লঙ্কাৰ বিৱৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary |
No edit summary |
||
৩৩১ নং শাৰী:
ধৌলিৱৰে পশিলন্ত দ্বিতীয় কৈলাস ॥১
সুবৰ্ণৰ সূৰ্য্য দিন ৰজতৰ শশি ।
দিন ৰাতি নজানিয় ওৱাৰিত পশি ॥২
সুবৰ্ণৰ যত কাম মাণিকে টহক ।
ৰাতি দিন নজানয় জ্বলে ভক ভক ॥৩
নাগৰ ভবন লিখি আছে সমুদায় ।
হাসো হাসো কৰে যেন মাতিলে পৰাই ॥৪
বৈজয়ন্তী নামে আছে ইন্দ্ৰৰ ওৱাৰি ।
তাতো উপাধিক আক বুলিবাক পাৰি ॥৫
কান্তা মণ্ডপত সবে দেখিলা অশেষ ।
সুনিৰ্ম্মল জল তাত পুখুৰি বিশেষ ॥৬
সৰ্ব্বাঙ্গ দৰ্পণ থৈয়া আছে ঠাৱে ঠাৱে ।
কৌতূহলে লঙ্কানাথে চাহিৱাক পাৱে ॥৭
সহস্ৰ সংখ্যাত ঘোড়া অনেক লাখৰ ।
ৰাতি দিনে কছাই থাকে সোণাৰ পাখৰ ॥৮
ৰাউত সব সুশিক্ষিত ৰৈৱত পৰাই ।
হেন দেখি লম্ফ দিয়া গগনে উৰাই ॥৯
হস্তীসবক চায়া থাকয় সচকিতে ।
ভাৰ্গৱৰ সদৃশ মাহুত সসম্ভৃতে ॥১০
উত্তম সিন্দুৰে সুমণ্ডিত গণ্ডস্থলে ।
ঐৰাৱত হস্তীকো জিনিতে পাৰে বলে ॥১১
সৰ্ব্ব গাৱ সুমণ্ডিত শোভন গণ্ডস্থল ।
পৰ্ব্বত কন্দৰ যেন কপাল বহল ॥১২
তূণে কাণ্ড ভৰি সবে আছে ধনুৰ্দ্ধৰ ।
সচকিত থিত খাণ্ডাইত কোন্তকৰ ॥১৩
কতেক বৰ্ণাইবো তাৰ সৈন্যক অপাৰ ।
স্বৰ্গৰ দেৱক জিনি আছে বাৰে বাৰ ॥১৪
একেথানে আছে সাপে নেউলে ছাগে বাঘে ।
মূষকে চাচৰি কৰে বিড়ালৰ আগে ॥১৫
ঘোটকে মহিষে সিংহে গজে একে ঠাৱে ।
কাকো কেৱে নাঘালয় ৰাৱণ প্ৰভাৱে ॥১৬
হেন অদভূত যেবে হনুমন্তে দেখি ।
কতো দূৰে দেখিলন্ত বিদগ্ধ পখি ॥১৭
মনুষ্যৰ ৰাৱ কাঢ়ে সকল কালীক ।
ময়না ঘৰৱা ভাটৌ চুটীয়া শালিক ॥১৮
কতো কতো অন্তেপুৰে বড়ে ঢোণ্ডাকাক ।
সম্যকে ভষাবৈ যেন মনুষ্যৰ বাক ॥১৯
কন্যাসবে বচন শুনন্ত কৌতূহলে ।
সৰ্ব্বদায়ে ভুঞ্জাৱে পায়স মনুফলে ॥২০
সীতাক খোজন্ত বীৰে নিৰ্জ্জন থানত ।
একোৱে প্ৰকাৰে নপাই বিকল মনত ॥২১
চিন্তা কৰে হনুমন্ত বিকল স্বভাৱ ।
কতে দূৰে শুনিলন্ত আনন্দৰ ধাৱ ॥২২
কিঙ্কিনীৰ শবদ শুনি ৰিনি ৰিনি ।
সক্ষাততে লক্ষ্মী অৱতৰিলন্ত যেনি ॥২৩
পুষ্পক বিমান তিনি ত্ৰৈলোক্য প্ৰখ্যাত ।
ডেৱ দিয়া হনুমন্তে চড়িলন্ত তাত ॥২৪
পুষ্পকযে নাম সিটো উত্তম বিমান ।
