ পৰা পাচে অহা পত্ৰত লিখিচে, পঞ্জাবিৰ মৰা আৰু কটা মানুহ ২০ ০০০ কুৰি হেজাৰ হৈচে । কম্পানিৰ লোক ১০০০ এহেজাৰ মৰিল, গুলি লগা হৈ দু হেজাৰ মান আচে ।
সেই মহা ৰন জিকা হলত জয়ধনিৰ নিমিতে স্ৰীজুত গবৰ্নৰ জেনৰল বাহাদুৰে নগৰ সকলত বৰ টোপ ২১ বাৰ মাৰিবলৈ হুকুম দিলে ।
________________________
ধৰমৰ কথা বাত্ৰা
Religious Intelligence.
জামেকা বৰ মাজুলিত এবচৰৰ ভিতৰত ২০০০ আফ্ৰিকা মানুহে খ্ৰিষ্টত বিস্বাস কৰি ইংলেণ্ডৰ বাপ্তিষ্ট মিস্যনেৰি পাদুৰিবিলাকৰ হতুআই খ্ৰিষ্টিয়ান মণ্ডলিত গ্ৰাজ্য কৰা হল ।
মান দেসৰ ঠায়ে ঠায়ে মিৰিৰ নিচিনা কাৰেন নামেৰে এবিধ মানুহ থাকে । সিবিলাকৰ আনেকে খ্ৰিষ্টিয়ান ধৰম লৈ মান বিসয়া সকলৰ হাতত বহু দুখ তাৰনা পাইচে । এবচৰৰ ভিতৰত ১৫০০ কাৰেন লোকে বিস্বাস কৰি বুৰ পোআ হৈ খ্ৰিষ্টিয়ান মণ্ডলিত সোমাল, এই কথা এক সমাচাৰ পত্ৰত লিখা দেখিচোঁ ।
বম্বাইৰ ওচৰত থকা আহমেদ নগৰত জোআ অক্তোবৰ মাহত এক জন কবিৰ পন্থি মহন্ত আদি কৰি ৮ জন মানুহে পাদুৰি সাহেবৰ কথা সুনি বিস্বাস কৰি খ্ৰিষ্টিয়ান মণ্ডলিত গ্ৰাজ্য কৰা হল।
খেহ দেসৰ ৰজাৰ কেয়িঙ্গ নামেৰে এক মন্ত্ৰিএ খ্ৰিষ্টিয়ান সাস্ত্ৰ পাই ৰজাৰ ঠাইলৈ পঠোআত ৰজাই ভালকৈ বিচাৰ কৰোআই তাৰ সকলো কথাআ উতম হোআ বুজি আপোনাৰ দেসৰ মানুহে
<-! চতুৰ্থ পৃষ্ঠা / দ্বিতীয় শাৰী -->
খ্ৰিষ্টিয়ান ধৰম লবলৈ কোনোএ জেন বাধা ন কৰে এই আগ্যা দিলে । খেহ দেসত আগৈএ এই ধৰম আচৰিবলৈ নিষেধ হৈচিলে । ।।
 
আইচ্‌লণ্ড নামে উতৰ সাগৰৰ এক মাজুলিত হেকলা নামেৰে এটা পৰ্বত আচে । তিনি চাৰি কুৰি বচৰৰ মুৰত সেই পৰ্বতৰ জুই আৰু তাপেৰে পমি যোআ বস্তু ওলাই, টিঙ্গৰ পৰা নৈৰ নিচিনাকৈ বৈ জাই । ১৭৭২ ইং সঁকৰ পৰা ৭২ বচৰ জুই ওলোআ নাই, কিন্তু জোআ বচৰৰ ১ চেপ্তেম্বৰত বৰ ভুঁইকঁপ আৰু ভুমিৰ গাজনি হল । পাচ দিনা অতি ভয়ঙ্কৰ গৰ্জনেৰে সৈতে পৰ্বতত দুই বাট ফুটিল; তাৰ পৰা লাবা অৰ্থাত সেই তপত জোল ওলাই দিয়ো সুঁতি আসগৰলৈ বৈ গল । সেই সুঁতিএ হাবিৰ মাজে দি বৈ গাঁৱৰ পোনে ন গল দেখি, তাত থকা মানুহ আপদত ন পৰিল । কিন্তু বৈ জোআ তপত জোল জি নদিৰ সাগৰৰ পানিত পৰিল, তাতে থকা মাচ সকলো তাপেৰে মৰিল ।সেই পৰ্বতৰ পৰা বহু চাই ওলাই ইংলেণ্ডৰ কাসৰত অৰ্কনি নামে এক মাজুলিত উৰি আহি পৰিল ।
হেকলা পৰ্বত ৩০০০ হাত ওখ । তাৰ দাঁতিতে উতলি থকা ভুমুকবোৰ আচে; তলৰ জুইৰে পানি তপত হৈ উতলি থাকে । ওপৰ নক্‌চাতো সেই ভুমুক লিখা আচে, তাত কোনোবা মানুহে ই সি সিজাইচে । কোনো কালত সেই ভুমিকবোৰে ৫০ । ৬০ হাত ওখকৈ পানি সিঁচি দিয়ে ।
 
==পঞ্চম পৃষ্ঠা ==