পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৩৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "এন্ধাৰ বিষাদ গাঁথা এন্ধাৰ বিষাদ গাঁথাৰে সাজি থোৱ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

২৩:৫৭, ২৮ ডিচেম্বৰ ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এন্ধাৰ বিষাদ গাঁথা এন্ধাৰ বিষাদ গাঁথাৰে সাজি থোৱা এই তোৰণৰ তলেৰে তাই সামৰি আনে ৰাতিৰ সমাধি - কেতিয়াবা নিঃসঙ্গতা আৰু কেতিয়াবা উদৰৰ চিন্তাই ঢৌৱাই যায় তাইৰ এই নিচেই সৰু হাৰিকেনৰ শেষ আলোকে উজ্জ্বলাই ৰখা ঘৰটোক বদনামী এন্ধাৰে উদ্যাপিত কৰে তাইৰ কোঠাত ওৰেতো ৰাতি কামনাৰ উৎসৱ কেইটামান মুদ্ৰা বিনিময়ত সলনি হয় জীৱন নামৰ কঁপি থকা এই বাখৰুৱা পৰ্দাখন ভাল মানুহবোৰে ৰাতিৰ এই এন্ধাৰবোৰক কুটি কুটি খাই বদনামী কৰে সেইবাবেই হাৰিকেনৰ শেষ আলোকত জ্বলি থকা তাইৰ চকুহালে এতিয়া ভয় কৰে ৰাতিটোক এন্ধাৰ বিষাদ গাঁথাৰে সাজি থোৱা তোৰণটোৰ তলেৰে তাই গুচি যাব বিচাৰে ৰাতিৰ উৎসৱ সামৰি সমাধিলৈ সেয়ে তাই আজি খিৰিকীখনো বন্ধ কৰি ৰাখিছে। সেউজীয়াৰ দৰে / ২৯