অৰুনোদই সম্বাদ পত্ৰ/জানোআৰি, ১৮৪৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary |
|||
৪২ নং শাৰী:
==তৃতীয় পৃষ্ঠা ==
<-! তৃতীয় পৃষ্ঠা / প্ৰথম শাৰী Page No 14-->
পৰা দেও পুজক আৰু ৰাইখসৰ নিচিনা হৈচিল; পাচে ইংৰেজি মিস্যনেৰি পাদুৰি সাহাৰে গৈ ধৰম সিকোআত টাহিটি লোকে দুষ্ট আচাৰ এৰি খ্ৰিষ্টিয়ান ধৰম ললে । ফ্ৰাঞ্চি দেসৰ ৰোমি পাদুৰিএ তাকে দেখি ধৰম ওলোটাই ৰোমি ধৰম সিকাবৰ নিমিতে ফ্ৰাঞ্চি ৰজাই তেঁৱে সৈতে ৰন কৰি বহু মানুহক মাৰিলে; সেস জি থাকিল হাবিত পলাই আচে, পোমাৰে ৰানিও সেদান্তৰ হল ।
শ্ৰীজুত য়েট্চ নামেৰে এজন বাপ্তিষ্ট মিস্যনেৰি পাদুৰি সাহাৰ নৰিয়া হেতুকে ইংলেণ্ডলৈ জাওঁতে চুক সাগৰত ৩ জুলাইত খ্ৰিষ্টৰ আস্ৰইত পৰলোক প্ৰাপ্ত হল । তেওঁ বঙ্গাল দেসত ৩০ বচৰতকৈ অধিক থাকি ধৰম পুথিৰ অন্তৰ ভাগ সংস্ক্ৰিত আৰু হিন্দুস্থানি ভাসাৰে লিখিলে; তাত বাজে সাঙ্সাৰিক বিদ্যাৰ ১০ । ১২ খান পুথি লিখি, এই দেসৰ মানুহক অনেক উপকাৰ কৰিলে ।
৪ জুলাইত তেক্চাচ নামেৰে এক দেস আমেৰিকাৰ মিল দেসবোৰে সৈতে সঙ্গ লৈ একে দেস হল ।
৭ জুলাইত বঙ্গাল দেসৰ স্ৰীদ্বাৰকানাথ ঠাকুৰ বাপুএ লণ্ডন নগৰত ইংলেণ্ডৰ মহা ৰানিৰ আগত আসখ্যাত হোআত মহা ৰানিৰ আৰু স্বামি প্ৰিঞ্চাল্বৰ্তৰ মুৰৰ নক্চা সেই বাপুক দি মৰ্জদা কৰিলে ।
জুলাইৰ ২৩ তাৰিখত ঢাকাত ভুঁইকঁপ গল; ২৬ তাৰিখত কলিকতা গুআহাটিতো হৈচিল ।
২৫ জুলাইত নুজিলণ্ড মানুহে ইংৰেজি সৈতে আকও জুধ কৰি ডৰ স মানুহক মাৰিলে ।
আগষ্টৰ ৬ তাৰিখত অসম দেসত বৰ ভুঁইকঁপ হল; নগাঁও গুআহাটিত কেত্বোৰ পকি ঘৰ ফাট ললে ।
৯ আগষ্টত ইংলেণ্ডৰ ৰাজ মেল ভাগিলত স্ৰী স্ৰী মতি বিক্তৰিয়া মহা ৰানি আৰু তেওঁৰ স্বামি মহা মহিম প্ৰিঞ্চাল্বৰ্তে লণ্ডন নগৰ এৰি জৰ্মানি
<-! তৃতীয় পৃষ্ঠা / দ্বিতীয় শাৰী -->
দেস চাবলৈ গল । সাগৰৰ বাট অন্ত এৰিলত আন্তুঅৰ্প, ৰন, কোলৌন, কোবৰ্গ আদি কৰি অনেক নগৰলৈ গৈ তাতে সকলো লোকৰ অনেক মান সত্কাৰ পালে ।
আগষ্টৰ ১১ দিনত পাটনা নগৰত কইদি মানুহে ভাত ৰান্ধিবৰ কথাত আগ্যা নে মানি হাকিমৰ বিৰোধে উঠি কিলা কিলি কৰিলে; তাতে চিপাহিএ বন্দুকেৰে গুলিয়াই এটা কইদিক মাৰিলে, পাচে সকলোবোৰ বসবৰ্তি হল ।
২৭ আগষ্টত অসসম দেসত ভুঁইকঁপ হল ।
গয়াৰ ১৩০০ ফাটকিয়া মানুহে একে লগে আলচ কৰি হাকিমৰ বিৰোধে উঠি দাৰোগাক মাৰিলে, আৰু মাজেষ্টৰ সাহাবকো মাৰিবলৈ উদ্যত কৰিলে । তেতিয়া বৰ্কানদাজে হিলৈ এবেলি মৰাতে ১৬ টাআ কইদি মৰিলে, তাতেহে বস হল ।
চেপ্তেম্বৰৰ প্ৰথম দিনত আইচ্লণ্ড মাজুলিৰ হেক্লা পৰ্বত ফুটি তপত জোলৰ নদি ওলাল ।
ডেন্মাৰ্ক দেসৰ ৰজাৰ পৰা শ্ৰী ৰামপুৰ নগৰ কিনি, ১১ অক্টোবৰত কম্পানি লোকে সেই নগৰৰ অধিকাৰ হৈ মহা ৰানিৰ নিচান তুলি থলে ।
আয়ৰলেণ্ড নামে ইংলেণ্ডৰ পচিম বৰ মাজুলিত এই বচৰে বিলাতি আলুত কিবা ৰোগ হৈ গেলি জোআত সেই দেসৰ মানুহে ভাতৰ দৰে আলুকে খোআ সহজ দেখি এতিয়া বৰ দুৰ্ভিখ্যা হৈচে ।
পঞ্জাব অৰ্থাত ৰঞ্জিতচিঙ্গৰ দেসৰ সেনাই আক্ৰমন কৰি সতদ্ৰু নদি পাৰ হৈ কম্পানি দেসলৈ অহাত আমাৰ দেসাধিপতি স্ৰী স্ৰীজুত গবৰনৰ জেনৰল বাহাদুৰে এই অপৰাধৰ নিমিতে সিহঁতৰ জি গাঁও নগৰ সতদ্ৰু নদিৰ ইপাৰে থাকে সেইবোৰক দখল কৰিবলৈ ১৩ ডিচেম্বৰত আগ্যা দিলে । আৰু পঞ্জাবি ৫০ ০০০ সেনাই ৰন কৰিবৰ নিমিতে আহিচে; কম্পানিৰো সেনা ২৫ ০০০ মান তালৈ গৈচে ।
১৮ ডিচেম্বৰ তাৰিখত ফিৰোজপুৰ নগৰৰ ওচৰত পঞ্জাবি মানুহে কম্পানিৰ সেনাই সৈতে জুধৰ আৰম্ভন কৰিলে । তাতে সিহঁতে পৰাজই হোআত সিহঁতৰ বৰ টোপ ২০ টা কম্পানিৰ লোকে কাৰহি নিলে ।
ডিচেম্বৰ ২১ আৰু ২২ দিনত কম্পানিৰ সৈন্যে
==চতুৰ্থ পৃষ্ঠা==
|