বনবাসৰ কথা সীতাক জনায়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
৪৭৮ নং শাৰী:
 
নাৰীসমে বনবাস খাটিতে নপাৰি ॥৫২
 
সিংহৰ নাদক শুনি গিৰিৰ কন্দৰে ।
 
কাম্পে কলেৱৰ চমকিত হৈবা ডৰে ॥৫৩
 
পৰ্ব্বত সমান হস্তী গৰ্জ্জে নিৰন্তৰে ।
 
দ্বাদশ মাসৰ ভিতৰত ময় ধৰে ॥৫৪
 
মহিষ বৰাহ বাঘ সৰভ গৰয় ।
 
সিংহ ঘোঙ ৰাৱে আতি ত্ৰাসক জনয় ॥৫৫
 
গোলসতে ৰাজগোম পৰ্ব্বতীয়া বোৰ ।
 
মাণ্ডলীক অজগৰ যআক নাহি যোৰ ॥৫৬
 
ইসবক আদি কৰি ভয়ঙ্কৰ সৰ্প ।
 
দৰশন মাত্ৰেকতে হৰে বল দৰ্প ॥৫৭
 
কীট পতঙ্গ জোক নকুল ইন্দুৰ ।
 
ইটো সব জন্তু আছে বনত প্ৰচুৰ ॥৫৮
 
গুণ্ডকুৰি পৰুৱা আছয় আসথান ।
 
যাহাৰ প্ৰহাৰে সিংহে নসহয় টান ॥৫৯
 
বিহঙ্গম চাতক বনত সব মিলে ।
 
আচোক মানুষ হস্তী গোটে গোটে গিলে ॥৬০
 
ৰকত কমল সম তোৰ হাত পাৱ ।
 
সৰ্ব্বক্ষণে নেত কমলিত যাৰ গাৱ ॥৬১