"সদস্য:Boranitul/মিৰি জীয়ৰী/পঞ্চম অধ্যায় - সোৱণশিৰী নৈৰ বুকুত"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

সম্পাদনা সাৰংশ নাই
 
এনেকুৱা সময়তে এনে মন মোহিত হোৱা কালতে এখন সৰু নাৱত পাঁচজনী মিৰি গাভৰু উঠি সোৱণশিৰীৰ ওপৰেদি নাও বাই বাই যাবলৈ ধৰিছে। পাঁচোজনী দেখিবলৈ বাল, পাঁচোজনীৰ মুখতেই হাঁহি-ধেমালি। পাঁচোজনীৰ গাতে ভাল চাফ-চিকুণ ৰিহা-মেখেলা। সিহঁত উঠা নাওখন ইমান সৰু যে আনকি অইন এতৰপীয়া মানুহে পাঁচোটা দূৰৈতে থাকক তিনিটাও যাবলৈ টান পাব। কিন্তু আমি আগেয়ে কৈছোঁ সোৱণশিৰী আইৰ মিৰি জাতিৰ ওপৰতে চেনেহ বেছি। সেইদেখি মিৰি জাতি সকলোৱে আনকি সৰু তিনি-চাৰি বছৰ বয়সীয়া পৰ্য্যন্ত আইৰ বুকুত ইমান সৰু নাৱতে উঠি নিৰ্ভয় চিত্তে আহা-যোৱা কৰিব পাৰে। যি সময়, যেনে দৃশ্য আৰু মিৰি গাভৰু কেইজনীৰ যেনে গঢ় এটাইবিলাককে একেলগে দেখি এনেহে বোধ হয় যেন সৰগৰ ইন্দ্ৰৰ সভাৰ পৰা পাঁচজনী অপেশ্বৰী মৰ্ত্যলৈ ৰং কৰিবলৈ নামি আহিছে। অথবা পাঁজনী জলকুঁৱৰী পানীৰ পৰা ওলাই ধেমালি কৰিছে। অথবা আই সোৱণশিৰীৰ নিজৰ পেটৰে পাঁচজনী জীয়ৰীৰ বাহিৰলৈ আহি উমলিছে। দুজনী গাভৰুৱে দুই মূৰে বহি বঠা চলাইছে। তিনিজনীয়ে নাৱৰ বুকুতে থিয় হৈ গাইছে, তাৰে এজনীয়ে থিয়ৈ থিয়ৈ বিহু সুৰত গগনা (খ) বজাইছে। আহা! কি মধুৰ গগনাৰ সুৰ। ভেকুলী মাতৰ দৰে গোঁ গোঁ শব্দত চুটি চুটি বিহুনাম উঠিছে। ধন্য মিৰি গাভৰুহঁতৰ এনে এটা সামান্য সঙ্গীত যন্ত্ৰ উলিওৱা বুদ্ধিও। ৩।৪ বাৰ গগনা চলিল। এজনীয়ে গগনা বজাইছে, আন দুজনীয়ে হাতত চাপৰি দিছে। পাঠক! গগনা বজোৱা সেই মিৰি-জীয়ৰীজনী কোন চিনি পাইছেনে? তায়েই আমাৰ পানেই। পাঁচোজনী গাভৰুৱেই নিজ হাতে(গ) কৰা ভূঁই ৰখিবলৈ গৈছিল আৰু এতিয়া গধূলি হোৱাত ঘৰলৈ ফিৰি আহিছে।
 
গগনা বজাই বজাই সুখ নিমিটিল। তেতিয়া ৰকমী নামেৰে এজনী গাভৰুৱে পানেইক কলে- পানেই এটা নাম গা।
পানেয়ে গালেঃ-
 
*:::::::::(১১)
:::::::উজায় নাৱে বোলে মোৰ দন চেনেঙ-
:::::::বামে লৰি মাৰে লেদেঙ-
:::::::চকুৰ পানীৰে গালে তিতি গলে-
:::::::গামত তিতি গলে কাপোৰ-
 
গীত গোৱা শেষ হল। তেতিয়া ৰকমীয়ে পানেইক কলে,-পানেই মই এটা গাওঁ শুনঃ-
২,৪০০

টা সম্পাদনা