বন্ধু সুন্দৰ, তোৰ পদুম ফুলীয়া
বন্ধু সুন্দৰ,
তোৰ পদুমফুলীয়া
চৰণ পাহিত
মোৰ অগ্নি বেজাৰৰ
যেতিয়া থলোঁ
মোৰ দুটোপা
হীৰা উজালা
তপত চকুপানী,
তোৰ মহামৌন ওঁঠ দুখনিৰ
বিশ্বমোহন হাঁহিৰ
অগ্নিবৰণ
দিলি মোৰ
বগা কপালত সানি৷
সেই ইন্দ্ৰধনু পিন্ধি মই
আগবিঢ়িছো বিশ্বসভালৈ
সেই মহাসভাৰ গান ৰচিছোঁ
তোৰ পূজালৈ৷
বন্ধু সুন্দৰ!!