পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১০৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Joli (আলোচনা | বৰঙণি)
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "অসমৰ বুৰঞ্জী ভিতৰুৱাল ফুকন, বৰফুকন, পৰ্বতীয়া ভট..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

২১:৪৭, ২০ এপ্ৰিল ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমৰ বুৰঞ্জী ভিতৰুৱাল ফুকন, বৰফুকন, পৰ্বতীয়া ভট্টাচাৰ্য গাের্সাই এইসকলৰ ঘৰত মােৱামৰীয়াই জুই দিবলৈ ধৰিলে। সেই ঘটনাই নগৰত তােলপাৰ লগালে। ঘাইমন্ত্রী কশেৰ বৰপাত্ৰগােহাঞি ডাক্ষৰীয়াই আকৌ মােৱামৰীয়াৰ বিদ্ৰোহৰ আগন্তক আনি, আৰু পূৰে মৰাণ বিদ্রোহত ভাঙ্গৰীয়া বিষয়াৰ দুৰ্দশাৰ কথালৈ সুৱৰি চাই, ভয়ত ভটিয়াই পলাই আত্মৰক্ষা কৰিলে। তেওঁ ভটিয়াই যােৱাত, ঘনশ্যাম বুঢ়াগােহাঞি ডাক্ষৰীয়াই, ঐঃ ১৭৮২ চনত, ঘাই-মন্ত্ৰীৰ বাৰ লৈ, নানা কৌশলেৰে বিদ্রোহী বিলাকক দমন কৰি আকৌ ৰাজ্যত শান্তি স্থাপন কৰিলে। | মােৱামৰীয়াৰ ২য় বিদ্রোহ-প্ৰথমবাৰৰ বিয়োহত মােৱামৰীয়াবিলাকে ঘনশ্যাম বুঢ়াগােহাঞি ডাঙ্গৰীয়াৰ কৌশল ভেদিব নােৱাৰি উলটি পলাল যদিও, সিবিলাকৰ মন নাগিল ; সিবিলাকে তলে তলে আকৌ ষড়যন্ত্র কৰিবলৈ ধৰিলে। মােৱামৰীয়াবিলকে গৌৰীনাথসিংহ স্বৰ্গদেৱৰ অত্যাচাৰৰ প্রতিশােধ দিবৰ নিমিতে দৃঢ়প্রতিজ্ঞ হৈ এইবাৰৰ আয়ােজনত একাণপতীয়া মনােযােগ দি লাগিলে। এনে সমস্যাত, ঘনশ্যাম ডাঙ্গৰীয়াৰ মৃত্যু হােৱাত, তেওঁৰ ডেকা পুত্ৰ পূৰ্ণানন্দ গােহাঞিদেয় নতুনকৈ বুঢ়াগােহাঞি ডাঙ্গৰীয়া হয়। এই কথাত অধিক বল পাই, মােৱামৰীয়াবিলাক চালি ধৰি উঠিল, আৰু খ্রীঃ ১৭৮৭ চনত, দেখাদেখিকৈয়ে বিদ্রোহ উপস্থিত কৰি, মােৱামৰীয়াবিলাকে চাৰিওফালৰপৰা নগৰ বেৰি ধৰিলেহি। * ভেকা মহামন্ত্রী পূর্ণানন্দ বুঢ়াগােহাঞি ডাঙ্গৰীয়া এজন বৰ বিচক্ষণীয়া বুদ্ধিৰ পুৰুষ আছিল। হঠাৎ বিপদে গ্রাস কৰিবলৈ ধৰা যেন দেখিও, তেওঁ বিচলিত নহল। তেওঁ ধীৰভাৱে এজাক ৰণুৱা সজাই মােৱামৰীয়াবিলাকৰ লগত ৰণ দিবলৈ পঠিয়ালে। কিন্তু মােৱামৰীয়াবিলাক এইবাৰ বিষম বিক্ৰমেৰে আহিছিল ; ৰাজকীয় সেনাই সিবিলাকৰ আগত সৰপৰ ঠাৱৰিব নােৱাৰিলে। মহামতি পূৰ্ণানন্দ বুঢ়াগােহাঞি ডাঙ্গৰীয়া ইমানতাে চঞ্চল নহল, তেওঁ নানা ঠাইত আহােম কোঠ মৰাই মােৱামৰীয়াৰে সৈতে ৰণ দিবলৈ ধৰিলে (১; ইতিমধ্যত স্বৰ্গদেৱক গুৱাহাটীৰ ফালে সৈন্য-সামন্ত যােগাৰ কৰিবৰ অৰ্থে পঠিয়াই লৈ, নিজে নানা কৌশলৰে নগৰ ৰক্ষা কৰিবলৈ ধৰিলে। ইফালে নগৰৰ বাহিৰত মােৱামৰীয়াবিলাকে যুদ্ধত জয় হােৱাৰ ঢৌ তুলি দি, ভৰতসি হ নামেৰে মটক এটাক ৰা বুলি ঘোষণা কৰিলে; আৰু সৰ্বানন্দ নামেৰে আন এটা মটকক মােৱামৰীয়াৰ ৰাজ্যৰ গৰাকী পাতিলে। স্বৰ্গদেৱ গুৱাহাটীলৈ ভটিয়াই যােৱাৰ বাতৰি পাই, পূর্বে তলতীয়া হৈ থকা কছাৰী, জয়ন্তা আৰু ৰহৰ ৰজা এই সকলেও মূৰ জােকাৰি উঠিলে। এইদৰে চাৰিওফালৰপৰা বিপদে বেৰি ধৰাত, স্বৰ্গদেৱে অগত্যা বৰফুকনৰে সৈতে যুগুতি কৰি, গুৱাহাটীৰপৰাই পানীফুকন আৰু ঢেকীয়াল ফুকনৰ লগত কিছুমান সৈন্য | + মিল,sir Edward Gait’s History of Assam," Page 19, (১) চি-কোঠ (বুঢ়াগােহাঞি ডাক্ষৰীয়াৰ ঘাই কে-কোঠ), আপৰিভিটা, যুন-হাট, খবৰী, গড়, সোণাই নৈ, গৌৰীসাগৰ, শগুণমূৰী, টায়াৰপাৰ, মাছখােৱাগড়, জয়সাগৰ, আলিৰুেৰী, মিজান, মেৎে কপৌখাট, নামডাং, গােলাঘাট, দেওলি, চামগুৰি, কছাৰীহাট, ৰণৰাম, কলিয়াবৰ, চুটি , চৰাইবাহ, যোৰহাট, টীয়ক, চা, ফৈয়াং, চেইনীজলি, ৰি, মৰজি, কাজলী, আক্রো টাৰ্য্যৰ বালি, তিনি।