লঙ্কাৰ বিৱৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

auto summary: New page created (no summary given)
 
No edit summary
১৪১ নং শাৰী:
 
সি কাৰণে মনত কিঞ্চিত দিও ঠাৱ ॥৩৪
 
******************
 
 
 
::<big>'''৮ অধ্যায়'''<big>
 
 
::<big>'''হনুমন্তৰ লঙ্কা দৰ্শন ।'''</big>
 
পাছ কাৰ্য্য থাকোক চিন্তিবোঁ আগ কায ।
 
ডেৱ দিয়া পৰিলন্ত নগৰৰ মাজ ॥১
 
ঠাৱে ঠাৱে দেখন্ত ৰাক্ষসে পঢ়ৈ বেদ ।
 
শাস্ত্ৰসব পঢ়ন্ত শুনন্ত অবিচ্ছেদ ॥২
 
সুবৰ্ণৰ হংস লাড়ু আলি চক্ৰবাক ।
 
সুবৰ্ণৰ শৰালি উৰয় জাকে জাক ॥৩
 
সুবৰ্ণৰ ময়না ভাটৌ চুটিয়া শালিক ।
 
সুবৰ্ণৰ কপৱতি ফিঞ্চা পুণ্ডৰীক ॥৪
 
ৰঙ্গথানে কৌতুহলে ৰাক্ষস মিলিলা ।
 
কৌতূহলে খেলাৱয় সুবৰ্ণৰ ঘিলা ॥৫
 
ভণ্টা খেড়ি খেলাবয় কতো খেলৈ ঝুণ্টি ।
 
ঠাৱে ঠাৱে ক্ৰীড়া কৰে আকুটি ভ্ৰুকুটি ॥৬
 
ছৱাল মেলেক সবে কৰে হাতাহাতি ।
 
মাল বান্ধে যুজয় দেখিতে ভাল আতি ॥৭
 
ঢোপ খেড়ি খেলাৱয় কতো লুনি লুনি ।
 
গুৱাল গুৱালী খেলে আনন্দিত শুনি ॥৮
 
ফল ফুল টোকৰা আৱৰ জুৱা পাশ ।
 
দলি যুজ খেলে কতো লৱৰি হতাশ ॥৯
 
ৰাক্ষস যূথক দেখিলন্ত হনুমন্তে ।
 
ৰাৱণক সেৱা কৰি ঠাৱক আসন্তে ॥১০
 
কতোহো সুন্দৰ দেহা কামৰ সমান ।
 
কতো শিৰ দীঘল লম্বিত দুই কাণ ॥১১
 
হাণ্ডি চিঙ্গালিৰ বৰ্ণ বিহাড়া সোগড়া ।
 
বিকৃত খসুৱা লালি গণ্ডা কুজা খোৰা ॥১২
 
অন্ধলাৰ কান্দত পেঙ্গুৱা যাই চড়ি ।
 
পেঙ্গুৱাৰ উদ্দেশে অন্ধলা কাঢ়ে ভৰি ॥১৩
 
কতো কুজা কতো খোৰা কতো গোটকলা ।
 
কতোহোঁ নাৰঙ্গা সোভাকুণ্ডলীয়া শোলা ॥১৪
 
চালিয়া বিলুনিয়া পিহ্ণৈয়া কতো গোধা ।
 
গলণ্ডীয়া কতোহো সুনিয়া জোলা জোধা ॥১৫
 
যাৰ মহা প্ৰতাপে স্বৰ্গত লাগে চাঙ্গ ।
 
ধনুৰ্ধৰ বীৰ কোন্তক ৰণ ৰঙ্গ ॥১৬
 
কতো নিশা যান্তে ভৈল চন্দ্ৰমা উদয় ।
 
দশোদিশ প্ৰসন্ন খণ্ডিল তমোময় ॥১৭
 
সহায় ভৈলন্ত চন্দ্ৰ বায়ুৰ পুত্ৰৰ ।
 
হনুমন্তে কৌতুকে ফুৰন্ত ঘৰে ঘৰ ॥১৮
 
শুনা সভাসদ পদ কথা ৰামায়ণ ।
 
অমৃততোহধিক ইসে কৰয় নিস্তাৰ ॥১৯
 
সংসাৰ তাপত ইসি কৰয় নিস্তাৰ ।
 
বোলাঁ ৰাম ৰাম হৌক পুৰুষ উদ্ধাৰ ॥২০
 
*******************
 
 
:::<big>'''১০ অধ্যায়'''<big>
 
 
:::<big>'''ছবি ।'''<big>
 
 
শঙ্খিনী চিত্ৰিনী নাৰী, &nbsp;&nbsp;&nbsp; পদ্মিনী হস্তিনী আদি,
 
