বনবাসৰ কথা সীতাক জনায়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
২২ নং শাৰী:
মোৰ স্বামী ৰাম,         ৰাজা হৈবা আজি,
 
:;:আমি হৈবোঁ পটেশ্বৰী ॥২
 
মনে কৌতূহল,         অনেক মঙ্গল,
৯৫ নং শাৰী:
 
::তুলিতে দান্তে শকত ॥১১
 
আতি মনোৰম,         অষ্ট তুৰঙ্গম,
 
যুগুত কাঞ্চন ময় ।
 
হেন পুষ্পৰথ,         তোমাৰ লগত,
 
কেনে প্ৰভু নচলয় ॥১২
 
তোমাত ভকত,         মন্ত্ৰী পাত্ৰ যত,
 
আনো ৰাজ সেনাগণ ।
 
সমৰে শতক,         গোসাইৰ লগত,
 
নকৰে কেনে গমন ॥১৩
 
সুবৰ্ণৰ ৰথ,         শুক্ল ঘোঁড়া যত,
 
শোভন কৰি যুগুত ।
 
কৰি কৌতূহল,         কৰন্তে মঙ্গল,
 
নচলয় অদভুত ॥১৪
 
আনো নানা মত,         তোমাৰ সঙ্গত,
 
নলখোহোঁ ৰাজ্য অঙ্গ ।
 
কৈয়ো অভিপ্ৰায়,         কি কাৰণে প্ৰভু,
 
অভিষেক ভৈল ভঙ্গ ॥১৫
 
হেন শুনি নাচে,         প্ৰভু ৰামচন্দ্ৰে,
 
সীতাক দিলা উত্তৰ ।
 
সাৱধান কৰি,         শুনা প্ৰাণেশ্বৰী,
 
যেন ভৈল আথা্ন্তৰ ॥১৬
 
পৰম নিৰ্ম্মল,         ৰাজ ঋষি কুলে,
 
তুমি ভৈলা উতপতি ।
 
সুশোভন চিত,         ধৰ্ম্মসে চৰিত্ৰ,
 
শুদ্ধমতী শান্তী সতী ॥১৭
 
অভিষেক বিধি,         বিহিয়া নৃপতি,
 
গৈলা কৈকেয়ীৰ ঠাৱ ।
 
বচনে ছান্দিয়া,         বৰ দুই মাগি,
 
লৈলন্ত কৈকেয়ী মাৱ ॥১৮
 
তেজিয়া ৰাজ্যক,         চৌধ বৰিষক,
 
আমি যাইবোঁ বনমাজ ।
 
আউৰ বৰ মাগি,         লৈলন্ত ৰাজাত,
 
ভৰতক দিতে ৰাজ ॥১৯
 
পাপক সঞ্চিলে,         শৰীৰ দংশিলে,
 
কৈকেয়ীয়ে কাল সৰ্প ।
 
মিলিল বিঘাত,         বাক্য বিষে ছলি,
 
হৰি লৈল বলদৰ্প ॥২০
 
মাৱৰ বচন,         শুনি আতিশয়,
 
ভৈল চিত উপশম ।
 
কালে পাইলে আৰ,         নাহিকে জীৱন,
 
সাক্ষাতে লৈ যায় যম ॥২১
 
নাহি আন মন,         বাপৰ বচন,
 
আমি শিৰোগত কৰি ।
 
শ্ৰী ভৈল ছন্ন,         আজি যাইবোঁ বন,
 
অযোধ্যাক পৰিহৰি ॥২২
 
শুনা প্ৰাণেশ্বৰী,         চিত্ত থিৰ কৰি,
 
নকৰিবা কিছু শোক ।
 
