পৃষ্ঠা:কৃষ্ণ লীলা.pdf/২৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "৪ৰ্থ দৃশ্য ] কৃষ্ণ লীলা বুলি চাল মুখ। কালোতে কালোত..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০০:২৭, ১৬ মে' ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪ৰ্থ দৃশ্য ] কৃষ্ণ লীলা বুলি চাল মুখ। কালোতে কালোতে মোৰ ঘোলা হ’ল চকু। আই যদি নোবোলা তথাপি ভক্ত বুলি দেখা যদি দিয়াহি এবাৰ ধন্য হব মানবী জনম। বসুদেৰ। প্ৰিয়তমে ব্যাকুল নহবা। কি বুজিম আমি নৰ হৈ বিষম দৈবৰ গতি দুখ কিবা প্ৰিয়া। সুখ দুখ কাল্পনিক কথা মাত্ৰ তুলনা সাপেক্ষী। মায়াময় জগত সংসাৰ। ভাবা প্ৰিয়ে সিদিনৰ কথা, যিদিনা উপজি তোমাৰ গৰ্ভত প্ৰভু নাৰায়ণ, পোহৰালে কাৰাকক্ষ কি আনন্দ কিবা সুখ পালা। ভাগ্যবতী তুমি আৰু ভাগ্যবান মই, ভগবান আহি জনমিল আমাৰ সন্তানৰূপে তাৰ পাছে হিয়াত সাবটি ধৰি লৈ ঘোৰ শিলাবৃষ্টি মেঘ গাজনিৰ মাজে দিয়ে লৈ গলো ব্ৰজধামলৈ। ক্ষুদ্ৰ ভৰি দুটি হিয়াত থাপিত কৰি লৈ বাট ললো। ভয়ঙ্কৰ কাল সাপ আহি ভীষণ ফেটটি তুলি ধৰিলেহি ছত্ৰ ৰূপে, বনৰীয়া শিয়াল এটিয়ে বাট দেখুৱাই লৈ গল। মুহূৰ্তে মুহূৰ্তে বিজুলি চমকি, বিলালে পপাহৰ অতি। যমুনা দুফাল হৈ দিলে বাট এৰি