সদস্য:Boranitul/মিৰি জীয়ৰী/পঞ্চম অধ্যায় - সোৱণশিৰী নৈৰ বুকুত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
৩৩ নং শাৰী:
এই গীত গোৱা শেষ হলতে পাঁচোজনী গাভৰুৱে কিৰিলি পাৰি হাঁহিব ধৰিলে। তাৰ পাছত কিবমায় নামেৰে আন এজনী গাভৰুৱে কবলৈ ধৰিলে-
 
::"হেৰ পানেই, হেৰ পানেই, তোৰ অলপতে বিয়া হব। কমুদে জোঁৱাই খাটিবলৈ যাব নহয়?"
::পানেই-জানো কব নোৱাৰোঁ।
::কিৰমায়-তই বাৰু পোৱা নাইনে? তই আৰু অলপতে জীয়ৰী গুচিবি, লৰাৰ মাক হবি।
::পানেই-কি ধেমালি কৰ কিৰমায়। মই কালেকো নাযাওঁ। বাৰু গাঁও শুন।
 
:::::::::(১৩)
 
:::::::য়াতিয়ে যে পানী কায় ওলাকে ওলোকি
:::::::ময়ে যে পানী কায় কালত-
:::::::আমিও যে কনেঙ ঐ
:::::::কালৈকো যে নেযাওঁ ঐ
:::::::য়দায় যে তাকিম গৰত।
 
পানেয়ে নাম গোৱা শেষ হল। ৰকমীয়ে মাত লগালে-হয় পানেই-তই কাইলৈকে গুচি যাবিগৈ, তেতিয়া আমাক পাহৰিবি হবলা। তোৰ মুখৰ কথা মুখতেই থাকিল।
পানেয়ে ৰকমীৰ এই কথাৰ উত্তৰ দিবলৈ নৌ-পাওঁতেই দূৰৈত আৰু এখন নাৱত স্পষ্ট মতা গলেৰে কোনোবাই গাব ধৰিলে। পাঁচোজনী গাভৰুৱে কাণ পাতি শুনিব ধৰিলে।
 
:::::::::(১৪)
 
:::::::উজায় যাৱেঁগৈ মোৰে দন কনেঙা-
:::::::কেই দিনত আয়িমে গুৰি-
:::::::পৰমে কম্পালে যদি তাকো বালে-
:::::::তিনি দিনত আয়িমে গুৰি ঐ লায়ৰী-
:::::::তিনি দিনত আয়িমে গুৰি।
 
কোনে এই নাম গালে। এই বিষয়ে মিৰি গাভৰুহঁতৰ ভিতৰত আন্দোলন হৱ ধৰিলে। কাৰ মাত এনেকুৱা! এই কথা এটায়ে ভাবিব ধৰিলে। কিন্তু পানেয়ে এইবিলাক বিষয়ে একোকে নুলিয়ালে। প্ৰণয়িনীয়ে প্ৰণয় তড়িত্-শক্তিৰ বলত বুজিব পাৰিলে এই মাত আন কাৰো নহয়-তাইৰ হৃদয়ৰ ধন চকুৰ মণি-জঙ্কিৰ; তাই হাঁহি হাঁহি সি চাৰিজনী ছোৱালীক কলে-তহঁতে বুজা নাইনে? সেইটো জঙ্কিয়ে গাইছে। তাৰে মাত হৱ পায়। তেতিয়া ৰকমীয়ে কলে, এৰা পানেই, তই জঙ্কিৰ মাতটো বৰিহাকৈ বুজিলি, তাৰে মাত হয়। এই কথন-মথন হোৱাৰ পাছতে পানেয়ে কলে-আমাৰ সেইবিলাক শুনিবৰ সকাম নাই-আহ আমি গাওঁ।
 
:::::::::(১৫)
 
