বনবাসৰ কথা সীতাক জনায়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
৯৮ নং শাৰী:
আতি মনোৰম,         অষ্ট তুৰঙ্গম,
 
::যুগুত কাঞ্চন ময় ।
 
হেন পুষ্পৰথ,         তোমাৰ লগত,
 
::কেনে প্ৰভু নচলয় ॥১২
 
তোমাত ভকত,         মন্ত্ৰী পাত্ৰ যত,
 
::আনো ৰাজ সেনাগণ ।
 
সমৰে শতক,         গোসাইৰ লগত,
 
::নকৰে কেনে গমন ॥১৩
 
সুবৰ্ণৰ ৰথ,         শুক্ল ঘোঁড়া যত,
 
::শোভন কৰি যুগুত ।
 
কৰি কৌতূহল,         কৰন্তে মঙ্গল,
 
::নচলয় অদভুত ॥১৪
 
আনো নানা মত,         তোমাৰ সঙ্গত,
 
::নলখোহোঁ ৰাজ্য অঙ্গ ।
 
কৈয়ো অভিপ্ৰায়,         কি কাৰণে প্ৰভু,
 
::অভিষেক ভৈল ভঙ্গ ॥১৫
 
হেন শুনি নাচে,         প্ৰভু ৰামচন্দ্ৰে,
 
::সীতাক দিলা উত্তৰ ।
 
সাৱধান কৰি,         শুনা প্ৰাণেশ্বৰী,
 
::যেন ভৈল আথা্ন্তৰ ॥১৬
 
পৰম নিৰ্ম্মল,         ৰাজ ঋষি কুলে,
 
::তুমি ভৈলা উতপতি ।
 
সুশোভন চিত,         ধৰ্ম্মসে চৰিত্ৰ,
 
::শুদ্ধমতী শান্তী সতী ॥১৭
 
অভিষেক বিধি,         বিহিয়া নৃপতি,
 
::গৈলা কৈকেয়ীৰ ঠাৱ ।
 
বচনে ছান্দিয়া,         বৰ দুই মাগি,
 
::লৈলন্ত কৈকেয়ী মাৱ ॥১৮
 
তেজিয়া ৰাজ্যক,         চৌধ বৰিষক,
 
::আমি যাইবোঁ বনমাজ ।
 
আউৰ বৰ মাগি,         লৈলন্ত ৰাজাত,
 
::ভৰতক দিতে ৰাজ ॥১৯
 
পাপক সঞ্চিলে,         শৰীৰ দংশিলে,
 
::কৈকেয়ীয়ে কাল সৰ্প ।
 
মিলিল বিঘাত,         বাক্য বিষে ছলি,
 
::হৰি লৈল বলদৰ্প ॥২০
 
মাৱৰ বচন,         শুনি আতিশয়,
 
::ভৈল চিত উপশম ।
 
কালে পাইলে আৰ,         নাহিকে জীৱন,
 
::সাক্ষাতে লৈ যায় যম ॥২১
 
নাহি আন মন,         বাপৰ বচন,
 
::আমি শিৰোগত কৰি ।
 
শ্ৰী ভৈল ছন্ন,         আজি যাইবোঁ বন,
 
::অযোধ্যাক পৰিহৰি ॥২২
 
শুনা প্ৰাণেশ্বৰী,         চিত্ত থিৰ কৰি,
 
::নকৰিবা কিছু শোক ।
 
আসিয়োক বান্ধ,         পৰিচ্ছেদ কৰি,
 
::দেখিলোহোঁ মই তোক ॥২৩
 
পৰম দাৰুণ,         ৰামৰ বচন,
 
::শুনিয়া সীতা গোসাঁনী ।
 
হা প্ৰভু বুলি,         পৰিলা ভূমিত,
 
::হৃদয়ত মুঠি হানি ॥২৪
 
বিষাদে মনত,         শিৱৰ আগত,
 
::যেহেন দেবী পাৰ্ব্বতী ।
 
যেন মহাদেৱ,         দহিলা কামক,
 
::বিলাপ কৰন্ত ৰতি ॥২৫
 
আতি মহাভয়,         শৰীৰ কম্পয়,
 
::হাতৰ খসে বলয় ।
 
নাহি গাৱে তত,         সিংহৰ ত্ৰাসত,
 
::যেন মৃগ নলৰয় ॥২৬
 
চেতন লভিয়া,         সীতায়ে বোলন্ত,
 
::কতনো পাপ কৰিলোঁ ।
 
মাটিৰ ভিতৰ,         প্ৰবেশি আছিলোঁ,
 
::তথাপিতো নমৰিলোঁ ॥২৭
 
কিনো অপৰাধে,         প্ৰভু তুমি মোক,
 
::শোক অগণিত দিয়া ।
 
আমি পতিব্ৰতা,         নাৰীক গোসাঁই,
 
::চলিলা কেনে তেজিয়া ॥২৮
 
নযাইবাহা প্ৰভু,         বুলিয়া জানকী,
 
::অঞ্চলত ধৰিলন্ত ।
 
যেন লক্ষ্মীদেবী,         ঈশ্বৰ বিষ্ণুৰ,
 
::চৰণত পৰিলন্ত ॥২৯
 
ৰাঘৱে বোলন্ত,         উঠা প্ৰাণেশ্বৰী,
 
::শুনিয়োক হিতপক্ষ ।
 
বাপৰ বচন,         তেজিয়া বনক,
 
::নযাইবোঁ ইটো অশক্য ॥৩০
 
কৌশল্যা মাৱক,         আদি কৰি যত,
 
::তেজিলোঁহো বন্ধুগণ ।
 
মায়াময় ইটো,         গৃহ সুখ তেজি,
 
::আজি চলি যাইবোঁ বন ॥৩১
 
নমোঁ নমোঁ ৰাম,         যাহাৰ উপাম,
 
::নাহি ইটো ত্ৰিভুবনে ।
 
দুখ উপশম,         হৌক ৰাম ৰাম,
 
::বোলাঁ সামাজিক জনে ॥৩২
 
 
 
{{সপ্তকাণ্ড ৰামায়ণ}}
 
::<big>'''১২ অধ্যায়'''<big>