পৃষ্ঠা:কৃষ্ণ লীলা.pdf/২৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "চতুৰ্থ দৃশ্য বন্দীশাল (দৈবকী আৰু বসুদেৱ ) দৈবকী। স..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০০:২৭, ১৬ মে' ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ দৃশ্য বন্দীশাল (দৈবকী আৰু বসুদেৱ ) দৈবকী। স্বামি, কত দিন আৰু মই দেখিম ইহেন আপোনাৰ অসীম যাতনা। কুক্ষশত কৰালে বিবাহ অভাগিনী। মোক। সেই দিন ধৰি মোৰ কাৰণেই কত নিৰ্যাতন, কত দুখ ভোগ কৰি, কত কাল কটালে আপুনি। ভাই কংসে যদি বধিলে হেঁতেন মোক, এনে দশা তেনেহলে নহল হেঁতেন আপোনাৰ। হে প্ৰভু! কত দুঃখ দিয়া এই নিচলা উপায়হীন প্ৰাণী দুয়োটিক। এখন্তেক আহি দুখুনীৰ কোলা জুৰি বহিলাহি এই ঠাইত। উজলি উঠিল নৰক সদৃশ পোতাশাল। ভিতৰেও মোৰ হিয়াখনি পোহলা নীলকান্তমণি। তাৰ পাছে হিয়া মোৰ শত খণ্ড কৰি গুচি গৈ আজি কতনো ৰছৰে যশোদা সখীৰ কোলা জিলিকাই, আছাগৈ প্ৰভু পূৰ্ণানন্দ ব্ৰজধাম ধন্য কৰি। মই দিন লেখি লেখি বহি আছে দেখা পাম