মেঘ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
imported>Dipankar Chetia
auto summary: New page created (no summary given)
(কোনো পাৰ্থক্য নাই)

১৭:৫৭, ১৩ আগষ্ট ২০১২ৰ সংস্কৰণ

        কি ভাবি হে মেঘ, আজি শ্বেত কলেবৰ

শ্বেত যেন তুলা ৰাশি,             কিম্বা বৰফৰ ৰাশি

        অতি ক্ষুদ্ৰ আয়তনে সুদূৰ অম্বৰে,

        হ‍ইল উদয় কোৱা কি ভাবি অন্তৰে।


        কোমলতা-পূৰ্ণ দেহ; ধৱল বৰণ;

কিঞ্চিতো নাহিক দাগ            কেৱল সুশ্বেত ৰাগ,

        নাহি পাপ-লেশ দেহে, সুপবিত্ৰ মন;

        আকাশৰ এক কোণে দিছা দৰশন।