পৃষ্ঠা:কৃষ্ণ লীলা.pdf/১৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "কৃষ্ণ লীলা [১ম অঙ্ক (গোপীবিলাবে গীত দয়াময় দয়াব..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০০:২৫, ১৬ মে' ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৃষ্ণ লীলা [১ম অঙ্ক (গোপীবিলাবে গীত দয়াময় দয়াব অধাব। ভিখাৰিণী দীনা অতি তুমি দেৰ বিশ্বপভি বাঞ্চো পদৰেণুকা তোমাৰ ধন জন বাসনা বিলাস গতি মুক্তি স্বৰ্গ সুখ | নেলাগে বৈকুণ্ঠ লোক নাই একো নাই একো আশ চিৰকাল জনমে মনে সেই ভৰি ধুলিলৈ থাকো যেন লীন গৈ। শুকোমল সেই চৰণত (শ্ৰীকৃষ্ণই গোপিনী সকলক হাতত ধৰি তোলে। শ্ৰীকৃষ্ণ। ভক্ত মোব প্ৰাণ ভক্তমোৰ ধ্যান ভক্ত মোৰ অমুল্যবতন মই ভক্ত দাস ভক্ত প্ৰেম পাশ | মেইলও কবি যে যতন। ভকতৰ নাম বাতি দিনে গাওঁ ভক্ত নাম বাহীত বজাওঁ ভক্ত ৰূপে গুণে হিয়া ভৰ পুৰ ভক্তৰূপ অনিমেষে চাওঁ। (গীত গাই গাই নাৰদৰ প্ৰবেশ) নাৰদ। গীত ওৰে সখী পেখবে প্ৰাণ ভৰিয়া কৈসন নন্দকুমাবা ব্ৰহ্মলোক ত্যজি বিপিনবিহাবী মায়া অন্ত নাহি যাব। মকৰ কুণ্ডল মণ্ডিত গও গলে গজমতি দোলে তড়িতাম্বৰ শ্যাম সুন্দৰ শিৰে শিখণ্ডক লুলে।