পৃষ্ঠা:কৃষ্ণ লীলা.pdf/২০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "১০ কৃষ্ণ লীলা [ ১ম অঙ্ক কেনেকৈ, অলপ কালৰ হেতু মাথো ম..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০০:২৫, ১৬ মে' ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০ কৃষ্ণ লীলা [ ১ম অঙ্ক কেনেকৈ, অলপ কালৰ হেতু মাথো মায়াৰ ক্ৰীড়াত ভকতৰ হব দুখ তাৰ পাছে প্ৰভুৰ কৃপাত সকলোৱে প্ৰভুৰূপ ধৰি প্ৰভুতে বিলীন হব। দেখিব জগতে অতুল প্ৰভাব ভকতিৰ। শ্ৰীকৃষ্ণ। কাইলৈ শেষ হব ব্ৰজলীলা মোৰ বিশ্ব সংসাৰত এনে প্ৰেমলীলা, এনে নিৰ্ভৰতা, এনে একাগ্ৰতা কেতিয়াও দেখা নাই। সৰল পৱিত্ৰ গোপ-গোপী প্ৰেম দুলভ ধৰাত। গোপিনীৰ ভৰি ধুলি পাই পৰিত্ৰিত হল ব্ৰজধাম। একাধাৰে পতিৰূপে পুত্ৰৰূপে ভাতৃৰ স্বৰূপে পাই মোক গোপনাৰী আপোন পাহৰ। এনে নিৰ্ভৰতা, স্বাৰ্থ হীন প্ৰেম এই জগতত নিচেই বিৰল। যত দিন চন্দ্ৰ-সূৰ্য্য থাকিব ধৰাত। কত ভক্তে আহি বিচাৰিব গোপিপদ ৰেণু ভক্তিত বিভোল হৈ। হিয়াৰ তলিত শুনিবহি মোৰ বাঁহী মাত মিলিব পৰম গতি। নদ।। (প্ৰণাম কৰি) ধন্য প্ৰভু কৃপা আপোৰ। মহিমাৰ ইন্দ্ৰ দয়াৰ আধাৰ। ধন্যা গোপীমাতৃ শত শত কৰিছোঁ প্ৰণাম। কত যোগী কত যোগীন্দ্ৰই কত কল্প কঠোৰ