বনবাসৰ কথা সীতাক জনায়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
৫১৪ নং শাৰী:
 
সৰ্ব্বক্ষণে নেত কমলিত যাৰ গাৱ ॥৬১
 
ৰত্ন গৃহে ফুৰন্তে শোণিত পাৱে বহে ।
 
উলু কণ্টকত ফুৰিবেক কোন সাহে ॥৬২
 
অনেক দিনৰ পথ হৈব মেৰুস্থল ।
 
মহাদুখ থান কতো অপৱিত্ৰ জল ॥৬৩
 
কুশৰ কণ্টক লতা গুল্ম যত দেশ ।
 
ঘোৰ অৰণ্যত অৰণ্যত কেনে হৈবাহা প্ৰবেশ ॥৬৪
 
পৰিধান বল্কল হৈবেক জটা কেশ ।
 
নখ লোম চোঁৱৰ হৈব ভোবকাৰ বেশ ॥৬৫
 
অস্থি চৰ্ম্ম নাম মাত্ৰ হৈব মোৰ সাৰ ।
 
কিনো প্ৰীতি হৈব তোৰ সঙ্গত আমাৰ ॥৬৬
 
ঘৰ্ম্মকালে পঙ্কত ব্ৰতক ধৰিবোঁ ।
 
শিশিৰ সময়ে জলে নিবাস কৰিবোঁ ॥৬৭
 
উপবাস কৰিতে লাগয় ঘনে ঘন ।
 
অন্নক তেজিয়া ফলমূলেসে ভোজন ॥৬৮
 
আমাৰ লগত বনবাসে যেবে যাইবা ।
 
উপবাস ব্ৰতে মহা দুঃখ মাত্ৰ পাইবা ॥৬৯
 
জনক নন্দিনী মোৰ বচন নবাধা ।
 
গৃহে পতিব্ৰতা ধৰ্ম্ম পৰলোক সাধা ॥৭০
 
ৰামৰ বচন শুনি জানকী গোসানী ।
 
ক্ৰন্দন কৰিয়া দেৱী বুলিলন্ত বাণী ॥৭১
 
তুমি এৰি গৈলে মোৰ জীৱন নিষ্ফল ।
 
কটাৰত ভৰ নুহি ভুঞ্জিবোঁ গৰল ॥৭২
 
সীতাৰ বিলাপে চিত ৰামৰ দ্ৰবিল ।
 
বনক যাইবাক তাঙ্ক অনুমতি দিল ॥৭৩
 
শুন শুন জানকী লখিলোঁ তোৰ কাজ ।
 
মোহোৰ তুলত বনে যাইবে হোৱা সাজ ॥৭৪