পৃষ্ঠা:কৃষ্ণ লীলা.pdf/২৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "৫ম দৃশ্য ]। কৃষ্ণ লীলা ৰাজ চৰণত। কিন্তু কৃষ্ণ বলাে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০০:২৮, ১৬ মে' ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫ম দৃশ্য ]। কৃষ্ণ লীলা ৰাজ চৰণত। কিন্তু কৃষ্ণ বলােৰাম নহলে নিজীব মহিষী যশােদা মােৰ ব্রজবাসী নিগমে মৰিম কৃষ্ণ বিনা। যশােদা। অকুড়, কিৰূপে জানিবা কিবা। উপাদানে গঢ়া মাতৃ হৃদয়। ৰাতি পুৱা হলে ভৈৰবী সুৰত মোহন ৰাগিনী গাই গােপ শিশু জাকে জগায়হি প্রাণকৃষ্ণ। শুনি সেই প্রভাতী মঙ্গল গীত উঠে পাটি এৰি প্ৰাণৰ গােপালে। তাৰ পাছে আধা মেলা মােহন চকুৰে শ্যাম তনু খনি আনি এঙ্গামুৰিয়াই মূৰটো কোলাতথৈ মােৰ মুখলৈ চাই, আই, আই বুলি সম্বােধে যেতিয়া জগৎ পাহৰি যাওঁ। গধুলি গােপাল গৰু চৰা শেষ হলে, ধূলি ধুসৰিত হৈ আহিলে উভটি সুগন্ধি পানীৰে ধুই দিও শ্রীঅঙ্গ। নিশা হলে মােৰ বুকুতেই মূৰ থৈ কত কথা কৈ কৈ শােৱে মােৰ প্ৰাণৰ গােপালে। কেনেকৈ জীম মই বিন প্রাণ কানু।. (কৃষ্ণ বলােৰামৰ প্রবেশ ) নন্দ। ৰাম কানু কৰা আহি নমস্কাৰ বীৰ অকুড়ক। সম্বন্ধত মামা হৱ তেওঁ। (দুয়ো নমস্কাৰ কৰে)