তাত পৰে নাহি আন স্বৰ্গে দিব্যযান ॥২৫
পূৰব পছিম এক প্ৰহৰৰ পথ ।
উত্তৰে দক্ষিণে বিস্তাৰিত সেহিমত ॥২৬
তাহাৰ সমীপে আছে উত্তম ওৱাৰি ।
তাৰ গুণ বৰ্ণাইবাক প্ৰবন্ধেসে পাৰি ॥২৭
তাহাক বুলিয় চিত্ৰকূট বাসহৰ ।
ক্ৰীড়াৰ ভুবন থান মুখ্য ৰাৱণৰ ॥২৮
স্বৰ্গ মৰ্ত্ত পাতালৰ যতেক সুন্দৰী ।
সাৰ কৰা কৰি থৈল এক থান কৰি ॥২৯
হনুমন্তে খোজে দুই প্ৰহৰ নিশাত ।
দেখিলন্ত কন্যাগণ ৰত্নৰ শয্যাত ॥৩০
লঙ্কেশ্বৰে যাক যেন নিয়মিয়া থৈল ।
নৃত্য গীত কৰিয়া প্ৰয়াসে নিদ্ৰা গৈল ॥৩১
কতো নাৰী নৃত্য কৰি শুতিল ভাগৰে ।
হাতত কেন্দৰা পাৱে সোণাৰ ঘাগৰে ॥৩২
কামে নিদ্ৰা গৈলক মৃদঙ্গ ধৰি কোলে ।
স্বামী বুলি বুলি তাকে নিদ্ৰাত সম্ভোলে ॥৩৩
কৰো কতো সুন্দৰী শয্যাত নিদ্ৰা গৈলি ।
কালিনী খোপাৰ মাজে বিহৰিল বেণী ॥৩৪
কাহাৰো শয্যাত লুলে সাতেসৰি হাৰ ।
স্বৰ্গত যেহেন জিকিমিকি কৰে তাৰ ॥৩৫
বদন কমল যেন পূৰ্ণ শশীকলা ।
গান্থিবাৰ আছে যেন পঙ্কজৰ মালা ॥৩৬
আউৰৰ গাৱত আউৰে তুলিলেক ভৰি ।
কতোজনী অচেতন পাৱয় ঘোঙ্ঘৰি ॥৩৭
কতোজনী শুতিল কাহাকো কেৱে জড়ি ।
সিথানৰ হন্তে মাথা থাকিল বিহৰি ॥৩৮
বক্ৰভাৱে শুতিলেক ৰঞ্জাইত কটি ।
ভঙ্গিভাৱ কৰি যেন ৰঙ্গে নাচে নটি ॥৩৯
বীণা বাম কৰে ধৰি শুতিলা সুন্দৰী ।
কতোজনী শুতিল মৰুত কোলে ধৰি ॥৪০
কতোজনী নিদ্ৰা গৈল মৃদঙ্গ সাৱটি ।
স্বামী বুলি ধৰে তাক সাবটি সাবটি ॥৪১
ৰত্নৰ শয্যাত কেহো শুইল মহাসুখে ।
আগে পাছে দুই হাত পিঠি কৰি মুখে ॥৪২
হনুমন্তে বিচাৰি ফুৰন্ত সাৰি সাৰি ।
কন্যা সকলৰ সবে ৰূপক বিচাৰি ॥৪৩
তত্তুল্য সমান সবে ৰূপক আকলি ।
সবাতো কৰিয়া সীতা ৰূপত আগলী ॥৪৪
সীতা যেবে ৰূপে গুণে নোহন্ত অধিক ।
ৰাৱণ নৃপতি হৰি আনিবেক কিক ॥৪৫
কতো বেলি আছিলন্ত কৰি বিমৰিষ ।
মধ্য ওৱাৰিক কপি ধৰিলন্ত দিশ ॥৪৬
জয় ৰামচন্দ্ৰ দেৱ প্ৰভু মহেশ্বৰ ।
ৰঘুকুল কমল প্ৰকাশ দিনকৰ ॥৪৭
জন্মে জন্মে মোৰ তযু পদে ৰতি হৌক ।
বোলোঁ ৰাম ৰাম যত সভাসদ লোক ॥৪৮
**********************
:::<big>'''১২ অধ্যায়'''<big>
:::<big>'''ছবি ।'''<big>
ওৱাৰি মধ্যত দিব্য, ভিণ্টি এক দেখিলন্ত,
::সুবৰ্ণ মাণিক ৰত্ন কৰ্ম্মে ।