::ত্ৰিভুবনে যতেক সুন্দৰী ।
 
দিগ বিজয়ত সাজি, &nbsp;&nbsp;&nbsp; দেৱাসুৰ ৰণে জিনি,
 
::লঙ্কেশ্বৰে আনিলেক হৰি ॥১
 
মন্ত্ৰী পাত্ৰ সমস্তত, &nbsp;&nbsp;&nbsp; সমৰ্পিয়া ৰাজ্য ভাৰ,
 
::তেসম্বে সহিতে কৰে ক্ৰীড়া ।
 
নাকত আঙ্গুলি দিয়া, &nbsp;&nbsp;&nbsp; বোলন্ত পৱন সুত,
 
::কিনো ভৈল জগতৰে পীড়া ॥২
 
হৰি হৰি গোঁসানীক, &nbsp;&nbsp;&nbsp; পৰিচয় নতৈলোহোঁ,
 
::খুজি পাইবো কমন প্ৰকাৰে ।
 
দেৱ দেবী প্ৰসাদত, &nbsp;&nbsp;&nbsp; ইঙ্গিতে জানিবোঁ মই,
 
::পতিব্ৰতা ধৰ্ম্ম ব্যৱহাৰে ॥৩
 
এহি বিমৰিষ কৰি, &nbsp;&nbsp;&nbsp; ডেৱ দিয়া পৰিলন্ত,
 
::সেনাপতি প্ৰহস্তৰ ঠাৱে ।
 
তাত পাছে মহাপাৰ্শ্ব, &nbsp;&nbsp;&nbsp; ওৱাৰি পশিল গৈয়া,
 
:শব্দ নকৰে যেন পাৱে ॥৪
 
কুন্তকৰ্ণ বীৰৰ যে, &nbsp;&nbsp;&nbsp; ওৱাৰি পশিল বীৰ,
 
::আতি বৰ বহল বিস্তাৰ ।
 
তৈতো সীতা গোঁসানীক, &nbsp;&nbsp;&nbsp; খুজিল বিনপাইলন্ত,
 
::বিভীষণ থানে পয়সাৰ ॥৫
 
লোমকৰ্ণ অশ্বকৰ্ণ, &nbsp;&nbsp;&nbsp; সঙ্গুকৰ্ণ ৰাক্ষসৰ,
 
::বিদ্যুজিহ্ব হস্তীৰ বদন ।
 
অৰ্দ্ধকেতু অৰ্দ্ধগ্ৰীৱ, &nbsp;&nbsp;&nbsp; মত্তগ্ৰীৱ নিৰন্তৰ,
 
::কুম্ভৰ যে যতেক ভৱন ॥৬
 
সবাহাৰে চাহিলন্ত, &nbsp;&nbsp;&nbsp; পিগু বাড়ি কয়ণ্টাএ,
 
::খুজি লুৰি নপাইলা উদ্যানে ।
 
খুপিৰ ভিতৰে পশি, &nbsp;&nbsp;&nbsp; ৰন্ধন শালাৰ ঘৰে,
 
::খুজিলন্ত নানাবিধ থানে ॥৭
 
মাদ নাম নিশাচৰে, &nbsp;&nbsp;&nbsp; শোণিতাক্ষ ওৱাৰিত,
 
::খুজিলন্ত আতিশয় যত্নে ।
 
তাত পশি ৰাৱণৰ, &nbsp;&nbsp;&nbsp; ওৱাৰি পশিলা গৈয়া,
 
::চতুৰ্ভিতি বেঢ়ি জ্বলে ৰত্নে ॥৮
 
আতি প্ৰতিবন্ধে তাক, &nbsp;&nbsp;&nbsp; বিশ্বকৰ্ম্মে নিৰ্ম্মিলন্ত,
 
::সুবৰ্ণ মাণিক থানে থানে ।
 
চন্দ্ৰ আদিত্যতোহধিক, &nbsp;&nbsp;&nbsp; আতিবিতোপনজ্বলে,
 
::দেখিলন্ত বীৰ হনুমানে ॥৯
 
ওৱাৰি মধ্যত দিব্য, &nbsp;&nbsp;&nbsp; থান থান দেখিলন্ত,
 
::আতি বৰ বিস্তাৰ গহন ।
 
নিৰ্ম্মল কমল সব, &nbsp;&nbsp;&nbsp; পৰিমল বৃক্ষচয়,
 
::সুগন্ধিত বহয় পৱন ॥১২
 
*****************
 
 
:::<big>'''১১ অধ্যায়'''<big>
 
 
:::<big>'''পদ ।'''<big>
 
তৈতো খুজি লুৰি নপাই সীতাক হতাশ ।
 
ধৌলিৱৰে পশিলন্ত দ্বিতীয় কৈলাস ॥১