::নৈৰ পানী যে বাঢ়িবৰ বেগি ঐ চেনেঙ ঐ-
:::::নৈ পানী বাঢ়িবৰ বেগি।
:::আগৰটি দিলে ঐ নাচাবি চেনেঙ ঐ-
::::::হবি দুবগীয় মন।।
 
পানেয়ে নাম গাই উঠিল মাথোন, আকৌ দূৰৈৰ পৰা সিহঁতে শুনিব পালেঃ-
 
:::::::::(১৬)
 
:::::::তোকে যে কেনেকৈ ঐ-
:::::::পামে যে মোৰ কনেঙ্ ঐ-
:::::::তোকে যে কেনেকৈয়ে পাম
:::::::হঠাই যে এৰি ঐ-
:::::::পামে গৈ যে কনেঙ্ ঐ-
:::::::মনেমা যে নতঁকা তাঁই।
 
এই নামৰ লগে লগে সিখন নাও আহি মিৰি গাভৰুহঁতৰ নাৱৰ ওচৰ চাপিল। সেই নাৱত থকা মানুহটোৰ সৈতে কথা-বতৰা নৌ হওঁতেই পানেয়ে আকৌ গালে।
 
(১৭)
 
উলটি যে নাচাবি-
পালটি যে নাচাবি মোক
গৰা যে কুমলীয়া পিছলি যে পৰিবি
মোৰে গাত যে নিদিবি দোষ।।
 
এইবাৰ পানেইৰ নাম গোৱাও শেষ হল, নাওখনো আহি সিহঁতৰ নাৱৰ ওচৰ পালেহি। তেতিয়া এটাইকেইজনী গাভৰুৱে কলে, অ তয়েহে?
জঙ্কি-এৰা ময়ে।
ৰকমী-তই কলৈ গৈছিলি?
জঙ্কি-তামেন্ গামৰ চুকলৈ।
ৰকমী-কেলেইনো গৈছিলি?
জঙ্কি-এটা মানুহৰ পৰা মোৰ ৰূপ দহ টকা পাবলগীয়া আছিল। তাকে সাধিবলৈ।
পানেই-পালিনে?
জঙ্কি-আজি নাপালোঁ, কাইলৈ দিম বুলিছে।
পানেই-এতিয়া ঘৰলৈ যাৱনে?
জঙ্কি-পানেই?
পানেই-কি কৱও জঙ্কি?
জঙ্কি-মই আৰু তিনিদিনৰ মূৰত ঘূণাসুঁতিৰ গাঁৱলৈ যামগৈ।
ৰকমী-কেলেইনো যাৱও জঙ্কি?
জঙ্কি-ৰকমী, মই ইয়াত কমুদৰ ঘৰত আছিলোঁ। সি মোক বাৰু নোপোৱাত পৰিছে। সেইদেখি ঘূণাসুঁতিতে মোৰ এঘৰ মাহীৰ ঘৰ আছে, তাকে থাকিম গৈ।
ভাদৈ-তই আৰু আমাৰ গাঁও এৰিলি।
জঙ্কি-এৰা ভাদৈ, কিন্তু মাজে মাজে তহঁতৰ গাঁৱলৈকো আহি থাকিব।
তুলাই-এৰা আহি থাকিবি দেই। তই থকাত বৰ বাৰু আছিল। আমি বৰ ৰঙে-ধেমালিয়ে আছিলোহঁক।
জঙ্কি-কি কৰিম তুলাই। যাব লগাত পৰিলোঁ।
পানেই-জঙ্কি।
জঙ্কি- কি কৱ পানেই?
পানেই-তই যোৱাৰ আগেয়ে এদিন মোক লগ ধৰিবি দেই। তোৰে সৈতে মোৰ এটা কিবা কথা কবলগীয়া আছে।
জঙ্কি-বাৰু পানেই।
এইদৰে কথা-বতৰা পাতোঁতে পাতোঁতে নাও দুখন পাৰ চাপিল। তেতিয়া সকলো ঘৰা-ঘৰি গল।