পৃষ্ঠা:একুৰি এটা গল্প.pdf/১৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|{{Xx-larger|সাপ}}}}
{{center|{{X-larger|সাপ}}}}
{{gap}}উশাহ-নিশাহবোৰ যেন তাইৰ বন্ধ হৈ যাব। বুকু ভৰাই বতাহ ল’বলৈ নাক-মুখ উন্মুক্ত কৰিও যেন তাই অকণ বতাহ পোৱা নাই! কিহবাই তাইক চেপিবলৈ ধৰিছে, অদৃশ্য হাতোৰাকেইখনমানে তাইক চেপি-খুন্দি তাইৰ ভিতৰৰ অকণমান জীৱটো বাহিৰ কৰিব বিচাৰিছে। তাই ৰ চাৰিওফালে ৰঙা-নীলা-হালধীয়া বৃত্ত কিছুমান চক্ৰাকাৰে ঘূৰিব লাগিছে, ইমান জোৰে ঘূৰিছে। যে সেই ঘূৰ্ণীজাকৰ মাজত তাই বহু তললৈ, মনিব নোৱৰা তললৈ সোমাই গৈ আছে। আঃ— তাই সাৰ পাই গ'ল! মুখমণ্ডলত ঘামৰ টোপাল। কপাল আৰু কুমৰ চুলিখিনি ঘামতে ভিজি তেতেপীয়া হৈ পৰিছে। আন্ধাৰত তাইৰ ভীষণ ভয় লাগিল। হাত মেলি বেড ছুইচটো টিপি কোঠাৰ লাইটটো জ্বলাই দি তাই অনুভৱ কৰিলে, তাইৰ ডিঙিটো শুকাই কৰ্কৰীয়া মাৰিছে। বিছনাৰ পৰা নামিব খুজিও তাই শিয়ৰি উঠিল। সপোনটোৱে সঁচা ৰূপ লৈ বাস্তৱতো তাইক খেদিবহি নেকি? আহিব নেকি কোনোবাই তাইক নৃশংসভাৱে চেপি-খুন্দি হত্যা কৰিবলৈ! বিছনাৰ পৰা নামিবলৈ ভৰি দুখন তললৈ নমাব খুজিও তাই ৰৈ গ’ল। ওপৰৰ পৰা তললৈ জুমি চালে ফণা মেলি ৰৈ আছে যদি ক্ৰুদ্ধ নয়নেৰে কোনোবা ঘাতক? মুখৰ ভিতৰতে ৰাম নাম লৈ তাই শিশিৰাই থকা দেহেৰে বিছনাৰ পৰা নামি কাষৰ কোঠাতে থকা ফ্ৰিজটোৰ ওচৰলৈ গ'ল। দুৱাৰ খুলি ঠাণ্ডাপানীৰ এটা বটল উলিয়াই ঢক্‌কৈ বহুখিনি খাই অলপ চকু আৰু মূৰত সানি ললে। আঃ, কি ভয়ংকৰ সপোন! যোৱা কেইদিনমান ধৰি এনেধৰণৰ বাৰেবিংকৰা ভয়লগা সপোন দেখি ৰাতি তাই ভালকৈ শুবই পৰা নাই। তাতে আজি তাইৰ গিৰিয়েক ঘৰৰ বাহিৰত। চৰকাৰী কামত তেওঁ ‘হেড অফিচ থকা চহৰলৈ গৈছে। কিন্তু যোৱা কেইদিনমানৰ পৰাহে তাই এই ভয়লগা সপোনবোৰ দেখি আছে? সিদিনাৰ ঘটনাটোৰ পৰিণতি নেকি? তাই মনতে জুকিয়াই চালে! সেই ঘটনাটোৰ লগত তাই সক্ৰিয়ভাবে জড়িত নহৈও যেন তায়েই প্ৰধান জগৰীয়া! তাইৰ বাবেই যেন নিৰীহ প্ৰাণীটোক আসুৰিকতাৰে বধ কৰা হ’ল। সিদিনা মৃতদেহটোৰ ওচৰত ৰৈ যেতিয়া বিভিন্নজনে বিভিন্ন মন্তব্য দিছিল, তেতিয়া মৃতদেহটোৰ আধামুদা চকুহালে তাইলৈ চাই যেন কৈছিল—মই তোমালোকৰ ওপৰত কোনো প্ৰতিশোধ নলওঁ। কিন্তু তোমালোকে মোক বৰ অন্যায়ভাৱে