আসিয়োক বান্ধ,         পৰিচ্ছেদ কৰি,
 
দেখিলোহোঁ মই তোক ॥২৩
 
পৰম দাৰুণ,         ৰামৰ বচন,
 
শুনিয়া সীতা গোসাঁনী ।
 
হা প্ৰভু বুলি,         পৰিলা ভূমিত,
 
হৃদয়ত মুঠি হানি ॥২৪
 
বিষাদে মনত,         শিৱৰ আগত,
 
যেহেন দেবী পাৰ্ব্বতী ।
 
যেন মহাদেৱ,         দহিলা কামক,
 
বিলাপ কৰন্ত ৰতি ॥২৫
 
আতি মহাভয়,         শৰীৰ কম্পয়,
 
হাতৰ খসে বলয় ।
 
নাহি গাৱে তত,         সিংহৰ ত্ৰাসত,
 
যেন মৃগ নলৰয় ॥২৬
 
চেতন লভিয়া,         সীতায়ে বোলন্ত,
 
কতনো পাপ কৰিলোঁ ।
 
মাটিৰ ভিতৰ,         প্ৰবেশি আছিলোঁ,
 
তথাপিতো নমৰিলোঁ ॥২৭
 
কিনো অপৰাধে,         প্ৰভু তুমি মোক,
 
শোক অগণিত দিয়া ।
 
আমি পতিব্ৰতা,         নাৰীক গোসাঁই,
 
চলিলা কেনে তেজিয়া ॥২৮
 
নযাইবাহা প্ৰভু,         বুলিয়া জানকী,
 
অঞ্চলত ধৰিলন্ত ।
 
যেন লক্ষ্মীদেবী,         ঈশ্বৰ বিষ্ণুৰ,
 
চৰণত পৰিলন্ত ॥২৯
 
ৰাঘৱে বোলন্ত,         উঠা প্ৰাণেশ্বৰী,
 
শুনিয়োক হিতপক্ষ ।
 
বাপৰ বচন,         তেজিয়া বনক,
 
নযাইবোঁ ইটো অশক্য ॥৩০
 
কৌশল্যা মাৱক,         আদি কৰি যত,
 
তেজিলোঁহো বন্ধুগণ ।
 
মায়াময় ইটো,         গৃহ সুখ তেজি,
 
আজি চলি যাইবোঁ বন ॥৩১
 
নমোঁ নমোঁ ৰাম,         যাহাৰ উপাম,
 
নাহি ইটো ত্ৰিভুবনে ।
 
দুখ উপশম,         হৌক ৰাম ৰাম,
 
বোলাঁ সামাজিক জনে ॥৩২
 
 
{{সপ্তকাণ্ড ৰামায়ণ}}
 
::<big>'''১২ অধ্যায়'''<big>
 
:;<big>'''পদ ।'''<big>
 
তেজিলোহোঁ মিত্ৰ যত অযোধ্যানগৰী ।
 
মোহ এৰিলোহোঁ সীতা সৰ্ব্বাঙ্গ সুন্দৰী ॥১
 
মুখচন্দ্ৰ অৰি অমৃতৰ অভিলাষে ।
 
গ্ৰাসিবাক লাগি ৰাহু আসি ভৈলা পাশে ॥২
 
ভ্ৰুবযুগ ধনুত কটাক্ষ যেন শৰ ।
 
চমকিয়া ৰাহু গৈল গগণ ওপৰ ॥৩
 
নীলোত্পল দল সম নয়ন যুগল ।
 
দেখি মুনিগণে হোৱে মোহিত সকল ॥৪
 
নাসা ভৈল তিল ফুল বন্দুলি অধৰ ।
 
মুকুতা পকতি দন্ত পান্তি মনোহৰ ॥৫
 
মনোহৰ অধৰ অধিক বিম্বফল ।
 
তিনি ৰেখা সমে জ্বলে সুশোভিত গল ॥৬
 
