সদস্য:Boranitul/মিৰি জীয়ৰী/পঞ্চম অধ্যায় - সোৱণশিৰী নৈৰ বুকুত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
১১১ নং শাৰী:
 
এইদৰে কথা-বতৰা পাতোঁতে পাতোঁতে নাও দুখন পাৰ চাপিল। তেতিয়া সকলো ঘৰা-ঘৰি গল।
 
==পঞ্চম অধ্যায়ৰ মিৰি ভাষাৰ শব্দৰ ভাঙনি==
*(ক) পথালিপাম এই নামেৰে লক্ষীমপুৰ মহকুমাত এখন ঠাই আছে, তাত আজিকালি এখন চাহ-বাগিচাও আছে।
*(খ) গগনা মিৰি গাভৰুহঁতৰ এটি যন্ত্ৰ। সৰু এছাটি বাঁহৰ মূৰত এডাল মুগাৰ সূতাৰ ডোল বান্ধি লয়। বাঁহছটা মুখৰ ভিতৰতে সুমাই ডোলডাল টানিলে ভেকুলীৰ মাতৰ দৰে এটি শব্দ হয়। সেই শব্দতে মিৰি গাভৰুহঁতে বিহু তোলে। যেয়ে সেয়ে নিশিকাকৈ গগনা বজাব নোৱাৰে।
*(গ) নিজ হাতে কৰা ভূঁই-মিৰি গাভৰুহঁতে পৰিয়ালটোৱে বঙা মাটিত বাজেও নিজে নিজে এহালিচা বা দুহালিচা মাটিত কোৰ মাৰি সৰিয়হ বয়। সেই সৰিয়হ বেচি যি ধন পায় সেই ধনেৰে তেল-সেন্দুৰ কিনি পিন্ধে।