পৃষ্ঠা:কৃষ্ণ লীলা.pdf/২৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "১৮ কৃষ্ণ লীলা [ ১ম অঙ্ক কৃষ্ণ। কিবা ভাগ্য আজি মামা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০০:২৯, ১৬ মে' ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮ কৃষ্ণ লীলা [ ১ম অঙ্ক কৃষ্ণ। কিবা ভাগ্য আজি মামা এৰি ৰাজধানী ক্ষুদ্ৰ গাও ব্ৰজধামলৈ হ’ল আগমন। বলো। মামা, মানিছছা নিজকে ধন্য আপোনাক আলহি স্বৰূপে পাই। অকুৰ। ৰাজ ৰাজেশ্বৰ প্ৰভু কংসৰায়ে পঠিয়ালে মোক নিমন্ত্ৰি নিবলে তোমালোক দুয়োটিকে। মহা মহোৎসৱ হব কালি। বহু ক্ৰীড়া আৰু মাল যুদ্ধ আদি হব। ৰাজ প্ৰাঙ্গণত। সেই উপলক্ষে বোপ। দুয়োজন যাব লাগে। কৃষ্ণ। কি মজাৰ কথা মামা। নিশ্চয় নিশ্চয় যাম আমি দুয়ো। কেতিয়াও দেখা নাই ৰাজসভা ৰাজধানী। অজ্ঞ গাওঁলীয়া আমি। এনে নিমন্ত্ৰণ আমি নোৱাৰিম উপেক্ষা কৰিৰ। বলো আমাকে দিবনে মামা মাল সহ তাত যুজ দিবলৈ। অকুৰ। নিশ্চয় দিব। কিন্তু বোপা বাইদেউ • যশোদাই, নন্দ ভিনিহীয়ে, যাবলৈ অনুমতি নিদিয়ে দেখেনি। যশোদা। (কৃষ্ণক সাবটি ধৰি) বাছা মোৰ নয়নৰ মণি প্ৰাণপ্ৰিয় প্ৰাণৰ পুতলি ব্ৰজৰ জীৱন ধন