বাহু দুইখান তোৰ মৃণালত সৰি ।
 
উদৰত ত্ৰিবলিকা মৰখাট ধৰি ॥৭
 
হৰ কোপবহ্নি পীড়ে খুজি নাপাই জুৰ ।
 
নাভি সৰোবৰে কামদেৱে দিল বুৰ ॥৮
 
নিজ পুৰ পশি কামে মুদিল দুৱাৰ ।
 
উদৰৰ লোমপান্তি ধুম ভৈল তোৰ ॥৯
 
ডম্বৰুৰ মধ্যদেশ সদৃশ কঙ্কাল ।
 
কাঞ্চিয়ে আতি ৰঞ্জিত নিতম্ব বিশাল ॥১০
 
অমৃতৰ কূপ সম মন্মথৰ পুৰ ।
 
সৰস জঘন তোৰ প্ৰকাশে প্ৰচুৰ ॥১১
 
সুকুমাৰ উৰু ৰাম কদলীৰ সম ।
 
জঙ্ঘা দুইৰ কান্তি আতি দেখি মনোৰম ॥১২
 
সুগুপুত গ্ৰন্থি আতি ৰঙ্গা দুই পাৱ ।
 
নৱ কিশলয় দল সদৃশ স্বভাৱ ॥১৩
 
পন্থৰ গমনে কুঞ্জৰৰ তেজ হৰে ।
 
নুপূৰৰ শবদে সাৰস অনুসৰে ॥১৪
 
সূৰ্য্যৰ উপমা দুই কুণ্ডলৰ জৌতি ।
 
তাৰাগণ চমক মাণিক গজমতি ॥১৫
 
সুৰগণ গন্ধৰ্ব্ব নাগৰ তেজ হৰে ।
 
বেশ দেখি কিমতে যুবতে প্ৰাণ ধৰে ॥১৬
 
জীৱন্তে মৃতক মই তোক পৰিহৰোঁ ।
 
গলে শিলা বান্ধিয়া সাগৰে জাম্প কৰোঁ ॥১৭
 
পৰিহৰ দুখ সীতা চিন্তা শোক ৰোগ ।
 
মৰন্তা জনৰ দূৰ নোহে হেন যোগ ॥১৮
 
বাপৰ বচন মই কেনে পৰিহৰোঁ ।
 
গ্ৰহ এৰ ক্ষমা কৰ হাতে তোৰ ধৰোঁ ॥১৯
 
সীতায়ে বোলন্ত প্ৰভু দেৱ নিজনাহা ।
 
কোন দোষে প্ৰভু মোক পৰিহৰি যাহাঁ ॥২০
 
পূৰ্ব্বজন্মে নৰাধিলোঁ পাৰ্ব্বতী শঙ্কৰ ।
 
সি কাৰণে মোক পৰিহৰে প্ৰাণএশ্বৰ ॥২১
 
সূৰ্য্যকুলে উতপতি অযোধ্যাৰ পতি ।
 
দুখৱতী নাৰী কৰোঁ তোমাত ভকতি ॥২২
 
চৌধয় বৰিষ লাগি তুমি বন যাইবা ।
 
ইজন্মক লাগি মোৰ মানে বুৰুৱাইবা ॥২৩
 
চম্পক কলিকা যেন মোৰ কলেৱৰ ।
 
লুণ্ডি ঘুণ্ডি আছিলাহা যেহেন ভ্ৰমৰ ॥২৪
 
যেবে আসি বিকশিত হৈল ফুল ফল ।
 
উপভোগ এৰি কেনে কৰাঁহা নিষ্ফল ॥২৫
 
সূৰ্য্য অবিহনে যেন নোশভয় দিন ।
 
ৰজনী নোশোভে যেন শশধৰ হীন ॥২৬
 
বসন্ত নোশোভে বিনে কোকিলৰ ৰোলে ।
 
নিষ্ফল জীৱন প্ৰভু তুমি বিনে কোনে ॥২৭
 
সুমৰন্তে প্ৰভু মোৰ লাগে হৃদি খেদ ।
 
বোলোঁ স্বামী দেৱ নকৰিয়ো বন্ধু ছেদ ॥২৮
 
কমন অঙ্গত মোক হীন দেখিলাঁহা ।
 
কি কাৰণে প্ৰভু মোক উপেক্ষিয়া যাহাঁ ॥২৯
 