দিব্য কন্যা এক আছে, ক্ৰীড়াৰভুনণীতাই,
::শুইল গৈয়া পিন্ধি নেত ক্ষৌম্যে ॥১
অনেক সুন্দৰী সবে, ৰাজাৰ গাৱত ধৰি,
::শুতিলেক আতি মনৰঙ্গে ।
ডাঙ্গৰ বৃক্ষক যেন, নানা ভাৱে বেঢ়ি আছে,
::কোমল মাধবীলতা সঙ্গে ॥২
*******************************
:::<big>'''১3 অধ্যায়'''<big>
:::<big>'''দুলৰি ।'''<big>
একৈক সুন্দৰী, ৰূপক দেখন্তে,
::সূৰ্য্যেয়ো ৰথ নৰাই ।
আন দিশি চক্ষু, বলাইতে নোৱাৰি,
::একৈক কন্যাক চাই ॥১
হৰি হৰি কেনে, প্ৰাণ ধৰি আছে,
::আসম্বাৰ নিজ স্বামী ।
কতেক নৰক, সঞ্চিলে পাপিষ্ঠে,
::সাৱণায়ে অধোগামী ॥২
সুন্দৰী গণৰ, অঙ্গ পৰশনে,
::অধিক ঘুমটি চৰে ।
ঘোঙ্ঘৰি শবদ, যেহেন শুনিয়,
::নিসানত বাৰি পৰে ॥৩
কুৰি খন বাহু, শয্যাত লুলেই,
::বিপক্ষৰ হৰে দৰ্প ।
পাঞ্চ পাঞ্চ শিৰে, যেহেন দেখিয়,
::কুৰি গোটা কালসৰ্প ॥৪
যতেক যতেক, প্ৰহাৰ কৰিল,
::ঐৰাৱত দন্ত ঘাৱে ।
বামস বান্ধিয়া, পালপি আছই,
::ৰাৱণ ৰাজাৰ গাৱে ॥৫
ত্ৰৈলোক্য মোহিণী, দিব্য কন্যাজনী,
::কুণ্ডলে মণ্ডিত মৰ্ণ ।
উন্নত জঘণী, গজেন্দ্ৰ গমনী,
::নুহি সুবৰ্ণৰ বৰ্ণ ॥৬
বদন কমল, আতি সুনিৰ্ম্মল,
::উন্নত কঠিন তন ।
নাভি সুগভীৰ, ত্ৰিৰলী বলীত,
::উদৰ পীন জঘন ॥৭
উৰুযে যুগল, সুবৰ্ণৰ তুল,
::সাক্ষাতে ৰাম কদলী ।
ত্ৰৈলোক্য মোহিনী, দিব্য কন্যাজনী,
::সোণাৰ যেন পুতলী ॥৮
সোণাৰ আৰোহে, ৰহি হনুমন্ত,
::বীৰে ভাল মতে চাইল ।
ত্ৰৈলোক্য মোহিনী, দিব্য কন্যাজনী,
::মাৰুতিয়ে ভেট পাইল ॥৯
আতি ৰূপ গঢ়, দেখি হনুমন্ত,
::নামিলা তাহাৰ হন্তে ।
সিথানে পোথানে, ফুৰি কুৰি বীৰে,
::চাহিলন্ত ভাল মতে ॥১০
ৰাৱন ৰাজাৰ, হৃদয়ে চাপিয়া,
::ধৰিয়া আছয় গলে ।
কাল পৰ্ব্বতক, বেঢ়ি যেন মতে,
::বিজুলি আচাৰে জ্বলে ॥১১
আতি ৰূপৱতী, দেখি হনুমন্তে,
::বিস্ময় ভৈল অদ্ভুত ।
ইহান ৰূপেসে, নিতে মূৰ্চ্ছা যান্ত,
::দশৰথ নৃপসুত ॥১২
নমোঁ ৰঘুপতি, অগতিৰ গতি,
::তুমি দেৱ কৃপাময় ।
তোমাৰ চৰিত, পৰম অমৃত,
::মুকুতিকো বিড়ম্বয় ॥১৩
হেনয় তোমাৰ, চৰণ পঙ্কজে,
::নুগুছোক মোৰ মতি ।
সমস্ত সমাজে, ডাকি ৰাম বোলোঁ,
::পাপ যাউক অধোগতি ॥১৪
|