সাঁচ:নিৰ্বাচিত লেখা/২০২১/এপ্ৰিল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
"{{নিৰ্বাচিত লেখা ডাউনলোড|পঞ্চৰত্ন}} '''পঞ্চৰত্ন'''-..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

২৩:০৯, ৬ এপ্ৰিল ২০২১ৰ সংস্কৰণ

এই নিৰ্বাচিত লেখাটো EPUB ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো RTF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো PDF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো MOBI ফাইল ৰূপে ডাউনলোড কৰক। ডাউনলোড কৰক!

পঞ্চৰত্ন- লেখক: জ্ঞানদাভিৰাম বৰুৱা, ১৯১৯


“পঞ্চৰত্ন’’ উইলিয়াম শ্বেইকছপীয়েৰৰ পাঁচখন নাটৰ জ্ঞানদাভিৰাম বৰুৱাই অসমীয়ালৈ কৰা সংক্ষিপ্ত ভাবানুবাদ।

লেখকৰ ভাষাৰেই— “ইয়াত ‘ৰজা লিয়েৰ’ (King Lear), ‘তোমাৰ যি ভাল লাগে’ (As you like it), ‘ভেৰোণাৰ দুজন ভাল মানুহৰ কথা’ (Two Gentlemen of Verona), ‘দন্দুৰী দমন’ (Taming of the Shrew), ‘ভূলৰ ধেমালি’ (Comedy of Errors) এই পাঁচ খনৰ কথা আছে। যিসকলে ইংৰাজী নেজানে এই কিতাপ খনি পঢ়িলে মহা কবি শ্যেক্সপিয়েৰৰ এই পাঁচখনি নাটকৰ মূল কথা জানিব পাৰিব এনে আশা কৰো আৰু আশা কৰো আমাৰ সৰু লৰা ছোৱালী সকলোৱে এই কিতাপ পঢ়ি অলপ সোৱাদ পাই তেওঁলোক ডাঙৰ হলে ইংৰাজী কিতাপ পঢ়ি সেই সোৱাদ পূৰা মাত্ৰাত উপভোগ কৰিব। শ্যেক্সপিয়েৰৰ কিতাপবোৰ ইংৰাজী ভাষাৰ অমূল্য ৰত্ন। ‘বাইবেল’ৰ পাছতে শ্যেক্সপিয়েৰৰ গ্ৰন্থবোৰৰ স্থান। সকালো ইংৰাজী জনা মানুহে বাইবেল আৰু শ্যেক্সপিয়েৰ পঢ়া উচিত। কাৰো কৰে বাইবেল পঢ়িবলৈ আপত্তি থাকিব পাৰে— কিন্তু ইংৰাজী ভাষা পঢ়িবলৈ আৰু ভালকৈ জানিবলৈ হ'লে বাইবেলৰ বচনবোৰেৰে সৈতে আমাৰ সুন্দৰৰূপে চিনাকী থকা উচিত। শ্যেক্সপীয়েৰৰ গ্ৰন্থবোৰৰো সৈতে সেইৰূপে চিনাকী থকা উচিত।’’