তোমাক বোলোহোঁ তুমি ৰাজাৰ কুমাৰ ।
 
দাৰুণ বনক কেনে যাইবা একেশ্বৰ ॥৩০
 
যমৰ কৰণ সম দুৰ্গম দুস্তৰ ।
 
সুমৰন্তে হৃদি খেদ গহন গহ্বৰ ॥৩১
 
ৰাঘৱে বোলন্ত সীতা থিৰ চিত্ত কৰাঁ ।
 
আমাৰ বচন তুমি দৃঢ় কৰি ধৰা ॥৩২
 
আমি বন গৈলে দেৱ দ্বিজ আৰাধিবা ।
 
উপবাস ব্ৰতে মোৰ কল্যাণ সাধিবা ॥৩৩
 
ভাই মোৰ সুবোধ ভৰত শত্ৰুঘন ।
 
দেৱ হেন আৰাধিবে সকৰুণ মন ॥৩৪
 
দৰ্প মান এৰি তান চিত্তক তুষিবা ।
 
তেবে অনুৰূপে তোমাক ভৰতে পুষিব ॥৩৫
 
প্ৰভাত সময়ে উঠি চালিবাহা গাৱ ।
 
কৰিবাহা প্ৰণআম আমাৰ বাপ মাৱ ॥৩৬
 
হিত সুহৃদক ছাৰি নেদেখিবা আন ।
 
সব শাশু দেখিবাহা কৌশল্যা সমান ॥৩৭
 
সীতায়ে বোলন্ত প্ৰভু শুনিয়ো বচন ।
 
মোৰ বাক্য হেলা নকৰিয়া দিয়া মন ॥৩৮
 
বাপৰ সুকৃতে পোৰ নুপজয় সুখ ।
 
পোৰ কৰ্ম্মে বাপেকৰো নখণ্ডয় দুখ ॥৩৯
 
স্বামীৰ সুকৃত ভুঞ্জে পতিব্ৰতা জন ।
 
প্ৰভুৰ লগত আৰ শোকে যাইবোঁ বন ॥৪০
 
বনক যাহন্তে আগে মিলিবেক যত ।
 
ভাঙ্গিয়া কণ্টক বন চলিবোঁ আগত ॥৪১
 
মোৰ অভিপ্ৰায় যেন আপনি জানাহা ।
 
অনুগত তেজি অপমানক পাইবাহা ॥৪২
 
কেশৰী কুঞ্জৰ বাঘ ভালুক মহিষ ।
 
তুমি সঙ্গে থাকিতে কৰিবে মোক কিস ॥৪৩
 
নদী নদ দেখিবোঁ বিবিধ সৰোবৰ ।
 
কুমুদিনী নলিনী অনেক মনোহৰ ॥৪৪
 
উত্সুক মনক গোসাঁই নকৰিয়ো ভঙ্গ ।
 
তুমি সমে বনক যাইবাক বৰ ৰঙ্গ ॥৪৫
 
তুমি সমে ভ্ৰমন কৰিবোঁ বন মাজ ।
 
যেহেন স্বৰ্গত শচীদেৱী দেৱৰাজ ॥৪৬
 
ৰত্মময় বিচিত্ৰ পৰ্ব্বত বন দেশ ।
 
বিবিধ পুষ্পিত বন সুগন্ধি নিশেষ ॥৪৭
 
সমুচিত ক্ৰীড়া স্থান কুঞ্জৰ বিশেষ ।
 
কামে সমে ৰতি যেন কৰিবোঁ আশেষ ॥৪৮
 
মাৱে মোক পূৰ্ব্বত শিখাইলা হাতে ধৰি ।
 
নকৰিবা ভোজন স্বামীক পৰিহৰি ॥৪৯
 
সি সব বচন আমি শিৰোগত ধৰোঁ ।
 
নদী বনে তোমাৰ তুলতে অনুসৰোঁ ॥৫০
 
হেন শুনি বুলিলন্ত জগতৰ নাথে ।
 
সীতা দেৱী আগতে আছন্ত হেটমাথে ॥৫১
 
শুন শুন সীতা বোলোঁ জনক জীয়াৰী ।
 
নাৰীসমে বনবাস খাটিতে নপাৰি ॥৫২